কন্যা শিশু সকলৰ বাবে এদিন- সত্যজিৎ গগৈ

কন্যা শিশু সকলৰ বাবে এদিন
শিশু সকলক ভগৱানৰ লগত তুলনা কৰা হয়।শিশু সকলৰ মন কোমল,শুদ্ধ আৰু সঁচা।বহু সমাজত যেতিয়া এখন ঘৰত ল’ৰা সন্তান জন্ম হয়।তেতিয়া ঘৰখন উৎসৱ মূখৰ হৈ পৰে।আনহাতে কন্যা সন্তান জন্ম হলে লেই-লেই চেই-চেই হয়।মাতৃগৰাকীক সময়ে-অসময়ে গালি-গালাজ কৰা হ’য়।মাতৃগৰাকীয়ে যদি আগতীয়াকৈ জানিল হেঁতেন।তেতিয়া নিশ্চয় ল’ৰা সন্তানহে জন্ম দিলে হেঁতেন।বহু মানুহৰ এনে ধৰণৰ নেতিবাচক মনোভাৱ আজিও সমাজ বিশেষে দেখিবলৈ পোৱা যায়।আমি বিচাৰো যে প্ৰতিটো শিশুৱেই সম অধিকাৰ পাব লাগে আৰু সমানে সমানে মৰম-চেনেহ,আদৰ-সাদৰ পাব লাগে।এই উদ্দেশ্যেই ২০০৮ চনৰ ২৪ জানুৱাৰীৰ পৰা “ভাৰত চৰকাৰৰ নাৰী আৰু শিশু বিকাশ মন্ত্ৰালয়ে” “ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱস” আয়োজন কৰি আহিছে। লিংগ বৈষম্যতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাই হৈছে উক্ত দিৱসৰ মূল লক্ষ্য।লগতে কন্যা সকলৰ শিক্ষা,স্বাস্থ্য আৰু পুস্তিৰ গুৰুত্বৰ বিষয়ত সজাগতাও সৃষ্টি কৰা হ’য়।সমাজত ল’ৰা বা ছোৱালী বুলি কোনো ধৰণৰ ভেদাভেদ থাকিব নালাগে।আজিৰ দিনত ল’ৰাৰ সমানে ছোৱালীও আগবাঢ়ি গৈ নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।ছোৱালীয়ে কি কৰা নাই এবাৰ চাওকচোন।দেশ চলোৱাৰ পৰা এৰোপ্লেন্ চলোৱা লৈকে।সৈন্য বাহিনীৰ পৰা আৰক্ষী প্ৰশাসনলৈকে সামাজিক,অৰ্থনৈতিক,ৰাজনৈতিক,সাংস্কৃতিক আদি সকলো দিশতেই পুৰুষৰ সমানে সমানে নাৰীয়েও  কাম কৰি আহিছে।গতিকে বহু সমাজত কিয় আজিও নাৰীক সম অধিকাৰ দিব নোখোজে।ই এক গভীৰ প্ৰশ্ন।গোলকীকৰণৰ যুগত এতিয়াও অ-শিক্ষিত  সমাজ আছেনে!যি কি নহওক প্ৰতি বছৰৰ ২৪ জানুৱাৰি তাৰিখটো কেৱল কন্যা শিশুসকলৰ বাবে।
সত্যজিৎ গগৈ
নাহৰকটীয়া, ডিব্ৰুগড়