ষষ্ঠ খণ্ড…
কনচেং
মুন ৰাজবংশী
লাংথুলুই কথাখিনি কৈ শেষ কৰিব নাপালেই, এনেতে সকলো আহি মন্দিৰৰ চোতালত থিয় হ’ল! সিহঁতৰ মাজত কনচেঙক নেদেখি এইবাৰ ৰমাই আগবাঢ়ি গৈ চাংমাক সুধিলে !ঃ কনচেং ক’ত চাংমা…?
ঃ তাইতো আমাৰ আগে আগেই আহি আছিল! ক’ৰবাত চাগে সোমালে তাই!
ঃ ক’ৰবাত সোমাল মানে! চুবুৰীটোত সোমালে কি হ’ব, সকলোবোৰ দেখোন ইয়াতেই আছে। তাত একো নাপাব। পালেও ডাং ডাংকৈ থিয় হৈ থকা ঘৰকেইটাৰ বাহিৰে আন একো নাই! ঘৰৰ সম্মুখত একোখনকৈ আমাৰ সকলোৰে মৰমৰ বাগিচা! দীঘল বাঁহদালত ওলমি থকা বিজুলী বাল্বটোৰ বাহিৰেনো কি আছে তাত! ৰ’ মই গৈ মাতি আনো তাইক! লাংথুলুই কামেং হঁতৰ বাৰীৰে সোমাই ৰমাহঁতৰ চোতাল আৰু ঘৰটোৰ সতে লাগি থকা একেবাৰে সৰু গলিটোৱেদি পাৰ হৈ চুবুৰীটোৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু প্ৰতিদিনে ধূপ ধুনাৰ মলাৰে সুগন্ধিত কৰি ৰখা মন্দিৰটোৰ সম্মুখত থিয় হ’ল! সি দেখিছে! মন্দিৰৰ ভিতৰত তেতিয়াওঁ এগচি বন্তি জ্বলিয়ে আছিল। এখোজ আগবাঢ়ি গৈ প্রথমে মন্দিৰৰ দুৱাৰখন খুলি ভিতৰচৰা চাম বুলি ভাবিছিল! কিন্তু হঠাৎ ঘৰৰ ভিতৰত এটা শব্দ হোৱা দেখি ৰৈ দিলে। এইবাৰ সি ঘৰৰ দুৱাৰখনৰ ফালে খোজ আগবঢ়ালে! ভয়ে ভয়ে গৈ বাৰান্দাত থিয় হোৱাৰ লগে লগে দুৱাৰখন খোল খাই গ’ল, এইবাৰ তাৰ মনত বেছি ভয় হ’ল! বতাহো দিয়া নাই, গছদালৰ পাতবোৰো নাচি থকা দেখা নাই, দুৱাৰখন আপুনা আপুনি খোল খাই যোৱাৰ কথা ভাবি থাকোতে গুৰুমকৈ কিবা এটা গধুৰ বস্তু পৰাৰ নিচিনা শব্দ হ’ল, তাৰ লগে লগে কোনোবাই যেন উচুপি উচুপি কান্দি থকাৰ ধ্বনি তাৰ কাণত ভাঁহি আহিছে। সি বুজিবলৈ আৰু বাকি নাথাকিল। সি নিৰ্ভয়ে ভিতৰলৈ সোমাই গ’ল। ঐ কনচেং কি হৈছে তোৰ! কিয় এনেকুৱা কৰিছ কচোন! এতিয়া আৰু শেষ পৰ্যায়ত দুখ কৰি কি লাভ, আমিবোৰে হাৰি গ’লো সিহঁতৰ ওচৰত বুজিলি। আমাৰ ওচৰত কি আছে নো, একমাত্র তেজ মঙহৰ দেহটোৰ ভিতৰত থকা প্ৰাণবায়ুটোৰ বাহিৰে আন একো নাই। তাক লৈ দুখ কৰাৰ কি প্ৰয়োজন। ৰূপৰ কাৰেংঘৰত থকা সোণৰ দৰে পামেগাম হতৰ লগত বহুতকে হেৰুৱালো, এই ঠাই এৰি আন ঠাইলৈ যাব লগা হ’ল, গতিকে আৰু…! আহঃ এতিয়া যাওঁ। মন্দিৰত তোৰ বাবে সকলোৱে অপেক্ষা কৰি আছে। নাই !নাই! আমি কোনেওঁ কলেইকো নাযাও। ইয়াতেই জন্ম লৈছোঁ যিহেতু ইয়াতেই মৰিম। তই যা! সকলোকে ক’ গৈ নিজৰ ঠাই এৰি কোনেও কলৈ যাব নালাগে। কিয় যাম আমি আন ঠাইলৈ, আমিতো কাৰো একো অপকাৰ কৰা নাছিলোঁ, গতিকে শুন! শক্ৰুৱে যদি আমাক মাৰি শেষ কৰিব খুজিছে, তেন্তে আমাক একেলগে সকলোকে শেষ কৰক। নহ’লে আমি সিহঁতক শেষ কৰি পেলাম। যা লাংথুলু। কনচেং ৰ মুখত এই অদ্ভুত কথাষাৰ শুনি লাংথুুলুৰ বুকু কঁপি উঠিল! লাংথুুলুই কনচেঙক বুজিবলৈ অসুবিধা হয়। চকুৰ সম্মুখত দেখা পোৱা আৰু ভিতৰত থকা দুয়োটা ৰূপেই যেন সম্পূর্ণ পৃথক। তাইৰ শান্ত সমাহিত ৰূপত প্ৰতিজন ব্যক্তিয়ে বিমুগ্ধ হৈ পৰে! আৰু যেতিয়া তাই নিজৰ প্ৰাণতকৈ ভালপোৱা বস্তুবোৰ হেৰুৱাব লগা হয় তেতিয়া তাই মা দূৰ্গা আৰু শ্যামা কালিৰ দৰে এটা অন্য ৰূপত সলনি হয়গৈ। কনচেঙৰ এই ৰূপটো বৰ ভয়ানক! সেই সময়ত তাইৰ কাষত থিয় হোৱাটো দুৰৰ কথা, আনকি তাইৰ মুখলৈও চাব সাহস নহয়। কিন্তু তাইৰ এই ৰূপ বৰ মোহনীয়। উজ্বল চকুৰ পাহিত বিদ্ৰোহৰ অগনিৰ জুই! মাজে মাজে সৰলতাৰ প্ৰেমৰ ভাৱপ্ৰকাশ! তীক্ষ্ণ তৰোৱালতকৈয়ো মুখৰ শব্দৰ বেছি তীক্ষ্ণ ধাৰ! ৰঙা সূৰুযতকৈ দুগালৰ ৰং দুগুন ৰঙা হৈ পৰিছিল! তেনে সময়তে কিবা এটা কব খুজিও থমকি ৰৈ গৈছিল লাংথুুলুই। হঠাৎ কনচেঙে লাংথুুলুৰ মুখলৈ চোৱাৰ লগে লগে লাজত ৰঙা পৰি গৈ তলমুৰ কৰি মই এতিয়া যাওঁ বুলি ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল।কনচেঙৰ মুখৰ ছবি খন চকুৰ আগত লৈ কথাবোৰ ভাবি ভাবি গৈ থাকিল! কেৱল চুবুৰীটোৰ সিয়ে নেকি য’ত কনচেঙৰ এই ৰূপটো দেখা পায়! নে আৰু কোনোবাই দেখে…? যদিহে দেখিছিল, তেন্তে কিয় আজিলৈ কাৰো আগত কেতিয়াও প্ৰকাশ কৰা নাছিল! নাই! নাই! তাইৰ এই ৰূপটো কোনেও দেখা পোৱা নাছিল, সেয়ে হয়তো কনচেঙৰ এই ৰূপৰ বিষয়ে ক’ব নোৱাৰে। সঁচাকৈয়ে কি অদ্ভুত তাইৰ এই ৰূপ। এই অদ্ভুত ৰূপৰ মাজতে সোমাই আছে তাইৰ প্ৰেমৰ মায়া। কিন্তু তাই যদি কাৰোবাক সঁচাকৈয়ে ভালপাইছিল আজিলৈ কোনেও আলোচনা কৰা দেখা নাই। কেৱল দেখিবলৈ আৰু শুনিবলৈ পাইছোঁ তাইৰ সৰল মনৰ আৰু বীৰংগনা চৰিত্ৰৰ বিষয়ে বৰ্ণনা কৰা। কনচেঙৰ ছবি খন লৈয়ে মন্দিৰৰ চোতাল পাৰ হৈ যাব খোজোতেই কুন্তলাই মাত দিলে ; লাংথুুলু ককাইটি তই আকৌ সেইফালে ক’ত যাবলৈ ওলাইছ…? কুন্তলাৰ একেষাৰ মাততে লাংথুুলুই ঠাইতে স্তব্ধ হৈ ৰ’ল! সি নিজকে থিয় হোৱা ঠাইডোখৰ ঘুৰি চাই দেখিলে! হয় সি মন্দিৰৰ চোতাল এৰি বহু ঠাই পালে। কেতিয়া সি মন্দিৰ পাৰ হৈ আহিল উমানেই নাপালে। এই কনচেঙৰ জনীৰ বাবে হ’ল সকলো। তাইৰ কথা যদি মনত ভাবি নহা হেঁতেন আজি এই দশা নহলহেঁতেন। চিঃ কি লাজৰ বিষয় এটা হৈ পৰিল! সি লগে লগে কথা ঘুৰালে কুন্তলাৰ সম্মুখত। নহয়ও, আমাৰ বোৰৰ জীৱনটোৰ কথা ভাবিয়েই মন্দিৰ কেতিয়া পাৰ হৈ গ’লো ধৰিবই নোৱাৰিলো। এতিয়া শুন! আমিবোৰে আৰু এই ঠাই এৰি যাব নালাগে! কিয়নো আমাৰ কনচেঙে মোৰ আগত কৈ পঠিয়াইছে, যিমান ডাঙৰ যুদ্ধ নহওঁক কিয়, শক্ৰু যিমানেই শক্তিশালী নহওঁক কিয়, এতিয়াৰে পৰা আমি সকলোৱে একগোট হৈ তেওঁলোকৰ লগত যুঁজ কৰিম। মৰিলেও বাচিলেও এই ঠাই এৰি পলায়ন নকৰো। আমি কেতিয়াও সিহঁতৰ ওচৰত পৰাজয় স্বীকাৰ নকৰোঁ। আমি পৰাজয় স্বীকাৰ কৰি পলায়ন কৰি যুদ্ধ কৰি মৃত্যু বৰণ কৰাটোৱে শ্ৰেষ্ঠ বুলি ভাবিম। লাংথুুলুৰ মুখত কনচেঙে কৈ পথোৱা এই অদ্ভুত আৰু ব্ৰজ্ৰৰ দৰে শক্তিশালী বাক্য কেইটাই চুবুৰীটোৰ লোকসকলক আগতকৈ অধিক বেছি মনত সাহস গোটালে। কনচেঙে কোৱা ধৰণে সিহঁতে নিজ নিজ তালি টোপোলাবোৰ গৰু গাড়ীত উঠাই নিজৰ নিজৰ সোণৰ দৰে জিলিকি থকা আশা আৰু সপোনৰ ঘৰলৈ প্ৰৱেশ কৰিলে। লাহে লাহে পৃথিৱীলৈ এন্ধাৰ নামি আহিল। কনচেঙে ঘৰৰ চোতালৰ সম্মুখত থকা চুবুৰীটোৰ ভিতৰত আটাইতকৈ ধুনীয়া মন্দিৰটোৰ দুৱাৰখন খুলি গোঁসাইক মাতি আছে।