কনচেং – মুন ৰাজবংশী

( সপ্তম খণ্ড )

কনচেং

মুন ৰাজবংশী
নলবাৰী হাঁহদলী

কনচেঙৰ দুচকুত অশ্ৰুৰ টোপাল দেখি লাংথুলুই প্ৰথমে আচৰিত হৈ পৰিছিল! কিন্তু লাহে লাহে তাইৰ কান্দোনত ভাঁহি আহিছিল গোঁসাইৰ সম্মুখত তেওঁ বুলি সম্বোধন কৰা এটি শব্দ। লাংথুলুই কোন কাহানিও শুনা মনত নপৰে তেওঁ বুলি সম্বোধন কৰা কনচেঙৰ মুখত। কিন্তু আজি এই সম্বোধন কাক কৰিছে তাই! কোনেনো তাইৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰা নাই। কোন হ’ব পাৰে সেইজন! সেই লোকজন নো কোন? তাক জনাৰ হেঁপাহত চটফটাই ইফালৰ পৰা সিফাললৈ ঘুৰি ফুৰিছে কোঠাটোৰ ভিতৰত লাংথুলুই। হঠাৎ কান্দোন বন্ধ কৰি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহি মোৰ সম্মুখত উপস্থিত হৈ মোৰ মুখলৈ চাই আছে একেথৰে।
ঃ কি হ’ল! কিবা সমস্যা হৈছে নেকি? এনেকৈ যে চটফটাই আছ আজি!
ঃ নাই! নাই! একো হোৱা নাই। কিবা এটা খুজিও ক’ব নোৱাৰোঁ তাইৰ সম্মুখত ।
ঃ হুম এইয়া ল’ তই হয়তো বহুদিন ভালকৈ খোৱা বোৱা কৰিব পৰা নাই ,মই তোৰ মুখখন দেখিয়েই বুজি পাইছোঁ।
বুজি নাপাও মই কনচেঙক। তাই মোৰ মুখখন দেখিয়েই কেনেকৈ বুজি পায় মোৰ মনৰ কথা বোৰ ভাবি আচৰিত লাগে তাইক! তাই হয়তো কিবা এটা বাৰে বাৰে ক’ব খুজিও ক’ব পৰা নাই! তাই নিজকে কেনেকৈ ইমান সংযত কৰি ৰাখিব পাৰে! কি অদ্ভুত তাইৰ এই দেহৰ শক্তি। এই শক্তি হয়তো আন কাৰোবাৰ ওচৰত খুব কম দেখা যায়। কথাবোৰ ভাবি থাকোতেই থালিখনৰ খোৱা বস্তু বোৰ কেতিয়া খাই শেষ কৰি পেলালো গমকে নাপালো! মোৰ সম্মুখত থালিখন খালি হোৱা দেখি আৰু কিবা আনি দিম নেকি বুলি কনচেঙে মাত দিলে। মই আৰু একো নালাগে বুলি মুৰটো জোকাৰি দিলো। পূৰ্ণিমা আকাশাৰ শুভ্র জোনটোৱে সেউজীয়া পৃথিৱীৰ সুকোমল কোলাত সিঁচি দিছে তাৰ ৰশ্মিকণ। পূৰ্ণ জোনটোৰ আভাত প্ৰতিটো বস্তু স্পষ্ট হৈ জিলিকি উঠিছিল চকুৰ সম্মুখত। শান্ত সমাহিত হৈ বৈ থকা নৈখন, গছবোৰ, ঘৰবোৰ, শুই থকা বাট পথবোৰ। আগৰ তুলনাত এতিয়া আৰু ঘৰবোৰৰ উজ্জ্বলতা কমকৈ দেখা পোৱা গৈছে। ইয়াৰ কাৰণ হয়তো ঘৰত থকা প্ৰতিজন দুখত পৰি নিজক হেৰোৱাৰ ভয়তে। কিন্তু কনচেং ইয়াৰ সম্পূর্ণ বিপৰীত! কিয়নো তাই দুখ কষ্ট বেদনাবোৰ সহজেই প্ৰকাশ কৰি দেখুওৱা বিধৰ ছোৱালী নহয়! যেতিয়া চুবুৰীটোৰ প্ৰধান বিষয়া জনৰ লগতে আন বহুতোৰে যুদ্ধত স্বৰ্গগামী হৈছিল, তেতিয়াওঁ তাইৰ চকুত চকুপানী দেখা পোৱা নগৈছিল। তাৰ পাছত তাইৰ প্ৰিয় বান্ধৱী কনেং সেই সময়তো তাইক দুখত নেদেখিলো। আজি চুবুৰীটোত। যিকেইজন লোক আছে সেই সকলক লৈয়ো তাইৰ চকুত এধানিমান দুখৰ ছাঁ দেখা পোৱা নগ’ল! কি আচৰিত এই ছোৱালী জনী। কথাবোৰ মনৰ ভিতৰতে গাপ দি ৰাখি কনচেঙক মাত দি তাৰ পৰা বিদায় ল’লে। লাংথুলুই তাইৰ কাষৰ পৰা আঁতৰি অহা দেখি কনচেঙৰ মুখখন পলকতে প্রথম বাৰলৈ সেমেকি উঠিছিল। কনচেঙৰ মুখৰ ফালে ঘুৰি চোৱাত তাই লগে লগে তলমুৰ কৰি নিজক সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিলে! সি বুজি পাইছিল তাইৰ কাষৰ পৰা সি ঘৰলৈ উভতি যোৱাটো তাই কেতিয়াও নিবিচাৰে! কিন্তু সি কৰিব পাৰে, সেই সময়ত তাৰ হাতত কোনো উপায় নাছিল। সি যদি তেতিয়াই আঁতিৰ নাহে তেন্তে পাছত আৰু বেছি টান হৈ পৰিব। সেইখিনি সময়ত কনচেঙৰ মনটো সম্পূর্ণ ৰূপে নিজৰ হাতত নাছিল। তাই কাৰোবাৰ ওচৰত অধীন হৈ পৰিছিল।…