কনচেং
পাহাৰী গীত এটি মুখৰ ভিতৰতে গুণগুনাই বাঁহৰ কাঠিৰ ধুনীয়া খোখাটো পিঠিত লৈ কনচেং ওলাই যায়গৈ কচু, ঢেকীয়া, পচলা আদি বিচাৰি। কনচেং ৰ গীত শুনি ওলাই আহে সেই পাহৰতে বসবাস কৰি থকা লোকসকল। তাইৰ মিঠা আৰু বুকু জুৰ পেলোৱা মাতটো সকলোৰে প্ৰিয়। সেইখন পাহাৰত কনচেং ক ভাল নোপোৱা এজনো লোক নাই যিয়ে কনচেং ক বেয়া বুলিব পাৰে। তাইৰ সহজ সৰল সৰু মনটোৱে বৰঞ্চ সকলোৰে উপকাৰ হে কৰে। আজিকালি কনচেং ওলাই আহিলে তাইৰ লগত আৰু দুই এজন সাঁৰথি হৈ যায়। লগত বিচাৰি আনে খৰি- খেৰ আৰু পাহাৰীয়া শাক পাচলি । পাহাড়ৰ জংঘল কাটি বাট উলিয়াই মৰম লগা চঞ্চলতাৰে ভৰা পখিলাৰ দৰে নাচি বাগি নামি আহে তলিলৈ কনচেং। খোখাটোত থকা বিধে বিধে শাক, আলু, কচু, আৰু বহুতো বনৰীয়া পাচলি সেই সকলোবোৰ উলিয়াই মেলি দিয়ে বজাৰত। আজিকালি বজাৰখনৰ মানুহবোৰ কনচেং ৰ নতুন হৈ থকা নাই। তাইক দেখিলে সকলো বেপাৰীয়ে আগুৱাই আহে।
তাইৰ কোমল হাতেৰে বুটলি অনা আলু, কচু, ঢেকীয়া বোৰ গ্ৰাহকবোৰে সহজতে পচন্দ কৰে। সেয়ে বেছি সময়লৈ তাই বজাৰখনত ৰৈ থাকিবলগীয়া নহয়, সেইবোৰ বিক্রি কৰি পোৱা পইচা কেইটা আধাখৰচ ঘৰখনৰ বাবে ৰাখি আধা কাৰোবাৰ জীৱনত অত্যন্ত প্ৰয়োজনত খৰচ বহন কৰে। কনচেং ৰ নিৰ্মল পবিত্র অথচ সৰু হৃদয়খনৰ এনে সৰলতা দেখি সিহঁতৰ বস্তীৰ প্ৰত্যেকেই তাইক বৰ আদৰ সাদৰ কৰে। বস্তীটোত সিহঁতৰ সম্প্ৰদায়ৰ যিকোনো উৎসৱ ,পূজা উদযাপন কৰিবলৈ হ’লে বহুত কামৰে আগভাগ কনচেং এ দায়িত্ব পালন কৰে। যাতে কামবোৰ সুকলমে পাৰ হয়।
এবাৰ বহাগ মাহৰ কোনোবা এটা দিনত সিহঁতৰ বস্তীত উৎসৱৰ আয়োজন কৰা হ’ল.. ; সৰু সৰু ল’ৰা ছোৱালীৰ পৰা একেবাৰে বৃদ্ধ গৰাকীয়েও সেই উৎসৱত আগভাগ ল’লে। সকলোৱে নিজৰ নিজৰ মনৰ ভিতৰত থকা এটা এটাকৈ প্ৰতিভা দেখুৱাই গ’ল…! প্ৰত্যেকটো ক’লা কৌশলী বৰ আনন্দ দায়ক আছিল । কোনোৱে গীত পৰিবেশন কৰিলে, কোনোৱে আকৌ নৃত্য পৰিবেশন কৰিলে, কোনোৱে আকৌ ৰজা ৰাণীৰ ভেশচন ধৰিলে। মুঠৰ ওপৰত প্ৰত্যেকৰে মনত এটা এটা নতুন ৰূপ দেখিবলৈ পোৱা গ’ল সেইদিনা।
সময়ৰ সোঁতত বৈ গৈ কনচেং আজি গাভৰু হ’ল। গাভৰু হ’ল তাইৰ পোহনীয়া প্ৰতিটো চৰাইৰ জাক। গাভৰু হ’ল তাইৰ আজি মৰমৰ গাইগৰু জনী, তাই দিনৰ দিনটো কটোৱা পাহাৰখন, তাৰে ওপৰত লহপহকৈ বাঢ়ি অহা সেউজীয়া বোৰ। তাতোকৈ আপোনমনে খেলি থকা নৈখন। নৈখনৰ বুকুৰ পাৰত বহি কথা পাতে মাছবোৰৰ লগত। কিমান ধৰণৰ যে মাছ আছে কনচেং নৈখনত… ; তাইৰ চুবুৰীটোৰ মানুহবোৰে নৈখনলৈ আহি ধৰি লৈ যায় সৰু বৰ সকলোবোৰ মাছ। মাছবোৰ ধৰি নিলে তাইৰ দুঃখ লাগে, কিন্তু ক’ব নোৱাৰে তাই সিহঁতক। কেনেকৈ কয় নৈখনৰ বুকুত থকা মাছবোৰ ধৰি নিনিবি বুলি…! সিহঁতবোৰ যে নৈখনৰ লগৰীয়া। নৈখনৰ লগত সিহঁতৰ এক বিশেষ সম্পৰ্ক আছে, যেনে কনচেং ৰ…?
আজি পাহাড়ী চৰাইৰ গীতত আৰু কনচেং ৰ কোমল পৰশত নৈখনে চঞ্চলতাৰ ঢৌ তুলি বৈ যায় একাবেঁকা পাহাৰী সেউজীয়াৰ ভাঁজে ভাঁজে। তাই নাজানে !এই কনচেং জনীয়ে ক’ত গৈ মিলিছে! কোন ডেকা নদীৰ লগত মিলন হৈছে। মাথোঁ তাই জানে, এই হেন সুন্দৰী গাভৰু দুয়োপাৰে ঘন সেউজীয়াৰে ভৰা চিকমিক পানীৰ সোণালী ঢৌৰ বৰণত চিটিকি পৰা ৰশ্মিৰ ধুনীয়া নৈখনৰ প্ৰেমত কোনে নপৰাকৈ থাকিব পাৰে…? কোনেও নোৱাৰে। সেইবোৰ ভাবি ভাবি তাই বহি পৰে নৈখনৰ কোলাত। পাৰতে ফুলি থকা থোপা থোপে বনৰীয়া ফুলৰ কেইপাহ মান চিঙি আনি এপাহ এপাহকৈ এৰি দিছে চঞ্চলতাৰ সোণালী ঢৌত। সেই ঢৌত সিঁচি গৈছে বনৰীয়া সুবাস। য’ত বাটৰুৱাকো মোহিত কৰি তুলি টানি আনিছে তাইৰ বুকুৰ পাৰলৈ।
প্ৰতিদিনে কনচেং নৈৰ বুকুৰ পাৰত আহাৰ বিচাৰি অহা বনৰীয়া চৰাইজাকে উৰি গৈ দি থৈ গ’ল আবেলিৰ বতৰা। সেউজীয়াৰ শান্তিৰ কোলাত অকলে এৰি চিঞৰি চিঞৰি কৈ ৰাতিপুৱীতে এৰি অহা ঘৰলৈ উভতি গ’ল মৰমৰ কনচেং।
__ ঐ আজিলৈ থাক সেউজীয়াৰ স’তে কথা পাতি কালিলৈ আকৌ আহিম দুখ নকৰিবি দে…?
চুবুৰীটোৰ চাৰিওফালে ওখ ওখ পাহাৰ আৰু গছ গছনিৰে ভৰা বাবে বেলিটোৱে পশ্চিমত ভাটি দিয়াৰ লগে লগে পাহাৰখনত এন্ধাৰ সোণাকালে নামি আহে। গধুলিৰ সময়ত ওচৰৰ দুই এজন লোকে কনচেং ক বিচাৰি আহি মাত নোপোৱা বাবে সাহস হৈ যায় তাইক আগবঢ়াই আনিবলৈ। মানুহ কেইজনে জানে যে তাই পাহাৰখনৰ লগত পুৰণি চিনাকি। তাই বাট ভুল নকৰে, কিন্তু পাহাৰখনত থকা হিংস্র বন্য প্রাণী লৈ ভয় পায়! কি ঠিক, কেতিয়া কোনফালৰ পৰা আহি কাক কেতিয়া আক্ৰমণ কৰি চিকাৰ বনাই।
চিনাকি পাহাৰী গীতটো কাণত পৰাৰ লগে লগে মানুহ কেইজনৰ বুকুত প্ৰাণবায়ু ঘুৰি আহিল।
__ ঐ কনচেং! তই আজি ইমান পলম কিয় কৰিলি ইয়াত…?
__ নাই ও ককাই! চৰাই কেউজনীক ঘৰত যাবলৈ কওঁতে আৰু সৰু সৰু মোৰ মৰমৰ শহা পোৱালি কেইটাক মাকৰ ওচৰত থৈ আহোতে এইখিনি সময় লাগিল। চিন্তা কৰিব নালাগে দে ককাই! মোৰ এই পাহাৰখনত একো নহয় বুজিলি…?
__ হুম! আৰু তোৰ সেই দাঁত নিকটাই ওলাই আহা সিহঁতৰ গোজৰণিত পাহাৰ কঁপাই যোৱা কেইটাৰ কথা পাহৰিলি হ’বলা..?
__ সিহঁতক অন্যায় নকৰিলে সিহঁতেও কাকো অন্যায় নকৰে ।
__ মুঠৰ ওপৰত তোক আমি হাৰ মনাব নোৱাৰোঁ. .? এতিয়া আৰু ইয়াত থকা উচিত নহয় কনচেং ব’ল ঘৰলৈ..!
__ বুজিছ ককাই! তহঁতে এতিয়া মোৰ চিন্তা কৰিব নালাগে দে…? মই এতিয়া ডাঙৰ হৈছো।
__ সেয়ে এতিয়া বেছি ভয় লগা হৈছে তোৰ বাবে আমাৰ…!
__ কি…?
__ অ’ সৰু থাকোতে সিমান চিন্তা নাছিল! এতিয়া যিমানেই ডাঙৰ হৈ গৈ আছ সিমানেই বেছি ভয় মনত লাগে…? তই গাভৰু ছোৱালী কনচেং। তোৰ দৰে গাভৰুৰ আমাৰ ঠাইখনত বৰকৈ প্ৰয়োজন ও।
__ হ’ব দে! মই বুজিছোঁ তহঁতৰ মনৰ ভয় ক’ত…?
কনচেং ক নিজৰ ছোৱালীৰ দৰে মৰম কৰা পামেগামে কথাষাৰ ক’বলৈ বিচাৰিছে যদিও তাই মনত দুখ পাব বুলি ভয়তে ক’ব পৰা নাই…! কেনেকৈ উলিয়াই কথাষাৰ! পাৰিব জানো তাইৰ আগত প্ৰকাশ কৰিব যে তোক…?
পামেগাম আৰু চুবুৰীটোৰ দুই তিনিজন লোক আহি কনচেং হঁতৰ চোতালত বহি আছে। নৈখনৰ পৰা পানী লৈ আহি তাহাঁতৰ চোতালত ডাঙৰ ডাঙৰ মানুহকেইজন বহি থকা দেখি অলপ ভয় খাইছিল যদিও সিমান আচৰিত নহ’ল..! মনৰ সন্দেহ দূৰ কৰিবলৈ বৰজনাক মাত লগালে___
__ কি ও ককাই, আজি আকৌ কি কাম ওলাল চুবুৰীটোত…? যে ইমান পুৱাই আহি ওলালহি ইয়াত…?
__ কনচেং ! আজিৰ পৰা তই আৰু পাহাৰলৈ নাযাবি ;
__ কিয়..?
__ কিয় মানে..! আমি আৰু ইয়াৰ পৰা যাব লাগিব…?
__ যাব লাগিব! ক’ত যাব লাগিব..? ভালকৈ বুজাই নকওঁ কেলৈ…!
__ আমি য’ত আছোঁ এইয়া আমাৰ নিজৰ জমীন নহয় বুজিলি …? যোৱাকালি আবেলি আমাৰ ইয়াত কেইজনমান চৰকাৰী লোক আহি এইখন দি গৈছে…?
__হুম ল’ পঢ়ি চা কি লিখিছে…!
__ “কনচেং ৰ হাতত তুলি দিয়া কাগজখন লৈ তাই পঢ়ি গ’ল এফালৰ পৰা…! ” কিছু সময় মৌন হৈ তাই আকৌ পামেগামক সুধিলে…;
ঐ ককাই! এইখন পত্ৰত আমি ইয়াৰ পৰা যাব লাগিব বুলি একো কথা উল্লেখ কৰা হোৱা নাই দেখোন ? তই কেনেকৈ ক’ব পাৰিলি আমি ইয়াৰ পৰা যাব লাগিব। তাতোকৈ ডাঙৰ কথাটো হ’ল, পত্ৰখনত চৰকাৰৰ কোনো ধৰণৰ মোহৰ লগোৱা ইয়াত দেখা নাই;কেনেকৈ আমি ইয়াৰ পৰা যাব লাগিব বুলি ভাবি ললি তহঁতে …?
কনচেং ৰ মুখৰ কথা শুনি পামেগামৰ মুখৰ মাত হেৰাই থাকিল। যিখন পত্ৰ অলপ সময়ৰ আগতে তেওঁ নিজে পঢ়ি লৈ কথাবোৰ বুজি লৈছিল কিন্তু কনচেং ঙে পঢ়ি সম্পূর্ণভাবে বেলেগকৈ উত্তৰ দিলে… ;
বুজিছ ককাই পত্ৰখনত তেওঁলোকে উল্লেখ কৰা মতে আমি এতিয়া য’ত বাস কৰি আছোঁ, সেই সকলোবোৰৰ জমীন চৰকাৰী কাগজ বনোৱা হ’ব। সময়ে সময়ে গৈ আমি এই জমীনৰ নামত তেওঁলোকে এটা নিৰ্ধাৰিত কৰা মাচুল আমি দিব লাগিব। আইন মতে নগলে দণ্ডনীয় অপৰাধ হয়। সেয়া আমাৰ কৰ্তব্য ককাই। চিন্তা কৰিব নালাগে দে! এইবাৰ তেওঁলোক আহিলে মোক মাতি দিবি ।
হুম ল’ এতিয়া ৰাতিপুৱাৰ ফিকা চাহকাপকে খাই ল মনটো ভালে লাগি থাকিব ।
কনচেং ঙে কথাবোৰ কৈ থকাৰ মাজতে চাহ কেতিয়া বনালে তেওঁলোকে গমকে নাপালে! আজি যদি ইয়াত কনচেং নাথাকিলে হয় কি হলগৈ তেওঁলোকৰ অৱস্থা।
পুৱাৰ বেলিৰ উজ্জ্বল পোহৰত আজি আৰু বেছি ধুনীয়া কৰি তুলিছিল গাভৰু কনচেঙক। তাইৰ সেই উজ্জ্বল ধুনীয়া মুখখনিৰ চকুত চকু থৈ চাব পৰা শক্তি কাৰো নাই। কিয়নো কনচেঙৰ দৃষ্টিলৈ চালে আপোনা আপুনি নিজৰ চকুহাল তললৈ নামি যায়। এইয়া ভয় নহয় বিশেষকৈ লাজ লাগি যায়। তাইৰ সেই কোমল দুটি পাহিৰ চকুহালৰ ইমান উজ্জ্বল যে অলপ সময়ো চাই থাকিব নোৱাৰি…! পলকতে বশ কৰি কথা কোৱা তাইৰ সেই গোলাপৰ দুটি পাহিৰ কোমল ওঁঠযুৰি। আহঃ কি অপূর্ব ৰঙৰ বোল তাত। ক’বলৈ গ’লে গোটেই পৃথিৱীৰ সমস্ত ৰং ৰূপ কনচেঙৰ মুখখনতেই যেন বিৰাজমান।
চুবুৰীটোত থকা যি দুই চাৰিজন ডেকা আছে আনকি সিহঁতেও লাজ কৰে কনচেঙৰ মুখলৈ চাই কথা ক’বলৈ। সিহঁতে যেতিয়া কনচেঙৰ কাষত থিয় হয়, তেতিয়া কনচেঙৰ ৰূপৰ জেউতীয়ে ডেকাহঁতক একেবাৰে ধুনীয়াটো যেন লাগে। কনচেঙৰ ৰূপ, সৌন্দর্য আৰু তাইৰ মিঠা মিঠা কথাবোৰে চুবুৰীটোৰ সকলোকে ডেকা কৰি ৰাখিছে । নহ’লে পামেগাম আৰু লাংথুলুৰ দৰে মানুহবোৰক কেতিয়াবাই সকলোৱে বুঢ়া বুঢ়া বুলি মাত লগালে হয়। কনচেঙে পিঠিত বাঁহৰ খোখাটো ওলোমাই লৈ ওঁঠত বৰহমথুৰিৰ ৰং সানি পাহাৰী গীতৰ কলি এটা গুণগুনাই তাইৰ মৰমৰ বান্ধৱী চাংমাইক মাত লগালে___
__ ” ঐ চাংমাই! কি কৰি আছা, আজি কি পাহাৰখনত যাবলৈ মন নাই নেকি তোৰ…?
__ অ’ কনচেং তই। আছে! আছে ! আহ ভিতৰতে বহহি।
__ নবহো দে চাংমাই। যা যদি সোনকালে ব’ল, তই নগলে মই অকলে যাব লাগিব আৰু আজি অলপ সোনকালে উভতি আহিব লাগিব…!
__ কি হ’ল, আজি ইমান লৰালৰি কিয় লাগিছে তোৰ…?
__ তই হ’বলা পাহৰি গলি! আজি দুদিন আগতে আমাৰ বজাৰ খনৰ সেই ডাঙৰ দোকানিটোৱে কি কৈছিল ; যে আমি কিবা পাহাৰৰ জংলী পাচলি নিলে সোনকালে নিবলৈ কোৱা মনত নাই নেকি তোৰ…? আমি যি নিও সেই সকলোবোৰ দোকানিটোৱে ৰাখি বিক্রি কৰিব । বজাৰত শুনিছো কোনোবা বেলেগ ভয়ংকৰ মানুহ সোমাইছে…?
__ কি…?
__অ’ তই হ’বলা কথাবোৰ পতকৈ পাহৰি যোৱাৰ অভ্যাস আছে। এতিয়া যা যদি আহ মোৰ লগত নহ’লে মই যাওঁ তই তোৰ কাম কৰি থাক..!
কনচেং গ’লগৈ পাহাৰখনলৈ। তাই বজাৰ খনৰ কথা মাজে মাজে ভাবে…! এইবোৰ আকৌ কেনেকুৱা ভয় লগা মানুহ… ; সিহঁত বোৰ কি আমাৰ দৰে নহয় নেকি…? সিহঁতৰ গাত তেজ মঙহ নাই নেকি বাৰু…? কেনেকুৱা ধৰণৰ তেওঁলোক এবাৰ চাব পৰা হ’লে…? কথাবোৰ ভাবি গৈ থাকোতে পাহাৰখনত থিয় হ’ল তাই।
প্ৰতিদিনৰ দৰে আজিও নতুন পাচলি আৰু দেহৰ বাবে উপকাৰী কিছুমান সেউজীয়া লতাজাতীয় পাচলি তুলি লৈ গৈ বজাৰ পালে। কনচেঙক দেখি দোকানীজনে মাত লগালে__
__ ঐ কনচেং! এইফালে আহঃ…
__ গৈছোঁ ৰ’ বুলি কৈ উপস্থিত হ’ল মালিকজনৰ সম্মুখত। উম কওঁক মালিক…?
__ কি কি আনিলি আজি তই…?
__ এইয়া চাওঁক, মাটিৰ তলৰ আলু, পনৌনোৱা শাক, কলদিল, পাদুৰী লতা, মানিমুনি, শুকতি, এইয়া ঔ টেঙা মাছৰ লগত খাই বৰ ভাল পাব মালিক।
__ হওঁতে হয়, পিছে পলম কৰিব নালাগে যা এই পইচা কেইটা ল’ আৰু সোণকালে ঘৰত যা। গৈ থাকোতে মাজত ক’তো ৰৈ ৰৈ নাযাবি…!
__ মালিক আজি পইচা কমকৈ দিলে কিয়…? মোৰ পাচলিত মই ভবা মতে আৰু পাব লাগে…?
__ পাবি! পাবি ! ময়ো জানো, কিন্তু এতিয়া মোৰ লগত নাই বাবে দিব পৰা নাই ও কনচেং… মই জানো! তই কষ্ট কৰি ঘৰখনৰ লগতে চুবুৰীটোৰ দুই এজন লোকক সহায় কৰা সেয়াও জানো। কালিলৈ গোটেইকেইটা পইচা একলগত নিবি এতিয়া যা পলম নকৰিবি…? মনত সন্দেহ আৰু ভয় লৈ কনচেঙক বৰকৈ অনুৰোধ কৰি আছে মালিকে…?
__ মালিক যাওঁ। এটা কথা কওঁক চোন…!
__ কি কথা…?
__আমাৰ বজাৰত কেনেকুৱা ভয় লগা মানুহ সোমাইছে নো মোৰ চাবলৈ বৰ মন গৈছে…!
__ হুম_ এতিয়া আৰু তই বিপদ মাতি আনিব নালাগে ও আই তই যাগৈ যা…? সিহঁতবোৰ আহিলে নাজানো আজি কি উৎপাত কৰি থৈ যায়…?
মালিকজনৰ কথাত ভয় লাগিছিল যদিও সিহঁতবোৰক এবাৰ চাই যোৱাৰ ইচ্ছাও কনচেঙৰ মনত আছে! কিন্তু এইয়া ঠিক হ’ব জানো…! নাই ! নাই! তাই এনেকুৱা ভুল নকৰে, তাই ডাঙৰৰ কথা মান ৰখা ছোৱালী, গতিকে মালিক জনৰ মনত কষ্ট দিব বিচৰা নাই। কিন্তু মনেও মানা নাই…? আজিলৈ থাকক অহা কালিলে কিবা এটা নিশ্চয় কৰিব তাই…?
চিন্তিত মনেৰে সেমেকা চকুযুৰীৰে আমন জিমনকৈ ঘৰ পালে কনচেং। কনচেঙক ঘৰৰ পদূলিত আমন জিমনকৈ থকা দেখি লাংথুলুই মাত দিলে।
__ কি ও কনচেং, কি হৈছে আজি তোৰ…? কিয় মনটো মাৰি আছ..?
__ নকবি ও ককাই, বজাৰ খনৰ কথা ভাবিলে ভয় লগা হৈছে মনত…?
__ তই ঠিকেই কৈছ, মই আজি কিছু দিনৰপৰা বজাৰ খনত যোৱা বন্ধ কৰিছোঁ। শুনিবলৈ পাইছোঁ ক’ৰবাৰ পৰা এটা দল বান্ধি ভয় লগা মানুহ সোমাইছে হেনো আমাৰ ইয়াত…? আমাৰ এই সৰু যদিও ধুনীয়া বজাৰ খনত কি নিবলৈ আহিছে সিহঁতে..? কি পাব ইয়াত…? সহজ সৰল মনেৰে গঢ়ি তোলা এই সোণৰ দৰে জিলিকি থকা চুবুৰীটোৰ এই বজাৰ খনহে চকুত পৰিল সিহঁতৰ…?
লাংথুলুই কথাখিনি কৈ কৈ বহি পৰিল কনচেং হতৰ পদূলিত…! কনচেঙে বুজিবলৈ বাকি নাই, সিহঁতৰ চুবুৰীটোৰ লগতে বজাৰখনতো যে ক’ৰবাৰ পৰা কলা মেঘ এটুকুৰা উৰি আহি ঢাকি ধৰিছে…? পামেগাম আৰু লাংথুলু হঁতৰ দৰে মানুহবোৰে কিমান কষ্টৰ ফলত তুলি তালি ডাঙৰ দীঘল কৰি বুকুৰ তেজ ঢালি আজি এই ৰূপত দেখিবলৈ পাইছে সোণৰ দৰে উজ্জ্বল, নিষ্পাপ হৃদয়ৰ মৰম লগা মানুহৰ লগতে জীৱ-জন্তু, পশু-পক্ষী, চৰাই- চিৰিকটি, আদিৰে সজাই তুলিছে চুবুৰীটোক। তাক এনেকৈ কলা মানুহৰ হাতত কেনেকৈ শেষ হ’বলৈ দিব পাৰে…? কেতিয়াও নোৱাৰে, আপুনিও নোৱাৰে…? ময়ো নোৱাৰোঁ সেয়া সম্ভৱ নহয়।
দুখতে ভাগি পৰা লাংথুলু ককাইক ক’লে… ___ ঐ ককাই আমি আৰু এনেকৈ বহি থাকিলে নহ’ব, আমাৰ মৰমৰ চুবুৰীটোক ৰক্ষা কৰিবলৈ হ’লে আমি নিজেই কিবা এটা কৰিব লাগিব। আজি গধূলি মন্দিৰত চুবুৰীটোৰ সকলোকে শিশুৰ পৰা বুঢ়ালৈকে আহিবলৈ ক’লে হ’ল; তাত আজি ইয়াৰ বিষয়ে আলোচনা কৰা হ’ব। তই এতিয়া যা। চুবুৰীটোৰ সকলোকে মাতি আহগৈ! ময়ো গৈ আছোঁ তালৈ। কনচেং ভিতৰত সোমাল। কনচেঙৰ কথাবোৰ শুনিলে আচৰিত লাগে…! তাই এগৰাকী ছোৱালী হৈ বুকুত ইমান সাহস তাৰ ওপৰিও চুবুৰীটোৰ সকলোকে সাহসী কৰি তোলাৰো তাইৰ বুকুত সাহ আছে। কি অদ্ভুত তাই? তাইৰ জ্ঞান আৰু বুদ্ধিৰ আগত কাৰো লগতে তুলনা কৰিব নোৱাৰি …? তাই মানুহ নহয়, তাই কোনোবা দেৱ দেৱীৰ সন্তান। যি আমাৰ দৰে সাধাৰণ মানুহৰ ৰক্ষা কৰিবলৈ আমাৰ মাজত পথাইছে…!
মন্দিৰত এবাৰ শঙ্খৰ ধ্বনি বাজি উঠাত গম পালে যে এইয়া হৈছে মন্দিৰৰ চোতালত সকলোকে একলগ কৰা সংকেত…! দ্বিতীয় টো বাজি লে গম পোৱা যাব যে তাত চুবুৰীটোৰ সকলোৱে আহি উপস্থিত হৈছে। শেষৰটো বাজি উঠাৰ আগতে সকলোৱে কনচেঙক বিচাৰি পোৱা নাই…! এই মিটিং খন আচলতে কনচেঙৰ কথামতেহে পতা হৈছিল। গতিকে যিজনাই যিটো উদ্দেশ্যেত আজিৰ এই মিটিং খন দিছিল সেইজনাই ইয়াত নাথাকিলে কেনেকৈ জানিব লোকসকলে আজি হঠাৎ মন্দিৰৰ চোতালত কিয় মাতিছে…?
মিটিং স্থলীত কনচেঙক দেখা নাপাই পামেগামে এজন লোকক পথাই কনচেঙক মাতি আনিবলৈ ক’লে; এনেতে লাংথুলুই পামেগামক ক’লে,
__ ঐ পামে, কনচেং জানো অলপ সময়ৰ আগতে ইয়াতে বহি থকা নাছিল, এতিয়া ক’ত যাব পাৰে তাই…? সকলো আয়োজন তাইৰ কথামতে হে কৰা হৈছিল…? এতিয়া যদি তাই নাই কি হ’ব…? কি উদ্দেশ্যেত আমি সকলোকে ইয়ালৈ মাতি আনিছোঁ…?
মন্দিৰৰ ভিতৰৰ পৰা চাংমাই দৌৰি ওলাই আহি পামেগাম আৰু লাংথুলুক কাণে কাণে ক’লে, কনচেং ভিতৰতে আছে। পূজা শেষ হ’বৰ হৈছে বন দেৱীক সেৱা কৰি এতিয়াই আহি আছে চিন্তা কৰি থাকিবলৈ মানা কৰিছে তাই…? সেয়ে মই আপোনালোকক ক’বলৈ আহিলোঁ…! মিটিং খন আৰম্ভ কৰি দিবলৈ কৈছে তাই। মই মন্দিৰৰ ভিতৰতে আছোঁ, কিবা প্ৰয়োজন হ’লে মাতি দিব। চাংমাই গ’ল, এনেতে পামেগামে এটা নিৰ্দিষ্ট স্থানত গৈ থিয় হৈ মিটিং আৰম্ভ কৰিবলৈ ওলাওতে কনচেং সকলোৰে মাজত থিয় হ’ল। কনচেঙক দেখি সকলোৰে বুকুত প্ৰাণ ঘুৰি অহাৰ দৰে হ’ল…! লগে লগেই পামেগামে নিজৰ আসনত বহি কনচেঙক নিজৰ মত ৰাখিবলৈ ক’লে আৰু কি উদ্দেশ্যে ইয়াত মাতিলে তাকে জনাবলৈ ক’লে…?
মই আজি সকলোকে ইয়ালৈ মাতি আনিছোঁ হয় কিন্তু কিয় মাতিছো অলপ হ’লেও নিশ্চয় বুজি পাইছে। আমি এনেকৈ নজনাৰ ভাঁও ধৰি বহি থাকিলে নহ’ব। আমি আমাৰ তেজৰ মুল্য কিমান সিহঁতক দেখুৱাই দিব লাগিব। সিহঁতে বুজি পাওঁক, আমাৰ দৰে সৰু সৰু প্ৰাণীবোৰে কিমান কষ্ট আৰু ত্যাগ এৰি দি এই চুবুৰীটোক তুলি তালি ডাঙৰ দীঘল কৰি সোণৰ দৰে গঢ়ি তুলিছোঁ। কিন্তু আজি আমাৰ এই সোণৰ দৰে জিলিকি থকা চুবুৰীটো ধব্বংস কৰিবলৈ ভয়ংকৰ কলা কলা দৈত্য সোমাইছে। কেইবা দিনৰ পৰা আমাৰ বজাৰত দিনত অন্ধকাৰ নামি পৰে। এই সকলোবোৰ হ’বলৈ পাইছে একমাত্র সিহঁত বোৰৰ বাবেই।
এতিয়া কথা হ’ল আমাৰ যদি সোণৰ চুবুৰীটোক জীয়াই ৰাখিব খোজে তেনেহ’লে আমি সিহঁতৰ লগত যুদ্ধ কৰিব লাগিব। আনে আমাক অলপো সহায় নকৰে সেয়া সত্য কথা। নিজৰ জীৱনটোক যদিহে অলপ ভালপাবলৈ শিকিছোঁ তেন্তে আমি দেশখনৰ লগতে নিজৰ চুবুৰীটোকো ভালপাব লাগিব। আমাৰ হাতত সময় একেবাৰে নাই…? গতিকে এতিয়াৰ পৰাই আমি কামত লাগিব লাগিব। কোনে কি কৰিব সেয়া সকলো পামেগাম আৰু লাংথুলুই জনাই দিব।
মিটিং খন ভংগ কৰাৰ পাছত সকলোৱে ঘৰমুৱা হ’ল। কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন খেলিমেলিৰ সৃষ্টি কৰি আছে… ; সিহঁত আকৌ কেনেকুৱা কলা দৈত্য মানুহ, যি আমাৰ এই সোণৰ চুবুৰীটোক ধব্বংস কৰিবলৈ ওলাইছে…? কি পাব আমাৰ ইয়াত সিহঁতে, আমাৰতো এইয়া কোনো ৰজাৰ ৰাজভৱন নহয়, য’ত ধন, সোণ, হীৰা, মণি-মুকুতা আদি সকলো পাব। অ’ আমাৰ ইয়াত তেওঁলোকে পাব কেৱল সোণৰ দৰে উজ্জ্বল নিৰ্মল, পবিত্র একো একোখন নিষ্পাপ হৃদয় । তাৰ বাহিৰে আৰু কিনো আছে ইয়াত…?
ইফালে কনচেঙে চাংমাই চুবুৰীটোৰ আটাইকেইজনী গাভৰুক লগত লৈ সিহঁতে পহাৰৰ একেবাৰে শেষৰ ঢাপটোত থিয় হৈ চাইছে, শক্ৰুক কেনেকৈ কোনফালৰ পৰা বাধা দি ৰাখিব পাৰি…? তাৰ লগে লগে চাই গৈছে পাহাৰৰ মাজেৰে অহা যোৱা কৰা লুংলুঙীয়া বাটবোৰ। কনচেঙে কৈ উঠিল।
__ সিহঁতে এই সৰু সৰু বাট কেইটাৰে সোমাব নোৱাৰে আমাৰ চুবুৰীত। কিয়নো, এইফালেৰে সোমালে সিহঁতক আমি নিমিষতে আগুৰি ধৰি বধ কৰি পেলাম। নৈখনৰ ওপৰত থকা বাঁহৰ দলংখনেৰে পাৰ হ’ব নোৱাৰে, কিয়নো দলংখনৰ এটা মুৰে আমাৰ মানুহ থাকিব। সিহঁতে পাৰ হৈ আহিব খুজিলে আমাৰ মানুহে ৰচী কাটি দিব। গতিকে সিহঁতৰ হাতত মাথোঁ এটাই সম্পূর্ণ মুকলি বাট, সেইটো হ’ল, আমাৰ চুবুৰীটোত সোমোৱা মুখ্য বাটটো। এতিয়া কথা হ’ল, মুখ্য বাটত আমাৰ চুবুৰীটোৰ ভিতৰত সকলোতকৈ অস্ত্র চলাব পৰা লোকসকলক ৰাখিব লাগিব।
__ লংথুলুক ৰাখিব পাৰিম তাৰ পাছত কামেঙক , তাৰ পাছত তেৰাঙক আৰু কোন আছে আমাৰ চুবুৰীটোত তেনে মানুহ কনচেং…?
__ সেই কেইজনক এটাও ৰাখিব নোৱাৰিম তাত।
__ কিয়…? সিহঁতেটো ভাল অস্ত্র চলাব পাৰে। তোৰ মনত নাই জানো…! এবাৰ আমাৰ উৎসৱত কাজিয়া লাগোতে সিহঁত আটাইকেইজনে কেনেকৈ অস্ত্র চলাইছিল…?
__ আছে! আছে! সেই সকলোবোৰ মনত ভালকৈ আছে মোৰ। সেইবাবেইতো সিহঁতক ৰাখিব নোৱাৰিম। আমি সিহঁতক সেই দৈত্য সকলৰ চকুৰ পৰা লুকাই ৰাখিব লাগিব। পিছত প্ৰয়োজন হ’ব পাৰে। ইশ্বৰে যাতে তেনেকুৱা একো নকৰক…! এতিয়া ব’ল আমাৰ মন্দিৰলৈ। তাত আমাৰ আই মাতৃ সকলে কি কৰিছে চাওঁ ব’ল। চাংমাই তই আই মাতৃসকলৰ লগত থাকিবি।
পাহাৰী, তই সৰু সৰু শিশু সকলক লগত লৈ নামনিৰ দাঁতিত নতুনকৈ সজোৱা চাংঘৰটোত থাকিবি। প্ৰয়োজন হ’লে আমাৰ লগত সিহঁতেও যুঁজ দিব লাগিব। ৰংদৈ আৰু ৰহেদৈ তহঁত কেইজনীয়ে মুখ্য বাটত থকা ডেকাসকলক অস্ত্র বিলাক হাতত তুলি দিয়াকৈ থাকিবি। বাকি মই কৰিম।
কনচেঙে সিহঁতক নিজৰ নিজৰ কামত লাগিবলৈ কৈ টলি টলি পামেগাম আৰু লাংথুলুৰ কাষত থিয় হ’ল…?
সকলো তৈয়াৰ হ’ল নে ককাই…?
__ হ’ল কনচেং। তই যেনেকৈ কৈছ সকলোৱে তেনেকৈ কামত লাগি গৈছে।
__ ঠিক আছে মই এতিয়া যাওঁ। মন্দিৰত আৰু কাম আছে। বাৰু কনচেং।
পামেগামে বুজিবলৈ বৰ অসুবিধা হয় কনচেঙক। তাই নিজৰ বুদ্ধিমত্তাৰে কামবোৰ যিমান সুকীয়াকৈ কৰি নিছে আমিবোৰে ঢুকিয়ে নাপাওঁ। অন্ততঃ পাহাৰৰ সেই লুংলুঙীয়া বাটবোৰৰ কথা পাহৰিয়ে আছিলো। কিন্তু তাই প্ৰথমে সেই সকলোবোৰৰ কথাহে ভাবি সকলোবোৰ বাট বন্ধ কৰি থৈ শক্ৰুক পৰাস্ত কৰিবৰ কাৰণে এটাই বাট মুকলি কৰি থৈছে। সেয়া হ’ল মুখ্য বাট। তাইৰ এই বুদ্ধি আৰু সাহসিকতাক সহস্র প্ৰনাম জনালোঁ দূৰৰ পৰাই।
ইফালে মন্দিৰত কনচেঙে চুবুৰীটোৰ কেইজনমান বয়সীয়াল ককাক লগত লৈ তৈয়াৰ কৰি আছে দূৰৰ পৰাই শক্ৰুক বধ কৰিব পৰা শক্তিশালী অস্ত্র। বাঁহৰ নাল লগাই তাৰ আগত লোহাৰ জোং থকা অস্ত্র। বনৰীয়া জন্তুৰ দাঁতৰ নাল লগোৱা তীখা অস্ত্র। ধনুৰ কাড় আৰু বহুতো এনে অস্ত্র সস্ত্ৰ তৈয়াৰ কৰি উলিয়ালে ,য’ত নেকি সহজেই শক্ৰুক বধ কৰিব পাৰে।
কনচেঙে মন্দিৰত থাকিয়েই মনতে ভাবিলে, বহুত সময় পাৰ হৈ গ’ল, কিন্তু এতিয়ালৈ শক্ৰুৰ কোনো খবৰ নাই। এনেতে তাইলৈ পামেগামৰ খবৰ আহিল…?
আমি আৰু ভয় খাব নালাগে, শক্ৰুৱে আমাৰ বুদ্ধি আৰু শক্তি দেখি সিহঁতে চাগৈ ভয়তে উভতি গ’ল…! নহ’লে এতিয়ালৈ শক্ৰুৱে আমাৰ ওপৰত জপিয়াই পৰিল হয়। পামেগামৰ খবৰত কনচেং অলপো সন্তুষ্ট নহ’ল, কিয়নো_ তাই বুজিব পাৰিছে। পৃথিৱীত প্ৰচণ্ড ধুমুহা অহাৰ আগতে যেনেকৈ কিছু সময় মৌন হৈ পৰে সকলো দিশ, ঠিক তাৰ পাছ মূহূর্তৰ পাছতেই সকলো বিধ্বংসী কৰি থৈ যায়, এতিয়াও ঠিক তেনে এটা পৰিস্থিতিৰ কথা কনচেঙে বুজিব পাৰিছে। সেয়ে তাই লগে লগেই তাৰ লগতে পামেগামৰ ওচৰলৈ খবৰ পঠিয়াই দিলে, কোনোপধ্যেই সেই ঠাই এটা চেকেণ্ড সময়ৰ বাবে হ’লেও এৰি থৈ নাহিব? এইয়া হৈছে প্ৰচণ্ড বিধ্বংসী ধুমুহাৰ আগজাননী।
নাই !নাই! মই যদি সিহঁতৰ কাষলৈ এতিয়াই এবাৰ গৈ নাহো কথাটো ভয়ংকৰ হ’ব! সিহঁতে যদি শক্ৰুক দুৰ্বল বুলি ভাবি মুখ্য বাট এৰি থৈ আহে তেতিয়া হ’লে আমাৰ বৰ বিপদ হবগৈ। মই ইয়াত পাছলৈও আহিব পাৰিম। তাৰ আগত মই লাংথুলু হঁতৰ কাষৰ পৰা এবাৰ আহোগৈ…?
তাই ৰৈ নাথাকি পামেগামহঁতৰ ওচৰ পালে। লাংথুলু হঁতক মাতি আনি শক্ৰুৰ শক্তিৰ কথা উল্লেখ কৰি আছিলহে.. এনেতে এটা দল আহি সিহঁতৰ ওপৰত জপিয়াই পৰিল। পলকতে সকলো চিটিকি পৰিল দশোদিশে। শক্ৰুৱে জাই জাই গুলি বৰ্ষণ কৰিব ধৰিলে। লাংথুলু পামেগামহঁতেও দূৰৰ পৰাই ধনুৰ কাড় মাৰি সিহঁতৰ বহুত মানুহক মাটিত বগৰাই দিলে। কনচেঙে চাই নাথাকি তেৰাঙৰ হাতত থকা দীঘল দীঘল জোঙা অস্ত্র কেইপাত মান কাঢ়ি লৈ আনি শক্ৰুৰ বুকু ভেদিলে। কনচেঙৰ লক্ষ্য আৰু সাহস দেখি তেৰাঙৰ চকু কপালত উঠিল।
মুন ৰাজবংশী