কন্ঠশিল্পী,শিক্ষাবিদ ড° লক্ষ্যহীৰা দাসৰ মৃত্যুত ৰাইজৰ দলৰ শোক

কন্ঠশিল্পী,শিক্ষাবিদ ড° লক্ষ্যহীৰা দাসৰ মৃত্যুত ৰাইজৰ দলৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথিতযশা গীতিকাৰ, কবি, কন্ঠশিল্পী তথা শিক্ষাবিদ ড° লক্ষহীৰা দাসৰ আজি পুৱতি নিশা গুৱাহাটীৰ ৰাজগড়স্থিত নিজা বাসগৃহত ৯৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় তেওঁৰ বিয়োগ অসমৰ শিক্ষা ক্ষেত্ৰৰ লগতে সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি। উল্লেখ্য যে ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত শুৱালকুছিত জন্ম লাভ কৰা লক্ষহীৰা দাস অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, কবি, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী তথা শিক্ষাতত্ত্ব বিভাগৰ বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতাও আছিল । সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰা অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা, সংগীতাচাৰ্য উপাধি, অসম চৰকাৰৰ শিল্পী বঁটা, ভূপেন হাজৰিকা বঁটা, সংগীত নাটক একাডেমীৰ লগতে বহু সন্মানেৰে বিভূষিত লক্ষহীৰা দাসৰ মৃত্যুত ৰাইজৰ দলে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আৰু গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰে।