কবি
লক্ষী প্ৰসাদ ৰেগন
আপুনি পূবলৈ গৈছে। বাকী পশ্চিমলৈ যোৱাৰো
যো জা চলি আছে
আপুনি আপোনাক ভাগ-বটোৱাৰা কৰোতে ক’ৰবাত কিবা এটা গণ্ডগোল হৈছে
পূবত আপুনি পশ্চিমত পৰে ছাঁ
উত্তৰৰ পৰা দক্ষিণলৈ…
ক’ত গণ্ডগোল হৈছে আপুনি নিজকে এবাৰ চাইছে
ওপৰৰ পৰা তললৈ
আপুনি প্ৰতিদিনে একো একোটা কবিতা লিখে
আপোনাক চিনি নোপোৱা মানুহ নাই
তথাপি আপুনি অকলশৰীয়া
সেয়ে আপোনাৰ বাহ্যিক জগতখন যিমান ৰসিক
অভ্যন্তৰ কিন্তু জোনাক বিহীন নিশা
আপোনাৰ অহং ভাব নাই কাৰণ
আপুনি এজন কবি
আপোনাৰ দৃষ্টিত আমি প্ৰত্যেকে একো একোজন কবি
আপুনি সদায় কবিতাৰ ব্যঞ্জন ৰান্ধে আৰু আমি
ইয়াৰ তৃপ্তি লভো
বৰষুণ দিলেই ৰেইন কোটটো আপুনি পিন্ধিব
মই বৰষুণত তিতিম
আপুনি তিতিলে উকা পৃষ্ঠাবোৰ নষ্ট হ’ব
মম টুকুৰা আপুনিয়ে ৰাখক
অহাকালি আঁউসী ততাতৈয়াকৈ এন্ধাৰ নামিব
মোৰ ঘৰৰ খিৰিকীবোৰ অনৱৰতে খোলা
জোনাকী পৰুৱাজাক নিশ্চয় আহিব
আপোনাৰ কবিতাবোৰ সঁচাকৈ পূৰঠ হ’ল
চাৰিওফালে আপোনাৰে গুণ-গৰিমা
আপোনাৰ খোজ কাটল আগতকৈ গহীন-গম্ভীৰ
তথাপি সৰাপাতৰ দৰে নিশ্চুপ মন
আপুনি ক’ৰবাত যেন হেৰাই গৈছে
এই কথা কেৱল আপুনি জানে