‘‘কবিতা কবিতা লগা গান’’ শীৰ্ষক এটি শ্ৰুতিমধুৰ গীতৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ উন্মোচন

‘‘কবিতা কবিতা লগা গান’’ শীৰ্ষক এটি শ্ৰুতিমধুৰ গীতৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘‘গানৰ মাজৰ মিঠা সোৱাদটো বৰ্তমান সময়ত ক’ৰবাত যেন হেৰাই গৈছে ৷ যিটো প্ৰয়োজনীয়৷” অলপতে গুৱাহাটী প্ৰেছ ক্লাবত তনুজা চেতীয়াৰ কণ্ঠৰ ‘‘কবিতা কবিতা লগা গান’’ শীৰ্ষক শ্ৰুতিমধুৰ গীতটিৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ এটি উন্মোচন কৰি প্ৰখ্যাত কণ্ঠশিল্পী মনীষা হাজৰিকাই আবেগিকভাৱে এইদৰে ব্যক্ত কৰে। লগতে সংগীতৰ শ্ৰুতিমধুৰতাৰ যি ধাৰা সেয়া ‘কবিতা কবিতা লগা গান’ শীৰ্ষক গীতটিয়ে সুন্দৰভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে গীতটিৰ সংগীতকাৰ, গীতিকাৰ, সুৰকাৰ মানস হাজৰিকা, ভিডিঅ’ পৰিচালনা তথা সম্পাদনাৰ কাম কৰা অন্তৰীপ হাজৰিকা তথা গীতটি সাৱলীল অভিনয়েৰে প্ৰাণময় কৰি তোলা নীল দাস আৰু মেঘৰঞ্জনী মেধি আদিকো মনীষা হাজৰিকাই ভূয়সী প্ৰশংসা কৰে৷

একেধাৰে বিশিষ্ট ফেশ্বন ডিজাইনাৰ, ৰেইকিৰ গ্ৰেণ্ডমাষ্টাৰ তথা কণ্ঠশিল্পী তনুজা চেতীয়াই জনোৱা মতে, গীতটি মুক্তি পোৱাৰ ১৪ বছৰ পাছত ভিডিঅ’ ৰূপ পোৱা কথাটোৱে শিল্পীগৰাকীৰ এটি দীৰ্ঘদিনীয়া সপোন দিঠকত পৰিণত কৰিছে৷ এটা মধুৰ, সুবাসিত সোঁৱৰণ, এটা মিঠা স্মৃতি এই গীতটিৰ দ্ধাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। অনুষ্ঠানটিৰ মাজতে বিশেষ ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱৰা কণ্ঠশিল্পী জে.পি. দাসেও এটি ভিডিঅ’ ক্লিপযোগে গীতটিৰ শিল্পী আৰু কলা-কুশলীসকললৈ শুভেচ্ছা আৰু আশিষ জনায়৷ দৃশ্য-শ্ৰাব্য সংস্কৰণটিৰ চিনেমাট’গ্ৰাফাৰ ছাজ্জাদ হুছেইন, মেকআপত আছে ৰেচমিনা য়েছমিন, সন্ধ্যা বড়ো আৰু মিনতি ডেকা৷ গীটাৰত ড॰ মৃণাল দাস৷ ‘কবিতা কবিতা লগা গান’ৰ মিক্সিঙৰ কাম কৰিছে লহৰ ডিজিটেলে৷

অনুষ্ঠানটিত গীতটিৰ সৈতে জড়িত কলা-কুশলীসকলৰ উপৰিও সমাজকৰ্মী অঞ্জু গগৈ, কণ্ঠশিল্পী চাজু আহমেদ আৰু ভয়চ অৱ ইণ্ডিয়াৰ বিজয়ী মানসী চহৰীয়া উপস্থিত থাকে৷ মনমৰমী মহন্তই আঁতধৰা অনুষ্ঠানটিক অধিক জীপাল কৰি তোলে মানসী চহৰীয়া কণ্ঠৰ ড॰ ভূপেন হাজৰিকাৰ এটি গীতে৷