কবিবোৰ হেনো দুৰ্দান্ত প্ৰেমিক – ইভা গন্ধীয়া ফুকন

PC - AARP
কবিবোৰ হেনো দুৰ্দান্ত প্ৰেমিক
ইভা গন্ধীয়া ফুকন
প্ৰতিজন কবিৰ ভাৱনা , শব্দৰ ঝংকাৰ একে নে
নিশ্চয় নহয়, প্ৰতিজন কবিৰ বুকুত
শব্দবোৰ আচহুৱাকৈ বাজে
নিজান ৰাতিৰ পথিকক
জোনাকীয়ে পথ দেখুৱাই
কবিৰ ওচৰলৈ যায়
নিঃসংগতা, চৰাইৰ কোলাহল
দোঁ খাই থকা বাঁহনিৰ
বতাহত ঝিৰিক ঝিৰিক মাত
ঠিয় পৰ্বতৰ পৰা বৈ অহা
নিজৰাৰ শব্দবোৰ সুৰ হৈ কাণত বাজে
নাঙঠ অপাপ শিল্পৰ মাজতো
বিচাৰি পায় অপৰূপ সৌন্দৰ্য
প্ৰতিজন কবিৰ বুকুৰ শব্দবোৰ সুকীয়া
যিমানেই শব্দ নাহক
যিমানেই শব্দৰ সন্ধানত
কবিয়ে চিতকাৰ নকৰক
কবিবোৰ মাতাল পথিক
তেওঁ আদিম
প্ৰচণ্ড ধুমুহাকো আওকাণ কৰি
ব্ৰহ্মাণ্ডৰ ইমুৰৰ পৰা সিমুৰলৈ
তেঁও গৈ থাকে
কবিবোৰ হেনো দুৰ্দান্ত প্ৰেমিক
তেঁও প্ৰেমত পৰে স্বৰ্গীয় অনুভৱে
নাথাকে তাত কামনা বাসনাৰ গোন্ধ
তেঁওৰ মুখৰ কথাবোৰ থাকি যায়
ৰজনীগন্ধাৰ সুখত, বতাহত
শেৱালিৰ সুগন্ধত, পখিলাৰ পাখিত
নীলিম আকাশৰ তৰাৰ মাজত
কবিবোৰে নিতিতাকৈ নদীত সাতুৰিব পাৰে
অক্সিজেনৰ মোনা নোলোৱাকৈ
সাগৰ তলিত মানিক বিচাৰিব পাৰে
ভিক্ষাৰী কবিয়েও
নিশাৰ ভিতৰত সোণৰ কাৰেং সাজে
কবিবোৰে নিঃস্বাৰ্থভাৱে সহজে প্ৰেমত পৰে ।