কবিতাৰ মহাৰণ – এছ ইছলাম

কবিতাৰ মহাৰণ
 এছ ইছলাম, শিক্ষক 
         বালিকুৰী বৰপেটা 
কাব্য জগতত
কবিতাৰ মহাৰণ
অকবিৰ নৱজাগৰণ
কেৱল ভাৱ জগতত
কৰে বিচৰণ।
কত যে বানান বিসংগতি
ভাৱৰ নাই সংগতি
সেই লৈ নাই মন
লেখিব পাৰিলেই যেন
মহা কবিৰ উদ্ভাৱন।
ক্ষুদ্ৰ এটা লিখনিত
বানান বিসংগতি অগণন
সেয়ে লিখনিটো  হয়
অকবিতাৰ মহাৰণ।
নাই লিখনিত আৱৰণ
নাই ৰহস্যৰ সমাহাৰ
সামৰণিৰ হাহাকাৰ
ভাৱ-ছন্দৰ হয় মৰণ।
বানান বিসংগতিৰ আলোৰণ
শুদ্ধতাৰ নাই স্থান
অকবিতাই কবিতা যেন
বৰ্তমান জগতত
আলোচনী-কাকতেই প্ৰমাণ।