কনভনী –  নিতুল নাথ

কনভনী

 নিতুল নাথ
নেমুগুৰি শিৱসাগৰ

আকৌ এবাৰ লৈ গ’লি
সৌ সিদিনা , সিদিনা লাগি থকা
হেঁতালি খেলি দুৱৰিত বহি থকা দিনবোৰলৈ।
গ’মেই নাপালো
গতিশীল সময়ৰ প্রৱল সোঁতত
কেনেকৈনো অতিবাহিত হ’ল কুৰিটা বসন্ত।
তই তেনেই সৰু আছিলি কনভনী
তোৰ আঢ়ৈ বছৰ বয়সতে আইয়ে,
পিতাইৰ অন্তৰত কৰুণ কান্দোন এটা গুজি দি,
এৰি যোৱা পিছৰ পৰা
পিতাইয়ে হৈ পৰিল তোৰ বাবে ‘আই।
পত্নীক হেৰুৱাই পিতায়ে আমাৰ মাউৰা মুখ কেইখন
চাব নোৱাৰি লুকাই  ,লুকাই কান্দি ফুৰিছিল।
তই আমনি কৰোঁতে, টোপনি নাহিলে
পিতায়ে মূৰত হাত বুলাই  ,বুলাই
নিচুকণি গীত গাই তোৰ টোপনি আনিছিল।
তোক বোকোচাত লৈ জিঞাঁ খেদি , খেদি,
ঢকুৱাৰ ৰেলগাড়ীত ধূলি-বালি মৃসন কৰি,
পুতলাৰ দৰা-কন্যা খেলি
কত যে ,কি নকৰিছিলোঁ তোৰ আনন্দৰ বাবে।
এফালে পিতাইৰ অন্তৰত আইক হেৰুৱাৰ বেদনা
আনফালে আঢ়ৈ বছৰীয়া তোক এৰি কর্ম কৰিব নোৱাৰা  কিম্বা
অভাৱ-অনাটনৰ শুকান মৰুৰ মাজেদি আমাক
ডাঙৰ-দীঘল তথা জীৱন গঢ় দিয়াৰ প্ৰচেষ্টাৰ বাসনা।
তোক ডাঙৰ কৰিবৰ বাবেই মই
পঢ়াশালি শিক্ষাৰ পৰা আঁতৰি আহিছিলোঁ।
সৌ সিদিনাহে তই গাভৰু হৈছিলি !
দায়িত্ব আৰু কৰ্তব্যৰ তাড়নাত বোজা বৈ ,বৈ
পিতাইৰ ভাগৰুৱা আৰু নিঠৰুৱা দেহাটোক
সকাহ দিবৰ বাবে পৰিশ্ৰমৰ সোঁতত
কেতিয়ানো অতিক্রম হ’ল সময়বোৰ
গ’মেই নাপালো।
এজোলোকা উৰুলিৰে আয়তীয়ে
কেঁচা  মাহ-হালধিয়ে  নোৱাই- ধোঁৱাই
তোৰ কঁপালত ৰঙা বেলিটো আঁকি দি
যিমানেই আদৰিছে তোক,
মোৰ বুকুখনত সিমানেই কিহবাই হেঁচা মাৰি ধৰিছে।
এটা অব্যক্ত, অপ্রকাশিত , নির্মম
তোৰ বিচ্ছেদৰ কৰুণ বাস্তৱ সত্যক সম্ভাষণ জনাওঁতে
যন্ত্ৰণাৰ কৰুণ টুকুৰা-টুকুৰ ভগ্ন কন্ঠস্বৰ
যেন আজি বোবা হৈ পৰিছোঁ।
যাবৰ সময়ত তই কৰুণ আৱেগ ঢালি নাকান্দিবি
মই সহিব নোৱাৰিম,
পিতাইক  চম্ভালিব নোৱাৰিম অ,
কুশলে থাকিবি,
পিতাই পুৰাণৰ বাণীবোৰ স্মৰণ কৰি
আগবাঢ়ি যাবি।