কনচেং (  চতুর্থ খণ্ড  ) -মুন ৰাজবংশী

Pc Shutterstock
 (  চতুর্থ খণ্ড  )
 কনচেং    
 ঐ কামেং,আমাৰ দক্ষিণৰ ওখ টিলাটোত এতিয়া কোন কোন আছে?  কনচেঙে সুধিলে…!  শুনিছোঁ! তাত হেনো মানুহ কম আছে। আমাৰ ইয়াত কনেঙে আহি  কৈ থকা শুনিছিলোঁ।
ঃ কনেং! তাই আকৌ ইয়াত কিয় আহিছিল…?
ঃ কিয় আহিছিল মানে! তাই আমাৰ ইয়াৰ পৰা দুই চাৰিজন লোক নিবলৈ আহিছিল!
ঃ অ’ তাৰমানে শক্ৰুৱে এইটো ফালেৰে  বল প্ৰয়োগ কৰি সোমাব নোৱাৰি  চুবুৰীটোৰ ওপৰত জপিয়াই পৰিবলৈ ৰাস্তা বিচাৰি ওখ টিলা পাইছেগৈ…!
ঃ সেয়াই হ’ব! সেয়াই হয়।
তাই মানুহ লগত নিলেনে!
ঃ নাই! কেনেকৈ নিব। আমাৰ ইয়াত কেইজন মানহে আছে! মই নপথালো। কি? অ’
ঃ ভুল কৰিছ কামেং তই।
ঃ কি ভুল কৰিলো নো! তাইৰ লগত মানুহ কেইজন নপথোৱা বাবে  মোক ভুল বুজিলি!
ঃ বহুত ডাঙৰ ভুল কৰিছ কামেং!  এনেকুৱা এটা সময়ত  ক’ত কেতিয়া মানুহৰ প্ৰয়োজন হয় সেয়া আমি ইজনে সিজনে বুজা উচিত। কথাবোৰ কৈ থাকোতে
কনচেঙৰ চকুৰ পাহিদুটা ডাঙৰ হৈ ফুলি উঠিল। তাত কেৱল আজি এখন ধূসৰিত ছবি ফুটি উঠিছিল। হয়তো এইয়া ভয় আৰু শংকাৰ বাবে।  আনদিনাখনৰ দৰে হোৱা হ’লে শান্তিৰ নিৰ্মল চকুযুৰীৰ পাহিত নিৰ্মল ৰঙীণ এখন ছবি দেখা পালো হেঁতেন  ! কিন্তু তাৰ আজি সম্পূর্ণ বিপৰীত । সময়ৰ লগে লগে চিন্তাবোৰ বাঢ়ি গৈ আছে। যিহেতু এতিয়াও সেই ঠাইৰ পৰা বহু আঁতৰত    তাত কি হৈছে  না হৈছে   খবৰটোৰ বাবে ধৰফৰাই চটফটাই আছে কনচেঙে। মনৰ অশান্তি আৰু চিন্তাবোৰৰ বাবে কামেঙক একো এটা উত্তৰ নিদি তাৰপৰ দুই কি তিনিজন মান লোক লগত লৈ ওখ টিলাটোৰ ফালে বাট ল’লে। কামেঙে  কনচেঙৰ চিন্তিত মুখখনলৈ চাই একো এটা কবও নোৱাৰিলে। অথচ বহুত কথা ক’বলৈ বাকি আছিল তাইক! এইবাৰলৈ থাওঁক বুলি সি নিজৰ কামত লাগিল। সিফালে কনচেঙে টিলাটোত উঠাৰ আগতে  যিটো দৃশ্য চকুত পৰিল বুকু কঁপি উঠিল  কনচেঙৰ!
                        কঁপি উঠিল ভৰিৰ তলুৱাৰ মাটি!  কনেং হতে হাতত অস্ত্ৰ লৈ  শক্ৰুৰ লগত যুঁজ কৰি আছিল। চল্লিশ পঞ্চাশ জনীয় শক্ৰুৰ দল এটাই আমাৰ ইহঁতৰ ওপৰত  নিৰ্ভয়ে অস্ত্র চলাই গৈছিল। সিহঁতে হয়তো আমাৰ দলটোত কম লোক দেখি তীব্রতাৰে ক্ষুব্ধ হৈ পৰিছিল! যাতে সহজতে আমাৰ দলটোক পৰাজিত কৰি ভিতৰত সোমাব পাৰে!  কিন্তু সেয়া আমাৰ দলটোৱে সম্ভৱ হ’বলৈ নিদিলে। কনেঙে মোক দূৰৰ পৰাই দেখি মনত আৰু বেছি সাহস গোটাইছিল । তাৰ পাছত মই কিছু সময়লৈ কনেঙক দেখা পোৱা নাছিলোঁ!  যিমানেই টিলাটোৰ ওচৰ পাইছিলো সিমানেই অস্ত্র সস্ত্ৰৰ শব্দ আহি মোৰ কাণত বাজিছিল। ময়ো খোজকেইটা দীঘল দীঘলকৈ দি ৰণথলীত থিয় হ’লো। এনেতে এজনে মোৰ ফালে  হাতত তীখা তৰোৱাল  লৈ চোচা ল’লে ! লগে লগে ময়ো পিঠিৰ পৰা দুপাত বিষাক্ত সাঁপৰ বিষ লগোৱা কাড় উলিয়াই  তাৰে এপাত তাৰ বুকুত  সুমুৱাই দিলো। সি মোৰ সম্মুখতে মাটিত  ঢলি পৰিল। তাৰ পাছত শক্ৰুৰ দলটোৰ মাজত মই সোমাই গৈ এটা এটাকৈ শক্ৰুক মাটিত বগৰাই গ’লো। এনেকৈ কেইবাজনো শক্ৰুক বধ কৰি কনেঙক সেই  চলি থকা যুদ্ধখনৰ মাজতে চাই ফুৰিলো। কিছু দূৰৈত এজনী গাভৰু ছোৱালীয়ে  এখন শক্তিশালী তৰোৱালেৰে শক্ৰুক বধ কৰি গৈ আছে। সেয়া নিশ্চয় মোৰ প্ৰিয় বান্ধৱী কনেং হ’ব! নহ’লেনো আন কাৰ এনে  শক্তি আছে যিয়ে এনেকৈ শক্ৰুক মহতীয়াই নিব পাৰে।
                শক্ৰুৱে আমাৰ দলটোৰ গাৰ পৰাক্ৰম আৰু মনৰ অটুট সাহস তাৰোপৰি এনেকৈ যুদ্ধ স্থলীত কি ল’ৰা ছোৱালী, কি ডেকা বুঢ়া,  প্ৰত্যেকৰে তৰোৱাল চলোৱা বাজি দেখি চকু থৰ হৈ ৰৈছিল। তাতোকৈ বেছি আচৰিত হৈছিল তেওঁলোকৰ দলটোৰ ওপৰত জপিয়াই পৰা সেই গাভৰু ছোৱালীজনীক! তাই অকলে দহ পোন্ধৰ জন লোকক অকলে বুকুত ঘপিয়াই গৈছিল । পাহৰি গৈছিল মৃত্যু কি! এনেকুৱা লাগিছিল যেন এখন উৎসৱত আয়োজন কৰা প্ৰতিযোগিতা মুলক খেল হে! এনেকৈ কিছু সময়ৰ পাছত যেতিয়া কনেং আহি মোৰ সম্মুখত থিয় হ’ল! লগে লগে তাই মোক দেখি মাটিত ঢলি পৰিল। বহুত পৰলৈকে কনেং অচেতন হৈয়ে আছিল। কনচেঙে তাইক  কেঁচা ঘাঁহনিৰ এডৰাৰ ওপৰত আঁলফুলকৈ শুৱাই ৰাখিছিল। যাতে তাই অলপো কষ্ট নাপাই। বাকি লগত থকা কেইজনক তাইক জগাবলৈ মানা কৰিছিল। কনচেঙে কৈছিল! তাই যেতিয়ালৈকে নিজে শুৱাৰ পৰা নুঠে তেতিয়ালৈ তাইক অকাৰণে জগাব নালাগে। যিহেতু শক্ৰু এতিয়া বহু দূৰলৈ পিছুৱাই গৈছে।
                  কনেং বহু সময়লৈ এনেকৈ শুই থকা দেখি কনচেঙৰ মনত ভয় এটাই খুন্দিয়াই আছে!  তাই এজনক মন্দিৰলৈ পথাই কিছু বনৰীয়া ঔষধ লৈ আহিব ক’লে!  তেনেতে  কনেঙৰ সৰু ভনীয়েক কুন্তলাই মাত লগালে। মইয়ে যাওঁ দিয়ক আইদেউ। এনেও আজি প্ৰায় তিনিদিন মান হ’ল!  ইয়ালৈ আহিবৰ দিন ধৰি মই ঘৰলৈ এবাৰলৈকে যোৱা হোৱা নাই !  গতিকে ঔষধো অনা হ’ব  আৰু ঘৰৰ খবৰ এটাও লোৱা হ’ব।  আইদেউৱে বা কি কয়…! কুন্তলাৰ কোমল মাতটো শুনি কনচেং  একেবাৰে পমি গ’ল।
ঃ কুন্তলা  তুমি ইয়াত কেতিয়া আহিলা…?
ঃ তিনিদিন মান হ’ল আইদেউ  ।
ঃ মইতো তোমাক মন্দিৰত হে থাকিব দিছিলোঁ! ৰমলা আইদেউৰ লগত। পিছে কোনে আনিলে তোমাক!
ঃ মোক মাতি পঠিওৱা হৈছিল আইদেউ। যেতিয়া শক্ৰুৱে আমাৰ দলটোৰ ওপৰত জপিয়াই পৰি আঘাত কৰি যাবলৈ ধৰিছিল! তেতিয়া মোৰ দৰে আৰু কেইজন মানক ইয়ালৈ মাতি অনা হৈছিল আইদেউ।
ঃ কুন্তলা তুমি এতিয়া যোৱা সোণকালে ঘুৰি আহিবা কিন্তু। কনেঙক ঔষধৰ বৰ প্ৰয়োজন হৈছে।
কুন্তলা গলগৈ! হাতত তেজেৰে লুতুৰী পুতুৰী হৈ থকা বস্ত্ৰবোৰ এটা বেগত ভৰাই ডাঙি লৈ গ’ল। যাওঁতে যাওঁতে  চিঞৰি চিঞৰি কৈ গ’ল তাই ! __”ঐ কনেং তই আৰু আগলৈ নাযাবি, সেই কলা দৈত্য সকল এতিয়াও গুছি যোৱা নাই! সিহঁতে তাতে লুকাই আছে। কুন্তলাৰ কথাবোৰ বতাহত ভাঁহি আহি  কাণত বাজি ৰৈছিল। কেৱল তাই নিজেই নহয়, এই কলা ভয়ংকৰ  দয়া মমতাহীন, কেৱল হিংসাত্মকতাৰে ভৰা দৈত্য সকলক যিয়ে দেখিছে সিয়ে ভয়ত কম্পিত হৈ পৰিছে। কাৰণ ইহঁত  মানুহৰ শাৰীত কোনোফালৰ পৰাই নপৰে। পৰিবই নো কেনেকৈ। মানুহৰ গুণ যে তিলমাত্ৰাও নাই ইহঁতৰ  দেহত। ইহঁত  অসুৰ! তাইৰ চিন্তা হয়, এই কণমানি ফুলো কি নুফুলোকৈ পাহি মেলি দিব খোজা ফুলৰ কলিটোৰ দৰে কুন্তলাইয়ো দৈত্য সকলক নিজ চকুৰে দেখা পালে। পাৰিব জানো তাই! কুন্তলাৰ চকুৰ পৰা আঁতৰ কৰিব এই ভয়ংকৰ ছবিখন। মচি দিব পাৰিব জানো!
ঃ ঐ কনচেং কি ভাবি আছা তই!
কনেঙে মাত লগালে।
ঃ নাই! নাই! বিশেষ তেনে একো ভবা নাই!  তোৰ ভনীয়েৰাৰ কথাহে  কথাবোৰ মনলৈ আহি আছে।
ঃ অ’ তাইলৈ আজি তোৰ কি মৰম জাগি উঠিল বুকুত ; তাইক কি, তই আজিহে প্রথম কাষত পালি নেকি…?
ঃ প্রথম পোৱা কথা নহয়! তাই যাওঁতে কৈ যোৱা কথাবোৰ হয়তো তই মন নকৰিলি। সেয়ে তই মোক এনেকৈ প্ৰশ্ন কৰিছ কনেং…? তাইৰ কথাবোৰ মন কৰা হ’লে তয়ো তাইক ভাবিবলৈ বাধ্য হৈ পৰিলি হেঁতেন।
ঃ কনেঙে কনচেঙক আজিও বুজি পোৱাত অসুবিধা হয়। তাই সেই পাক লগাই কথা কোৱা আগৰ পুৰণা স্বভাৱটো সলনি হোৱা নাই। কেৱল তাইয়ে নহয়! সিহঁতৰ চুবুৰীটোৰ কোনোৱে সহজতে কনচেঙক বুজি নাপায়। তাৰ বাবে কোনোৱেই তাইক বেয়াও নাপায়। তাইৰ কথাবোৰ  আগৰ পৰাই তেনেকুৱাই । সিহঁত দুজনীয়ে এডোখোৰ কোমল সেউজীয়া ঘাঁহনিৰ ওপৰত বহি দুই এটা কথা পাতিবলৈ লৈছিল হে  তেনেতে চাৰি পাচজনীয়া দল এটাই জুইৰ মসাল এটা হাতত লৈ সেই ঠাই পালে। কনচেং আৰু কনেঙে প্রথমে দলটোক  সিহঁতৰ  মাজৰে কোনোবা বুলি ভাবিছিল! যেতিয়া শক্ৰুৰ দলটোৰ  এজনে কনচেঙক আঙুলি দেখুৱাই দি তেওঁলোকৰ নিজৰ মানুহবোৰক কিবা  ইংগিতিৰে কৈ থকা দেখা পালে।  কিন্তু কি কৈছে সেয়াহে নুশুনিলে! সেয়ে লগে লগে কনচেঙে কনেঙক  মুখত সোপা দি টানি আনিলে অলপ এন্ধাৰ ঠাইলৈ।
                        কনচেঙে লক্ষ্য কৰিলে তেওঁলোকে কি উদ্দেশ্য ইয়ালৈ আহিছে।  তেনে সময়তে কনেঙে কিবা এটা ক’ব খুজিছিল! কিন্তু কনচেঙে মুখত সোপা মাৰি ধৰি থকা বাবে একো ক’ব নোৱাৰি মুখৰ পৰা হাতখন বাৰে বাৰে আতৰাব চেষ্টা কৰিও নোৱাৰিলে।  কিছু সময়ৰ পাছত তাই দেখিলে!  মানুহকেইজন তাৰপৰা লাহে লাহে নিজৰ স্থানলৈ আকৌ অহা বাটে ঘুৰি গ’ল। তাই বুজি নাপালে  সিহঁত  ইয়ালৈ কিয় আহিছিল কিয়!  কি বিচাৰি আহিছিল!  তেওঁলোকে হয়তো বুজিব পাৰিছিল,  যে এই ঠাইৰ লোকসকলে আজি মৰিও অমৰ। কিয়নো তেওঁলোকে নিজৰ লগতে নিজৰ ঠাইখনকো ভালপাবলৈ শিকিছিল। সেয়ে হয়তো তেওঁলোকে আমাৰ লগত এই যুদ্ধত প্ৰাণ আহুতি দিবলৈ অলপো সংকোচ নকৰি ওলাই আহিছিল। আজি তেওঁলোক এই পৃথিৱীৰ আটাইতকৈ সুখী প্ৰাণী। নিজৰ ভালপোৱা ঠাইডোখৰক ৰক্ষা কৰি থৈ গ’ল।  যাওঁতে যাওঁতে তেওঁলোকে এই পৃথিৱীৰ সকলোকে দেখুৱাই থৈ গ’ল!  ইয়াত বসবাস কৰা লোকসকলে  বায়ু, পানী, মাটি, চৰাই, জীৱ-জন্তুকে আদি কৰি সকলোকে মনে প্ৰাণে ভালপাইছিল। আনকি ইয়াত থকা প্ৰতিটো জীৱই ইয়াৰ লোকসকলকো প্ৰাণভৰি ভালপাইছিল বাবেই হয়তো এই ঠাই স্বৰ্গতকৈয়ো বহুগুণে  অত্যন্ত ধুনীয়া আৰু  সুখী। ইয়াৰ লোকসকলে দুখ কি বস্তু কেতিয়াও অনুভৱ কৰা নাছিল।  প্ৰতিজন লোকৰ মুখত কেৱল হাঁহি আৰু সুখে বিৰাজ কৰি আছিল।  সিহঁতে পাহৰি গৈছিল, সুখৰ ৰেখাত খোজ কাঢ়ি দুখৰ পৰিধিবোৰ। কনচেঙে চাই থাকোতেই মানুহকেইজনে নিজৰ মাজতে কথা পাতি পাতি বহু দূৰ পালেগৈ। তাৰ পাছত লাহেকৈ কনেঙৰ মুখৰ পৰা হাতখন আতৰাই তাই ক’লে, এতিয়া আৰু চিন্তা কৰিব নালাগে দে! সিহঁতে গলগৈ এতিয়া আৰু নাহে ইয়ালৈ!
যি নহওঁক, কিছু সময়ৰ বাবে সিহঁতে অলপ উশাহ লবলৈ সময় পাইছে।  এইখিনি সময়তে তাই কনেঙক নিজ হাতেৰে চিকিৎসা কৰিব পাৰিব! তাই থিয় হৈ দীঘলকৈ ডিঙিটো কৰি চালে মন্দিৰৰ পৰা কোনোবা আহিছে নেকি !   টিলাটো ওখ  আৰু একাবেঁকা হোৱা বাবে  কোন আহিছে সিমান ভালকৈ ক’ব নোৱাৰি! কিন্তু তলত থাকিলে ওপৰলৈ কোন গৈছে তাক ভালকৈ ক’ব পাৰি। এনেকৈ কিছু সময়লৈ তাই চাইয়ে থাকিল! এনেতে চকুত পৰিল কোনোবা যেন ওপৰলৈ উঠি আহিছে! কোন আহিছে সেয়াহে চিনিব পৰা নাই। ইফালে কনেঙে পানী !পানী! বুলি তিনিবাৰ মান চিঞৰিলে।  কনচেঙে ইফালে সিফালে ঘুৰি চালে পানী আনিব পৰা এনে কোনো ধৰণৰ পাত্র নাছিল! আগতেও আনি থোৱা নাই বাবে তাই  বনৰীয়া গছ এজোপাৰ পৰা এটা ডাঙৰ পাত চিঙি আনি ওচৰতে বৈ থকা তাইৰ শৈশৱৰ নৈখনৰ পৰা পাতটোত পানী ভৰাই লৈ কনেঙক হাতৰ তলুৱাত লৈ খুৱাই দিবলৈ ধৰিলে।
                      এনেকৈ কেইবাবাৰো খুৱাই দিয়াৰ পাছত তাই লাহেকৈ সেহাই সেহাই ক’লে, আৰু নালাগে দে কনচেং! পিঠিখন বৰ বিষাইছেও! সেই বলিয়া কুকুৰৰ দৰে ঘুৰি ফুৰি আগত পৰি থকা কেঁচা মাংস টুকুৰাটোৰ ওপৰত যেনেকৈ জপিয়াই পৰে! মোৰ ওপৰতো সিহঁতে তেনেকৈ জপিয়াই পৰিছিল কনচেং! মই নোৱাৰিলোঁ কনচেং!  নিজৰ লগতে আমাৰ চুবুৰীটোকো বচাব নোৱাৰিলোঁ। মোক ক্ষমা কৰিবি! এই ধুনীয়া পৃথিৱী খনৰ আমাৰ এই সোণৰ প্ৰাণীবোৰক কোনোমতে ৰক্ষা কৰিব নোৱাৰিলোঁ। কি জানা কনচেং! সিহঁতৰ গাত মানুহৰ তেজ নাই, সিহঁতৰ গাত খাব নোপোৱা ৰাক্ষসৰ তেজে বিয়পি আছে। দয়া, মায়া, মমতা একোৱেই নাই বুজিছানে কনচেং! এই নৈখন, পাহাৰ-পৰ্বত, ইয়াৰ চৰাইবোৰ জন্তুবোৰ, আৰু আমাৰ মৰমৰ মানুহবোৰক পাৰিলে সিহঁতে সুদাই নেৰে সিহঁতে সকলো ধ্বংস কৰিম বুলিয়েই আহিছে ইয়ালৈ। গতিকে  তই নিজকে প্ৰাণটো বচোৱা কনচেং। গধুলিৰ বিষাদপূূৰ্ণ আকাশখনৰ দৰে বিষাদেৰে ভৰি পৰিছিল কনেঙৰ মুখখন। পশ্চিমত ডুবিবলৈ ধৰা ৰঙা বেলিটোৰ দৰে ৰঙা হৈ পৰিছিল কনেঙৰ মুখখন। এটা সময়ত বেলিটোৰ লগে লগে কনেঙেও ডুবি গৈছিল ।  বহুত সময়লৈ তাই কথা কোৱা নাছিল! হাত ভৰি চেঁচা হৈ পৰিছিল।  কনচেঙে চিঞৰিলে যদিও তাই আৰু পুনৰ ঘুৰি নাহিল। কনচেঙৰ কথাবোৰ গছবোৰত ঠেকা খাই  গধুলিৰ মায়াময় বতাহজাকত  উটি গৈছিল। কনেঙৰ মুৰটো বুকুত গুজি লৈ  পাৰিছে মানে কান্দিছে! বাৰে বাৰে কঁপালত তাইৰ দুই ওঁঠেৰে আঁলফুলে চুমা আঁকি দিছে। তই মোক এৰি যাব নোৱাৰা কনেং! মই তোক যাবলৈ নিদিওঁ! তোক ইমান সোণকালে মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে! নাই আজি কনচেঙৰ কান্দোন কোনেওঁ নুশুনে! কনচেঙক সান্তনা দিবলৈ আৰু কনেঙৰ দৰে দ্বিতীয় জন বান্ধৱী তাইৰ জীৱনত কেতিয়াও নাহিব। কনচেঙে হাঁহিলে এতিয়াৰ পৰা তাইৰ কাষত হাঁহিবলৈ কোনো নোলাব।
মুন ৰাজবংশী