কবিৰ বৰষুণ
মুহাম্মাদ আফজাল
বছৰৰ প্ৰথমজাক বৰষুণে
গাল-ওঁঠ তিয়াই দিলে।
বৰষুণ আহিলে হয়তো এনেকৈয়ে
ৰোমাণ্টিক কবি মন পুলকিত হয়!
পিছে কল্পনা বিলাসী কবিয়ে পাহৰি যায়
মথাউৰিৰ পঁজাঘৰেই এতিয়া প্ৰজাৰ আশ্ৰয়।
উস্! কবিৰ এই বৰষুণ কামনা
নাগৰিকৰ বাবে যেনিবা নৰক যাতনা!