কন্যা সন্তান বোজা নহয় আমাৰ গৌৰৱ –  ইভা গন্ধীয়া ফুকন

PC - IIFL Insurance

কন্যা সন্তান বোজা নহয় আমাৰ গৌৰৱ

 ইভা গন্ধীয়া ফুকন

উঠোতে -বহোতে , খাওঁতে -শুওঁতে সকলোতে বাল্য বিবাহ । ২০০৬ চনতে বাল্য বিবাহ নিষিদ্ধকৰণ আইন প্ৰনয়ণ কৰা হয় যদিও বাল্য বিবাহৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা পোৱা নাছিলোঁ। বৰ্তমানৰ চৰকাৰে লোৱা ব্যৱস্থা শলাগনিয় যদিও কিছু কিছু ক্ষেত্ৰত বিচাৰ্যৰ প্ৰয়োজন। বৰ্তমান যি সকলক আইনী প্ৰক্ৰিয়াত সাঙুৰিছে সেই সকল বৰ্তমান প্ৰাপ্তবয়স্ক হৈ ঘৰ সংসাৰ কৰিলে । তেনে ক্ষেত্ৰত পৰিয়ালৰ সেই ব্যক্তি জনক যদি জেলত ৰাখে পৰিয়ালটোৰ অৱস্থা কি হ’ব ? যদি সেইজনেই পৰিয়ালৰ একমাত্ৰ উপাৰ্জকাৰী তেন্তে পৰিয়ালটো পানীত হাঁহ নচৰা অৱস্থা হ’ব। বাল্য বিবাহৰ বাবে আমাৰ সমাজ ব্যৱস্থা দায়ী নহয়নে ? ইয়াত বাল্য বিবাহৰ কথা লিখিব খোজা নাই বাবে ইমানতে এই প্ৰসঙ্গ সামৰিলো ।কন্যা সন্তানৰ প্ৰতি আমাৰ সমাজত জন্মলগ্নৰে পৰা লাগি আহে বৈষম্য।বহু পৰিয়ালত কন্যা সন্তান জন্ম হ’লে স্ফুতি কৰা দেখা নাযায়। যদি আগৰ সন্তানটিও কন্যা তেন্তে বংশ ৰক্ষা কৰিব কোনে ল’ৰাহে এটি হ’ব লাগিছিল । জন্মদাত্ৰী গৰাকীৰ যিটো সময়ত স্বাস্থ্যৰ যতনৰ ওপৰত গুৰুত্ব পাব লাগে , সেই সময়ত সুস্থ মন হোৱাটো খুবেই প্ৰয়োজনীয়। সুস্থ মনে সুস্বাস্থ্যৰ অধিকাৰী। কন্যা সন্তান জন্ম হ’ল বুলি দুখ কৰাৰ যুক্তি নাই ।কোনে জানে তাইৰ ভবিষ্যত কি । চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও কন্যা ভ্ৰূণ হত্যাৰ দৰে কাৰ্য চলি থকাটো পৰিতাপৰ কথা । আমাৰ সমাজত এই বৈষম্যৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে নিজৰ ঘৰখনৰ পৰাই পুত্ৰ -কন্যাৰ বৈষম্য আঁতৰাব লাগিব ।সন্তান সদায় সন্তানেই ,লিঙ্গ বিভাজন নকৰি প্ৰকৃত মানুহ হিচাবে গঢ় দিবলৈ যত্ন কৰাটো সকলো অভিভাৱকৰ দায়িত্ব ও কৰ্তব্য । সমাজৰ পৰম্পৰাৰ দোহাই দি কন্যা সন্তানৰ ওপৰত কামৰ বিভাজন আনিব নালাগে।আমাৰ সমাজ ব্যৱস্থাত ল’ৰা ছোৱালী সদায় পৃথক দৃষ্টিৰে চোৱা হয় । বহু ক্ষেত্ৰত ল’ৰাতকৈ ছোৱালীক বেছি শাসন কৰা দেখা যায়। ফুৰা -চকা ক্ষেত্ৰত ল’ৰাক মুক্ত ভাৱে যাব দিওঁ কিন্তু ছোৱালীজনীক সেই ক্ষেত্ৰত কম আজাদী দিয়া হয় । অভিভাৱকৰ উদাসীন মনোভাৱৰ বাবে ল’ৰা কেতিয়াবা বিপথে যোৱা দেখা যায়।আমাৰ ভাৰতীয় জনমানসত এগৰাকী কন্যা সন্তানে সন্মুখীন হোৱা বাধা বিঘিনি আৰু লিঙ্গ বৈষম্যৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্য কৰি ২০০৮ চনৰ পৰা ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰি অহা হৈছে । কন্যা সন্তানৰ অধিকাৰ,শিক্ষা, স্বাস্থ্য আৰু পৰিপুষ্টিৰ বিষয় সমূহৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে সজাগতা সৃষ্টি কৰাৰ মূল লক্ষ্য হিচাপে লৈ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। ২৪ জানুৱাৰী দিনটো প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে । এই আধুনিকতাৰ দিনত বিজ্ঞান আৰু প্ৰযুক্তিৰে বিশ্ব ব্ৰহ্মাণ্ড চালি জাৰি চাব পৰা দিনত কন্যা দিৱসৰ আয়োজন আমাৰ দেশৰ সমাজ ব্যৱস্থাৰ স্বৰূপটোকে উদঙাই দিয়া যেন হে অনুমান হয় ।আমি কিমান সজাগ সচেতন আমাৰ কন্যা সন্তানৰ প্ৰতি ? এই দিৱসৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল ? এতিয়াও সম দৃষ্টিয়ে চাব পৰা নাই কিয় আমাৰ ল’ৰা ছোৱালীক ।কন্যাক হেয় জ্ঞান কৰি অহা হৈছে আমাৰ সমাজত । সেয়ে কন্যা সুৰক্ষিত নহয় আজিৰ সমাজত ।যাৰ ফলত অপ্ৰীতিকৰ ঘটনা সমূহ প্রায়ে ঘটিব ধৰিছে ।খোৱা বোৱা ক্ষেত্ৰটো প্ৰথমে ল’ৰাটোক প্ৰাধান্য দিয়া হয় ।যদিও ছোৱালীৰ অধিক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন । যিহেতু ছোৱালী পুস্পিতা হোৱাৰ পিছৰ পৰা ঋতুস্ৰাৱ প্ৰক্ৰিয়া চলি থাকে প্ৰকৃতিৰ নিয়ম অনুসৰি ।নাৰীক প্ৰকৃতি বুলি গণ্য কৰা হয় ।পুৰুষ প্ৰকৃতি উভয়ে উভয়ৰ পৰিপূৰক।শাস্ত্ৰত কৈছে “পুৰুষ প্ৰকৃতি হৈবা একমতি তেবেহে সিজিব হৰিত ভকতি ।” প্ৰকৃতিৰ দ্বাৰাই সৃষ্টি প্ৰবাহমান । সৃষ্টিৰ বিহনে সকলো অসাৰ । তেনে কিয় এই বৈষম্য ? বাল্য বিবাহ এৰাই চলিব লাগিব । ফুলকুমলীয়া কন্যাটিক পুষ্টিহীনতা, এনিমিয়া আদিৰ পৰা বচাই ৰাখক । কন্যা নামৰ ফুলপাহিক অকালতে মৰহাই নেপেলাব । পূৰ্ণাঙ্গ এপাহি ফুলেৰে সৌৰভ বিলাব পাৰে । কন্যাৰ প্ৰতি আদৰ সন্মান তথা পুত্ৰ সম দৃষ্টিৰে চালে নিশ্চয় ধৰ্ষণ ,লুণ্ঠন আদি কাৰ্য কিছু কমিব । কন্যা নহয় ভোগৰ সামগ্ৰী আমাৰ গৌৰৱ হৈ থাকিব দিয়ক ।নহয় কন্যা সন্তান আমাৰ বোজা ।ফুল কুমলীয়া কন্যা কিয় ধৰ্ষণৰ বলি হ’ব লগা হয় ? চৰকাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছে ।অকল চৰকাৰে আমাৰ কু-কৰ্মসমূহ দুৰ কৰিব নোৱাৰে যদিহে সমাজ সজাগ সচেতন নহয় । পৰম্পৰাৰ দোহাই দি এগৰাকী ছোৱালীৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া উচিত নহয় । ছোৱালীক শিক্ষিতা হৈ আত্মনিৰ্ভৰশীল হ’ব দিয়ক দেখিব পৰিয়ালৰ লগতে সমাজ সংস্কাৰ হৈ উন্নতিৰ জখলাত বগাই আমাৰ সভ্যতা সংস্কতি উজ্জ্বলি উঠিব ।যি সময়ত মহিলা দেশৰ শাসনভাৰৰ সৰ্বোচ্চ আসন অলংকৃত কৰিব পাৰিছে সেই সময়তো “বেtটী বচাও বেটী পঢ়াও ” শ্ল’গানৰ প্ৰয়োজন ? কন্যা সন্তান বোজা নহয় আমাৰ গৌৰৱ হৈ থাকিব দিয়ক।