“কবিতা হয় যদি হওঁক নহয় যদি নহওঁক”…. বুলি কোৱা চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিষয়ে অকণমান অনুভৱ
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
বিষয়বস্তু যথেষ্ট মনোগ্ৰাহী অকণমান লিখিবলৈ প্ৰয়াস কৰিলোঁ।
বিশিষ্ট সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা দেৱ মোৰেই নহয় সকলো অসমীয়াৰ প্ৰিয় লেখক আছিল। খুহুতীয়া সম্ৰাট নামেৰে পৰিচিত। সেই সময়ত অসমীয়া ৰক্ষণশীল সমাজত খুব নীতি নিয়ম নিৰ্ধাৰণ কৰা আছিল ।যেনেকৈ তেনেকৈ কথা কোৱা বা হাঁহি ধেমালি দোষণীয় বুলি ভাবিছিল ।গতিকে অসমীয়া সমাজখনক খুহুতীয়া ধেমালি কৰা এক নতুন ধাৰা ৰস তেখেতে আনিছিল নিজৰ লেখাৰ,জৰিয়তে।কৃপাবৰ বৰুৱা,বুঢ়ী আইৰ সাধু ইত্যাদি অন্যতম ।
তেখেতে অসমীয়া ভাষা উন্নতি সাধনৰ কাৰণে যথেষ্ট কষ্ট কৰিছিল। জোনাকী যুগৰ ত্ৰিমূৰ্তি ভিতৰত তেওঁ অন্যতম। লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম ১৮৬৪ চনৰ ১৪অক্টোবৰ আহঁত গুৰি নামে ঠাইত। দেউতাক এগৰাকী মুন্সিফ আছিল ।ইংৰাজৰ অধীনত চাকৰি কৰিছিল। দেউতাকৰ কৰ্মসূত্ৰে নগাঁওৰ পৰা বৰপেটালৈ বদলি হৈছিল । তেতিয়াৰ দিনত যান- বাহন আৰু বাট পথৰ তেনেকৈ সুবিধা নাছিল। গতিকে নৌকাৰে পৰিয়ালৰ সৈ গৈ থাকোঁতে ৰাতি হোৱাত আহঁতগুৰি নামে ঠাইত নৌকা ৰখালে তাতেই লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। সেই দিনা পূৰ্ণিমাৰ ৰাতি লক্ষ্মীপূজা আছিল ।সেই কাৰণে তেখেতৰ নাম লক্ষ্মীনাথ ৰাখিলে।
তেওঁৰ বৰপেটা,তেজপুৰ ,কলিকতা ইত্যাদি ঠাইত নিজৰ শৈশৱ কৈশোৰ যৌৱন অতিবাহিত হয় । শিক্ষাৰ কাৰণে সেই ঠাইবোৰৰ বিশেষত্ব আছে।১৯ ৩৮চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হৈছিল ।তেখেতৰ মৃত্যুত বৃহৎ অসমীয়া জাতিৰ অপূৰণীয় ক্ষতি অনুভৱ কৰিছিল এতিয়াও কৰে।
