কবি – অনিন্দিতা কলিতা

Pc URevolution

কবি

অনিন্দিতা কলিতা,
সৃজনগ্ৰাম,বঙাইগাঁও

যদি এগৰাকী কবিৰ হিয়া ভাঙে
ভঙা হিয়াৰ টুকুৰাবোৰ এক গোট কৰি,
বিষাদৰ ভাষাৰে নিগৰি যায় হেজাৰ কবিতা ।
সেই কবিতা মাজেৰে বৈ যায়
হেজাৰ অনুভৱৰ চকুলো,
বৈ যায় হৃদয়ৰ সমস্ত হুমুনিয়াহ,
বগা কাগজে  সাক্ষী হৈ ৰয়,
নীলা কলমটোৰ সৈতে।
শব্দবোৰেও খেল খেলে
আলসুৱা মনটোৰ সৈতে,
শব্দবোৰে গঢ় লয়
এগৰাকী হিয়া ভঙা কবিৰ
হৃদয় বিদাৰক কবিতাৰ ৰূপত ।
শব্দবোৰেও চকুলো বোৱাই
কবিতাৰ ৰূপত ।
অনুভৱবোৰে থূপ বান্ধি ৰয়,
হৃদয়ৰ কোনোবা এটি কোণত।