কবি ৰাম গগৈৰ জন্ম দিৱস আৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্‌যাপন গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ প্ৰেক্ষাগৃহত

কবি ৰাম গগৈৰ জন্ম দিৱস আৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্‌যাপন গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ প্ৰেক্ষাগৃহত

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলা কবি সন্মিলনৰ সমূহ শাখাৰ সহযোগত, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী ‘পথাৰ’-ৰ কবি ৰাম গগৈৰ জন্ম দিৱস আৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দিনযোৰা কায্যসূচীয়ে অনুষ্ঠিত হয় গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ প্ৰেক্ষাগৃহ অনুষ্ঠিত কৰিবলৈ লৈছে। তদুপলক্ষে পতাকা উত্তোলন কৰে  সদৌ অসম কবি সন্মিলন,সভাপতি ৰাজুমণি বেজবৰুৱাই। স্মৃতি তর্পণ কৰে ৰাম গগৈ প্ৰতিছবিত দীলিপ কুমাৰ শর্মা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিছবিত নৰেন শইকীয়াই।মুকলি সভাৰ সভাপতিত্ব কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাই। আদৰণী ভাষণ প্ৰদান কৰে গোলাঘাট জিলা কবি সন্মিলন সভাপতি অমৰ শৰ্মাই।সভাৰ উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা ড° মানিক শইকীয়াই। উদ্দেশ্য ব্যাখ্যা কৰে  সদৌ অসম কবি প্রধান সম্পাদক পাৰভিজ হুছেইনে।বিশিষ্ট অতিথি উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা, উৎপল দলে, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা বিজয় কুমাৰ স্বৰ্ণকাৰ, সদৌ অসম কবি সন্মিলনৰ আইনী উপদেষ্টা নীল পদ্ম আচায্য, নগৰ প্ৰাধিকৰণৰ সভাপতি সঞ্জীৱ দাস,গোলাঘাট সাংবাদিক সংস্থাৰ সভাপতি,ৰোহিত গগৈ, বেচৰকাৰী বাছ মালিক সংস্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সভাপতি অমিয় বৰা,সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সম্পাদক,জ্যেষ্ঠ সংবাদিক দ্বীপেন দত্ত, সাংবাদিক দীপমণি খাটনীয়াৰ, যুৱ ছাত্ৰ পৰিষদৰ  উপ-সভাপতি জিতুল ৰাজখোৱা,জাতীয়তাবাদী যুব ছাত্র পৰিষদ কেন্দ্ৰীয় উপ-সভাপতি জিতুল ৰাজখোৱাই,নগাঁও জিলা কবি সন্মিলনৰ প্রাক্তন সভাপতি,দিলীপ কুমাৰ নাথ,নগাঁও জিলা কবি সন্মিলনৰ প্রাক্তন সভাপতি দ্বিজেন্দ্রনাথ হাজৰিকা।নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। উক্ত সভাত বিশেষ ভাৱে  সম্বর্দ্ধনা জনায় বিশিষ্ট কবি-নাট্যকাৰ ৰফিকুল হুছেইন,বিশিষ্ট শিল্পী, লোক-সংগীতৰ সাধক ৰুমী শইকীয়া,বিশিষ্ট শিল্পী, লোক-সংস্কৃতিৰ সাধক দিনেশ ৰাভাক স্মৰাক,সম্বৰ্ধনা পত্ৰ, গামোছা আৰু চেলেং । অনুষ্ঠানত অসমৰ বিভিন্ন কাব্যপ্ৰেমীৰ উপস্থিতি থাকি ৰাভাৰ গীত ,কবিতা আবৃত্তি কৰি দুয়োগৰাকী মহান ব্যক্তিৰ স্মৃতি ৰোমন্থণ কৰে।