পঞ্চম খণ্ড
কনচেং
এটা সময়ত কনচেঙৰ কথাবোৰ নুশুনা হ’ল! ৰঙীণ জীৱনক ভালকৈ উপভোগ কৰিবলৈ নাপাওঁতে আঁৰি দিলে চিৰদিনৰ বাবে তাইৰ দেহত ৰূপালী পৰ্দাখন। শুই পৰিল কনচেঙৰ কোলাত। তেনে সময়তে আহি ওলাল কুন্তলা আৰু লাংথুলু ! কনচেঙৰ কোলাত কনেঙক শুই থকা দেখি মন্দিৰৰ পৰা যতন কৰি সকলো ঔষধ তৰোৱালত পোৱা আঘাটত এফালৰ পৰা লগাবলৈ ধৰিলে! তাই নাজানে তাইক এৰি বায়েকে এই পৃথিৱীৰ পৰা কেতিয়াবাই বিদায় মাগিলে! কনেঙৰ পূন্য আত্মাই আকাশত তৰা হৈ এতিয়া কেৱল সকলো চাই হে থাকিব পাৰিব! একো কবে নোৱাৰে! একো কৰিবওঁ নোৱাৰে! ইয়াত মাথোঁ তাইৰ নশ্বৰ দেহটোহে পৰি আছে। তাই এতিয়া এই সময়ত কুন্তলাক কেনেকৈ কয়! যে তাইৰ বায়েক কনেং আৰু আমাৰ মাজত জীয়াই থকা নাই বুলি! সাহস হ’ব জানো বুকুত! নাই! নাই! যেনেকৈ নহওক কিয় ক’ব লাগিব! পলম হ’লে মনত আৰু বেছি কষ্ট পাব কুন্তলাই। গতিকে কথাষাৰ এতিয়াই কোৱা ভাল হ’ব। এতিয়া আৰু ইয়াৰ প্ৰয়োজন নাই তাইৰ বাবে! তই মিছাতে ইমান কষ্ট কৰি আছ কুন্তলা! মই বুজি পোৱা নাই কনচেং বা! আপুনিয়ে মোক ঔষধ আনিবলৈ কোৱা নাছিল জানো! মই লৈ আহিছোঁ। তাৰে অলপ আমাৰ সোণৰ চুবুৰীটোৰ সকলোতকৈ লাজকুৰীয়া স্বভাৱৰ ছোৱালী জনী, আৰু এতিয়া মোৰ! উমহু নহয় আমাৰ সকলোৰে গৌৰৱৰ বীৰাঙ্গণাৰ দৰে যুঁজ দি অহা মোৰ সকলোতকৈ মৰমৰ বা জনীৰ আঘাটত লগাই আছোঁ। যাতে অতি শীঘ্রই সুস্থ হৈ এই যুদ্ধত যুঁজ দি আমাক এই ভয়ংকৰ দৈত্য সকলৰ পৰা ৰক্ষা কৰিব পাৰে…!
কিন্তু এইবাৰ শত্ৰুকো উভতি যোৱাৰ অলপো সুযোগ তাই নিদিয়ে। এনেতে চকুত পৰিল , কিছু দূৰৈত একুঁৰা ৰঙা জুই দপদপকৈ জ্বলি উঠিছে। জুইৰ পোহৰত স্পষ্টভাৱে মনিব পৰা নাই যদিও সেয়া নিশ্চয় শক্ৰুৰ দলৰ বাহিৰে আন কোনো হ’ব নোৱাৰে! কনচেঙে কুন্তলাই ঘৰলৈ যোৱাৰ সময়ত আৰু এটা দায়িত্ব দিছিল! যে তাইৰ ঘৰত থকা সকলো পোহনীয়া জীৱ জন্তু, চৰাই চিৰিকটি, হাঁহ, পাৰ, কুঁকুঁৰা, মইনা, গৰু, ছাগলী আদি সকলোকে মুকলি কৰি দিবলৈ। কেৱল তাইৰ ঘৰত থকা খিনিয়ে নহয় চুবুৰীটোৰ সকলোৰে পোহনীয়া জীৱ জন্তু বোৰ মুকলি কৰি দিবি। কুন্তলাই মৰমৰ বায়েক কনেঙক মন্দিৰৰ চোতালত মৰমেৰে শুৱাই থৈ প্রথমে কনচেঙে কোৱা কামবোৰ কৰি গ’ল। কুন্তলাই জীৱ জন্তু বোৰ মুকলি কৰি দিয়া দেখি সকলোৱে কুন্তলাক বাধা দিছিল যদিও তাই কোনো এজনৰ কথালৈ কাণসাৰ নকৰি নিজৰ কামটো কৰি গৈ থাকিল! চুবুৰীটোৰ লোকসকলে বুজিবলৈ অলপো অসুবিধা নহ’ল! তেনেতে কোনোবা এজনে মন্দিৰৰ ঘন্টাটো ঢং ঢং ঢংকৈ বজাবলৈ আৰম্ভ কৰি দিলে। চুবুৰীটোত লোকসকলে যিয়ে যেনেকৈ যিটো কামত লাগি আছিল ঠাইৰ কাম ঠাইতে পেলাই থৈ মন্দিৰ পালে। সি চিঞৰি চিঞৰি ক’লে! সকলোৱে মন দি শুনক! শত্ৰুৱে সকলো দুৱাৰ ভাঙি আমাৰ চুবুৰীটোত সোমাইছে। গতিকে কোনেও পলম নকৰিব! যাৰ যিমান ধন সোণ লগত আছে সকলো টোপোলা বান্ধি এই ঠাই পৰিত্যাগ কৰক! নহ’লে কোন মূহূর্তত শক্ৰুৱে গাত জপিয়াই পৰি ডিঙিৰ নেলু কাটি দিয়ে সেয়া কোনো ভৰষা নাই। সেয়ে পলম নকৰি ঠাই পৰিত্যাগ কৰক। মাটি বাৰী ঘৰ দুৱাৰ এই সকলোবোৰৰ চিন্তা নকৰিব! যদিহে জীয়াই থাকো এদিন নহয় এদিন এই সকলোবোৰ আমাৰ হাতলৈ আকৌ ঘুৰি আহিব।
ঘন্টাটো বজায় কৈ যোৱা কথাখিনিৰ পাছত সকলোৰে চকুত চকুপানী বৈ আহিল। আপোনমনে গঢ়ি তোলা চুবুৰীটোত মৰমৰ একোখনি ঘৰটোক বাৰু কোনে এনেকৈ এৰি অন্য এক ঠাইলৈ যাব পাৰে! বুকুত শক্তি হয় জানো! হয়তো আপোনাৰ বা মোৰো নহয়! নোৱাৰো কোনেও আমি নোৱাৰো এৰি থৈ যাব। মৰমৰ একোখনি ঘৰ নিজ ইচ্ছা মতে সজাই পৰাই তোলাৰ পাছত কোনেও নোৱাৰে! কিন্তু আজি তেওঁলোক বাধ্য! বাঁহ বেতৰ লগতে একো একোখন পকীৰ দেৱালো ওখ ওখকৈ সাজি উলিয়াইছিল । ইমান ধুনীয়াকৈ সাজি উলিয়াইছিল যে দূৰৈৰ পৰা লক্ষ্য কৰিলে সোণৰ দৰে জিলিকি উঠিছিল প্ৰতিটো ঘৰ, প্ৰতিটো বাট পথ, প্ৰতিখন পকী দেৱাল, প্ৰতিখন সম্মুখৰ ফুলৰ বাগিচা। এদিন এই ঠাই প্ৰকাণ্ড প্ৰকাণ্ড শিলৰে পৰিপূৰ্ণ হৈ আছিল! যেতিয়া লাংথুলু পামেগামহঁত এই ঠাইলৈ আহিছিল শিল ভাঙি সোণত সুৱগা কৰি তুলিছিল। তাৰ পাছত লাহে লাহে এটা এটাকৈ প্ৰতিটো ঘৰ বিস্মিত ৰূপত সাজি উলিয়াইছিল তেওঁলোকে আজি এই সকলোবোৰ চকুৰ সম্মুখতে এৰি যাবলৈ কিমান কষ্ট পাইছে একমাত্র লাংথুলু হতে জানে!
চুবুৰীটোৰ লোকসকলে নিজৰ নিজৰ ঘৰবোৰ এবাৰ ভালকৈ চাই লৈছে। কিজানিবা এনেকৈ আৰু পিছলৈ সজাই তুলিব পাৰে নে নোৱাৰে কি ঠিক! চুই চাইছে ঘৰৰ প্ৰতিখন বেৰ! চুই চাইছে বেৰত আঁকি থোৱা প্ৰতিটো ধুনীয়া ছবি! এবাৰ যদি বহিছে! আকৌ এবাৰ উঠি ইটো কোঠাৰ পৰা সিটো কোঠালৈ দৌৰি গৈছে! তাৰ পাছত লাহে লাহে প্ৰয়োজনীয় বস্তুবোৰ লগত সামৰি লৈ লাহেকৈ দুৱাৰখন বন্ধ কৰি ওলাই আহি গোহালিত থকা গৰু, ছাগলী, হাঁহ কুঁকুৰা সকলোকে মুকলি কৰি দি মন্দিৰৰ চোতালত একগোট খালে ৰাইজে! এনেতে তেওঁলোকৰ মাজৰ পৰা এজনে মাত দিলে! ঐ__ কনচেং আৰু কুন্তলাহঁত ক’ত; সিহঁত কেইজনী এতিয়ালৈ আহি পোৱা নাই যে! আহি আছে সিহঁত লাংথুলুই ক’লে! সিহঁতৰ লগত আন বাকি লোক সকলো আহি আছে! তেন্তে আমি বোৰে আগবাঢ়ি থকাটো ভাল হ’ব নিশ্চয়! ৰমাই ক’লে! নাই! নাই! সেয়া উচিত নহ’ব ৰমা! কিয়? তোৰ দৰে কনচেং ও এজনী গাভৰু ছোৱালী! তাই চুবুৰীটোৰ কৰ্তা ধৰ্তা হলেও তাই আমাৰ প্ৰত্যেকৰে হিয়াৰ আমঠু। তাই চুবুৰীটোৰ নামত কি কৰা নাই! তই নিজেই দেখিছ! আজি তাই নিজৰ জীৱনটোৰ কথা অলপো চিন্তা নকৰি চুবুৰীটোৰ প্ৰতিটো প্ৰাণীক ৰক্ষা কৰিবলৈ সকলোতকৈ আগত গৈ থিয় হৈছে। এতিয়া শেষ পৰ্যন্ত চুবুৰীটোৰ ৰক্ষা কৰিবলৈ শক্ৰুক বাধা দি ৰাখিছে। তাতে আকৌ তই কি কৈছ! তাইক ইয়াত এৰি আমিবোৰে আগবাঢ়ি থাকিব লাগে! তই এনেকৈ কেনেকৈ ভাবিব পাৰা ৰমা!
মুন ৰাজবংশী