কন্যা শিশুৰ বিননি – ৰূপ চিং তিচ’

PC- iStock
কন্যা শিশুৰ বিননি
ৰূপ চিং তিচ’, কাৰ্বি আংলং
মা,
মই ইমানেই দোষী নে
যাৰ বাবে দেউতাই
বিসৰ্জন দিব বিচাৰে,
তোমাৰ দেহত
যেতিয়া ভ্ৰুণ হৈ আছিলো
মোৰ যে কিমান সপোন
ভাবি বৰ ভাল লাগিছিল
মইও যে সহবাস কৰিম
তোমালোকৰ পৃথিৱীত,
দিন গৈ মাহ বাগৰিল
আৰু এদিন
মইও ভূমিস্থ হ’লো
পিছে এই ধৰাত ভৰি দিয়েই শুনিলো
দেউতাৰ গৰ্জন
মা হৈও তুমি ইমান নিষ্ঠুৰ!
কলা পলিথিনত ভৰাই
মোক থৈ দিলা ডাষ্টবিনত
এবাৰো নুশুনিলানে মোৰ ক্ৰন্দসী বিননি…
কিদৰে
ভৌ ভৌ কৰি খেদি ফুৰিছিল
বাটৰ কুকুৰবোৰে।