কবিৰ বাকৰি – এছ ইছলাম

pc-indalo
কবিৰ বাকৰি
                এছ ইছলাম, শিক্ষক, বৰপেটা
মন কৰিলেই ছন
বাকৰি মাটিতেই ধন
মনৰ অনুভৱ অনুভূতিত
সুগন্ধি পখিলাই উজলাই তুলিলে
সাতোৰঙী এই বাগিছাখন।
ৰংবিৰঙৰ তেউ-হালধীয়া পখিলাই
পাখি মেলি উৰি উৰি আহে
সুগন্ধি যুক্ত কবিৰ বাকৰিখন লৈ
তাতেই উজলি উঠে কবিৰ হৃদয়খন।
কবিৰ বাকৰিৰ চৌদিশে বিয়পি পৰে
সুগন্ধি কুসুম মণ্ডিত মৌমাখি
তাকে দেখি কলিয়া ভোমোৰাই
উৰি উৰি ফুৰে বলিয়াৰ দৰে
কবিৰ বাকৰিৰ আশে পাশে।