কবি বিপুল কুমাৰ দত্তৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ
অসমীয়া সাহিত্যৰ প্ৰগতিশীল ধাৰাটোৰ এগৰাকী সবল প্ৰতিনিধি আছিল কবি বিপুল দত্তঃ লুৰীণজ্যোতি গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা– অসমৰ এগৰাকী বিশিষ্ট কবি, অনুবাদক বিপুল কুমাৰ দত্তৰ অকাল মৃত্যুত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘স্বনামধন্য কবি, অনুবাদক বিপুল কুমাৰ দত্তৰ বিয়োগত আমি শোকপ্ৰকাশ কৰিছোঁ৷ অসমীয়া সাহিত্যৰ প্ৰগতিশীল ধাৰাটোৰ এগৰাকী সবল প্ৰতিনিধি আছিল বিপুল কুমাৰ দত্ত৷ কবিগৰাকীৰ সৃষ্টিৰাজিত প্ৰতিফলিত হৈছিল জনগণৰ আৰ্তি আৰু আৰ্তনাদ৷ তৃতীয় বিশ্বৰ ধাৰণা, বিশ্বায়ন আদি বিষয়ক বৌদ্ধিক মূল্যায়নেৰে কবিতাৰ মাজেৰে নাগৰিকক ক’বলৈ অহোপুৰুষাৰ্থ কৰিছিল কবিগৰাকীয়ে।’’গগৈ আৰু ভূঞাই লগতে কয়, ‘‘অনন্য প্ৰতিভা আৰু সাধনাৰে অসমীয়া কবিতাক নতুন আয়তন প্ৰদান কৰা কবিগৰাকীয়ে অনুবাদৰ ক্ষেত্ৰতো বিশেষ ব্যুৎপত্তিৰে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰিছে৷ অসমীয়া আৰু বাংলা সাহিত্যৰ মাজৰ সমন্বয় আৰু বৌদ্ধিক সম্প্ৰীতিৰ হোতা আছিল বিশিষ্ট কবিগৰাকী। চহা জীৱনৰ পৰা কবিতাৰ বীজ বুটলি তেখেতে অসমীয়া কবিতাক মানুহৰ মাজলৈ লৈ যোৱাত সফল হৈছিল। প্ৰয়াত কবিগৰাকীৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু তেওঁৰ গুণমুগ্ধসকললৈ সমবেদনা জনাইছোঁ৷’’