তৃতীয় খণ্ড
কনচেং
তেৰাঙে চাই থাকোতেই কনচেঙে কেইবাজনকো বধ কৰি পেলালে। এজনী ছোৱালী হৈ যদি তাই শক্ৰুক বধ কৰিব পাৰে মইনো কিয় নোৱাৰোঁ, বুলি কৈ হাতত থকা দীঘল থুমুৰীখনেৰে শক্ৰুৰ গাৰ ওপৰত জপিয়াই পৰিল সি এইবাৰ। তেৰাঙৰ প্ৰচণ্ড খং গৈ মুৰত উঠিল। লগে লগে চকুৰ পলকতে এফালৰ পৰা মহতীয়াই নিলে বহু শক্ৰুক। তেৰাঙৰ বুকুত সাহস আৰু চকুত প্ৰচণ্ড খং দেখি সকলোৱে আচৰিত হ’ল…! তেৰাঙৰ অস্ত্ৰৰ প্ৰহাৰ সহ্য কৰিব নোৱাৰি শক্ৰুৱে পিছুৱাই গৈ পলাই যাবলৈ বাধ্য হ’ল। শক্ৰুৰ মুল সেনাপতি জনে এই সুন্দৰ চুবুৰীটোৰ সোণৰ মানুহবোৰৰ বুকুত সাহস আৰু নিজৰ জীৱনটোক সিহঁতে কিমান ভালপাই তাৰ প্ৰশ্নৰ উত্তৰ হাততে পালে। মৰম, ভালপোৱা, আন্তৰিকতা আৰু নিজৰ মাতৃভূমিক ভালপালেহে এনেকৈ নিজৰ জীৱনটোক ত্যাগ দিবলৈ ওলাই আহে। সেই ত্যাগ এই সৰু চুবুৰীটোৰ লোকসকলৰ মাজত দেখিছো আজি মই। আমি ভুল কৰিছোঁ, এই সোণৰ দৰে মানুহবোৰৰ লগত যুদ্ধ কৰি ! কিন্তু আমি কি কৰিব পাৰোঁ, আমিও যে কাৰোবাৰ হাতৰ তলুৱাত নাচি ফুঁৰা কাঠৰ পুতুলা।
সিহঁতৰ লগতে আমাৰো বহু সংখ্যক লোক ইহঁতৰ হাতত প্ৰাণ এৰি দিব লগা হ’ল। মুল সেনাপতি জনে কান্দি কান্দি তেওঁৰ লগত বাকি থকা লোকসকলক উভতি যাবলৈ আদেশ কৰিলে। সেনাপতি জনৰ কথা শুনি লোকসকলে আচৰিত হৈ উঠিল! চুবুৰীটোক ধব্বংস কৰিবলৈ আহি তেওঁলোকে নিজেই পৰাজয় স্বীকাৰ কৰি উভতি যাব। এইয়া কি কৈছে সেনাপতিয়ে…? লগে লগে এজনে মাত লগালে…
– আমি যদি এই চুবুৰীটোক ধব্বংস কৰি থৈ নাযাওঁ তেনেহ’লে ইয়াত নহ’লে ও তাত আমাৰ মৃত্যু নিশ্চিত।
– তাত মৃত্যু হওঁক! কিন্তু আমি এই সোণৰ দৰে মানুহবোৰক মৃত্যু দিব নোৱাৰোঁ…? তোমালোকে নিশ্চয় দেখিছা, তেওঁলোকে নিজৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ সৰু ল’ৰা ছোৱালীৰ পৰা এই বৃদ্ধ জনে কেনেকৈ আমাৰ লগত যুদ্ধ কৰিছে। তাৰ পাছতো তেওঁলোকে হাৰ মনা নাই। তেওঁলোকে আমাক বুজাই দিছে যে যুদ্ধ কৰি মৃত্যু বৰণ কৰিও তেওঁলোক অমৰ হৈ আছে।
সেনাপতি জনৰ কথা শুনি লোকজনেও কান্দি দিলে। তাৰ পাছত মুখেৰে একো নামাতি সকলোৱে অস্ত্র সস্ত্ৰ পেলাই উভতি গ’ল নিজ ঠাইলৈ।
শক্ৰুৱে উভতি যোৱা দেখি তেৰাঙহঁতৰ মনত আনন্দ আৰু হাঁহিৰে ভৰি পৰিল। কিন্তু যুদ্ধত পামেগাম আৰু লাংথুলুৰ বহুত আঘাত হ’ল।
পামেগাম আৰু লাংথুলুক চিকিৎসাৰ বাবে তেৰাঙৰ লগত পথাই দি নিজে কিছু সময়ৰ বাবে তাত পহৰা দি থাকিল। তাইৰ মনত ভাৱ হৈছে শক্ৰুৱে এতিয়াও এই ঠাই এৰি যোৱা নাই। কিয়নো যিহেতু সিহঁতে ইয়াত কিবা এটা পোৱাৰ বাবে হে আমাৰ সতে যুদ্ধ কৰিছিল, তাৰ পিছত আধাতে যুদ্ধ কৰা অস্ত্র সস্ত্ৰ পেলাই উভতি যোৱাৰ উদ্দেশ্যে কি হ’ব পাৰে…? নাই! নাই!
এইয়া কেনেকৈ সম্ভৱতঃ! আজিলৈ এনে পৰিস্থিতিৰ সম্মুখীন হোৱা ক’তো দেখা বা শুনা নাই! সিহঁতৰ দলটো ইমান শক্তিশালী হোৱাৰ পাছতো আমাৰ দৰে সাধাৰণ যুঁজাৰুৰ ওচৰত পৰাজয় স্বীকাৰ কৰিব এইয়া মোৰ মনে নামানে…? হয়তো তেওঁলোকে এইবাৰ অন্য কিবা ডাঙৰ ষড়যন্ত্র চলাব বিচাৰিছে আমাৰ ওপৰত..?
কনচেঙে এজন মানুহ পথাই চাংমাই আৰু ৰংদৈক মাতি পঠিয়ালে।
কনচেঙৰ আমন্ত্রণ পাই চাংমাই অন্ততঃ কিছু সময়ৰ বাবে সকাহ পালে। সিহঁত দুয়োজনে ৰৈ নাথাকি টলি টলি মুখ্য দুৱাৰ পালে। মুখ্য দুৱাৰত কনচেঙক চাংমাই ইফালে সিফালে ঘুৰি ঘুৰি চাই ক’তো দেখা নোপোৱাত প্রথমে ভয় খালে যদিও পুৱাতে মাতি পথোৱা কথাটোলৈ মনত পৰিল…! এনেতে সিহঁত দুয়োজনীয়ে থিয় হোৱা ঠাইৰ পৰা কিছু আঁতৰত থকা জোপোহা বনৰ পৰা খৰমৰাই শব্দ কৰি অদ্ভুত ৰূপত কিবা এটা ওলাই অহা দেখিলে! কিন্তু কি সেয়া দূৰত থকা বাবে ধৰিব পৰা নাছিল, লাহে লাহে ওচৰ চাপি অহাত চিনিব পাৰিলে সেয়া আন কোনো নহয় আমাৰ গাওঁৰ সকলোৰে মৰমৰ কনচেং ।
কনচেঙক এই নতুন ৰূপত দেখা পাই চাংমাই অভিভূত হৈ পৰিছিল। লগে লগেই তাইৰ মুখৰ পৰা আপোনা আপুনি ওলাই আহিল… আহঃ কি অপূর্ব তোৰ এই ৰূপ কনচেং। কোনে সজাইছে বাৰু তোক, তোক ইমান ধুনীয়াকৈ ইশ্বৰে সৃষ্টি কৰিছিল যে পৃথিৱীৰ সমস্ত ৰং ৰূপ তোৰ দেহতে ঢালি দি তোক এনেদৰে সজাই তুলিছে। আমি কোনোবা জনমত হয়তো কিবা এটা পূন্য কাম কৰিছিলোঁ সেয়ে আজি তোৰ দৰে এজনী বান্ধৱীক কাষত পাইছোঁ।
এতিয়া ক’চোন, আমাক ইয়ালৈ কিয় মাতি পঠিয়াইছ?
– মন্দিৰত কোন কোন আছে..?
– আছে। দুজন মান আই মাতৃ, ককাই দুজন মান আছে ৰহেদৈ আছে, তেওঁলোকে পামেগাম আৰু লাংথুলু হতঁক আঘাট প্ৰাপ্ত ঠাইবোৰত ঔষধৰ লেপ লগাই আছে।
– বাৰু! আমাৰ কিমান জন মান লোক আঘাট প্ৰাপ্ত হৈছে তহঁতে কোনোবাই ক’ব পাৰিবি নেকি মোক…?
– সম্পূর্ণ হিচাপ দিব নোৱাৰিলেও প্ৰায় পচিশ ত্ৰিশ জনমান লোকৰ কম নহয়।
– চলচলীয়া চকুহালেৰে মাটিত বহি পৰিল কনচেং ।
কনচেঙক এনেকৈ দুৰ্বল হৈ বহি পৰা দেখি লগে লগে চাংমাই হাতত থাপ মাৰি ধৰি ক’লে, ঐ কনচেং তই এনেকৈ ভাগি পৰিলে আমিবোৰে দেখোন সেই দৈত্য সকলৰ হাতত এনেয়ে জীৱনটো এৰি দিব লাগিব। আমিবোৰেতো তোৰ সাহসতেই ইমানলৈ আগবাঢ়ি আহিছিলো। কিন্তু তই যদি আজি এনেকৈ ভাগি পৰা ইয়াৰ পাছত কোনেও আৰু এখোজ আগুৱাই যাবলৈ সাহস নকৰিব। যেহেতু এই চুবুৰীটোত তইয়ে একমাত্র সকলোৰে আশা ভৰসা আছিলি! এতিয়া যি দেখিছো! আমাৰ হাতত আৰু কেইটামান সময়হে বাকি আছে তাৰ পাছত এই ধুনীয়া পৃথিৱীত গঢ়ি উঠা সৰু চুবুৰীটোত সোণৰ দৰে উজ্জ্বল মানুহবোৰৰ ৰাঙলী তেজেৰে এই ঠাই ৰাঙলী হৈ পৰিব। পশ্চিমৰ ৰঙা বেলিটো ডুব যোৱাৰ পাছতেই যেনেকৈ পৃথিৱী এন্ধাৰ হয় ঠিক তেনেকৈ ইয়াৰ মানুহবোৰৰ চকুতো লাহে লাহে আন্ধাৰ নামি আহিব। হয়তো আৰু কোনোদিনেই এই ঠাইত বেলিটো উদয় নহ’ব! যিকন পোহৰ এতিয়া বাকি আছে সেয়াও অলপ সময়ৰ পাছত ম্লান হৈ পৰিব! আৰু দুনাই পোহৰ নহয়! সূৰুযেও দুখতে এই ঠাইত পোহৰ বিলাই নিজকে দুখত পৰিব নিবিচাৰে। সিওঁ হয়তো লুকাই পৰিব মেঘত ডাৱৰৰ আঁৰত! তাৰ পাছত! তাৰ পাছত আমাৰ দৰে প্ৰাণীবোৰক কোনেও কাহানি দেখা নাপাব। আনকি আমাৰ এই দুখৰ দিনবোৰৰ কথা, সুখত প্ৰাণ খুলি হাঁহি ধেমালি কৰা ইজনে সিজনৰ মনৰ খবৰ লোৱা কথাবোৰ অলপ সময়ৰ পাছতেই বতাহত বিলীন হৈ যাব।
পৃথিৱীত যিমানে আন্ধাৰ নামি আহিছিল সিমানেই কনচেঙৰ বুকুত ভয় বাঢ়ি গৈছিল। যিহেতু তাই ইতিমধ্যে কেইবাজনো শক্তিশালী সাহসী লোক হেৰুৱাব লগা হৈছে। যি সকলক বিশ্বাস আৰু ভৰসা কৰিয়েই এই যুদ্ধখনলৈ চুবুৰীটোৰ শিশু আৰু বৃদ্ধ সকলক টানি আনিব পাৰিছিল তাই । এতিয়া কাক ভৰসা কৰি যুদ্ধখন কৰিব! চুবুৰীটোত দিহা পৰামৰ্শ দিয়া পামেগামৰ দৰে মুল মানুহজনক তাই হেৰুৱাব বিচৰা নাই! তাই যেনেকৈ নহওঁক কিয় কষ্ট কৰি হ’লেও পামেগামক বচাব লাগিব! নহ’লে এই যুদ্ধত পৰাজয় নিশ্চিত তাই সেয়া ভালকৈ বুজি পায়। কিন্তু তাই এই যুদ্ধত পৰাজয় হৈ মৃত্যুক আঁকোৱালি ল’ব বিচৰা নাই! কিয়নো শক্ৰুৰ লগত যুদ্ধ কৰি পৰাজয় বৰণ কৰাতো মৃত্যুতকৈয়ো বহুত বেছি ভয়ংকৰ। লাগিলে তাই হাঁহি হাঁহি এনেয়ে মৃত্যুক আঁকোৱালি ল’ব তথাপিওঁ শক্ৰুৰ হাতত পৰাজয় নহয়! সেয়ে তাই উঠি পৰি লাগিল। তাইৰ শক্ৰুলৈ ভয় নাই! ভয় মাথোঁ নিশাৰ গভীৰ আন্ধাৰলৈ! এই গভীৰ আন্ধাৰ একো একোজন ভয়ংকৰ দৈত্যতকৈয়ো কম নহয়। এইবাৰ তাই মনত অটুট বল বান্ধি লৈ বাকি সকলোকো মনত শক্তি যোগালে। যে_ সিহঁতে জীৱনৰ অন্তিম ক্ষণলৈ যুদ্ধ কৰি যাব আৰু সিহঁতকো মাৰি যাব, তথাপিওঁ এইহেন সোণৰ টুকুৰা সিহঁতৰ দৰে অসুৰ একোটাৰ হাতত এনেয়ে গতাই নিদিয়ে! বিনা কাৰণত আমাৰ এই সোণৰ চুবুৰীটোৰ সোণৰ দৰে মানুহবোৰৰ প্ৰাণ কাঢ়ি নিছে। কি দোষ আছিল আমাৰ। আমি কাকো অন্যায় কৰা নাছিলো। আনকি ইয়াত থকা পক্ষী এটাকো আমাৰ মাজতে মৰমেৰে পুহি ৰাখিছিলোঁ। তাৰ পাছতো আমাৰ এই সোণৰ চুবুৰীত তহঁতৰ কু দৃষ্টি পৰিল।
চুবুৰীটোৰ চাৰিওফালৰ ঠায়ে ঠায়ে জুই জ্বলাই পোহৰ কৰি ৰাখিলে। এই কাম কনচেঙে মিথিংগাক দিছিল। কনচেঙে কোৱাৰ দৰে মিথিংগাই দীঘল দীঘলকৈ বাঁহ কাটি আনি আগৰ ফালে ঠুকি লৈ তাৰ ওপৰত লোহাৰ কিছু বহল আকৃতিৰ বাতি বনাই তাত জুই জ্বলাই ৰাখিলে। তাত তেওঁলোকে এনে কিছুমান বিশেষ সামগ্রী মিহলি কৰি লৈছিল যাতে এই জুই অধিক সময়লৈ জ্বলি থাকে।
ইফালে কনচেং আহি পামেগামহঁতক চাবলৈ চিকিৎসা সেৱা কেন্দ্রত উপস্থিত হ’ল! তাই দেখি আচৰিত হ’ল! চুবুৰীটোৰ বহু লোক শক্ৰুৰ শক্তিশালী অস্ত্রত আঘাতপ্রাপ্ত হৈছে। তাৰেই ভিতৰত ৰনুৱা যুৱকৰ বেছিভাগেই ইয়াত চটফটাই আছে। কিছুমানে আকৌ চিৰজীৱনৰ বাবে নিদ্রা দেৱীৰ কোলাত শুই পৰিছে । হয়তো কেতিয়াও উভতি নহাৰ বাটেৰে…! পামেগামৰ হাতত আৰু পিঠিত বেছি কষ্ট পাইছে। সেয়ে তেওঁ ভালকৈ শুব পৰা নাই! বেকা হৈ পৰি আছে। মোক দেখাৰ লগে লগে তেওঁ চকুৰ ভাষাৰেই কাষলৈ মাতিলে যিহেতু হাতদুখন বিষৰ জালাত ডাঙি উঠাব পৰা নাছিল! মই আগুৱাই গ’লো। কষ্টৰ বিষত মাততো ভালকৈ ফুটি ওলাই আহিব পৰা নাছিল বাবে কিছু সময় ৰ’বলৈ ক’লে কনচেঙক! পামেগামৰ দুখ মোৰ অলপো সহ্য হোৱা নাছিল যদিও তেওঁ কি কয় তাকেই বাট চালো।
শৰীৰত আঘাত বুকুত দুখৰ বোজা আৰু চকুত ভয়ৰ ভাৱ প্ৰকাশ কৰি দীঘলকৈ উশাহ টানি লৈ কনচেঙক ভয়ে ভয়ে সুধিলে!
– যুদ্ধস্থলীৰ পৰিবেশ পৰিস্থিতি কেনেকুৱা ও এতিয়া কনচেং…!
– আমাৰ বহুত লোক আঘাত হৈছে। সিহঁতৰো কম নহয়। আমাৰ আঘাত পাইছে যদিও একো এটা হোৱা দেখা নাই! কিন্তু সিহঁতৰ বহুত লোকে প্ৰাণ হেৰুৱাইছে।
– এই সকলোবোৰ তোৰ বুদ্ধি মত্তাৰ বলত হে হ’বলৈ পাইছে কনচেং বুজিছা!
– আপুনি সেইবোৰ এতিয়া চিন্তা কৰিব নালাগে। দৰৱ পাতি সময়ে সময়ে ভালকৈ লৈ থাকিব তেতিয়াহে অতি শীঘ্রই সুস্থ হৈ উঠিব। নহ’লে বহুত পলম হ’ব ককাইদেউ। আপুনি সুস্থ হ’লেহে আমি এই যুদ্ধত জয়ী হ’ব পাৰিম।
– আ… ঐ. .. ! মই বুজিছোঁ তই কি ক’ব বিচাৰিছা! তই একো চিন্তা নকৰিবি, মই ইমান সোণকালে ওপৰলৈ নাযাাও আৰু মোক নিনিয়েও সেয়াও ভালকৈ জানো।
– আপুনি এই অমংগলীয়া কথাবোৰ নকবচোন! আমি বহুত কাম কৰিব লগীয়া আছে একলগ হৈ। গতিকে আপুনি এতিয়া জিৰণি লোৱাৰ সময়! মই আহিলো…! কনচেং ওলাই আহিল চিকিৎসা সেৱা কেন্দ্রৰ পৰা। পামেগামৰ কথাবোৰত কিবা এটা ভয় ভাৱ আছিল! তাই তাতেই হুকুহুকাই কান্দি দিব বিচাৰিছিল যদিও নিজকে ধৈর্য ধৰি ৰাখিছিল। কেনেকৈ কয় পামেগামক যে সিহঁতে বহুত লোক চিৰজীৱনৰ বাবে হেৰাই পেলাইছে! যুদ্ধস্থলীতে গাত খান্দি পুতি থৈ আহিছে। এই কথা কেৱল মিথিংগা, ৰহেদৈ, আৰু তাই জানে! তাৰ বাহিৰে আন কোনেও নাজানে, আৰু জানিবলৈও দিয়া নাই। টলি টলি কামেঙৰ সম্মুখত থিয় হ’ল কনচেং। অ’ কনচেং দেখোন! তই আহিলি। এইমাত্র।মন্দিৰত তেওঁলোকৰ কেনেকুৱা অৱস্থা এতিয়া! সিমান ভাল নহয়!
– মোৰ বৰ ভয় লাগি আছে ও কনচেং!
– মই জানো। এইবুলি কৈ থিৰে থাকিব নোৱাৰি কান্দি দিলে কনচেঙে। কেতিয়াও চকুত এফোঁট লোতক দেখা নোপোৱা আজি কনচেঙক কান্দি দিয়া দেখি কামেঙৰ আৰু বেছি ভয় হ’ল মনত।
– কি হৈছে কনচেং তোৰ ! তই মোক খুলি নকও কেলৈ! মই আজিলৈ তোৰ চকুত চকুপানী দেখা নাছিলোঁ। কিন্তু আজি দেখি মোৰ ভয় হৈছে মনত! আগতো চুবুৰীটোত বহুতবাৰ বিপদ আহিছিল! তেতিয়াও তই দুখ কৰা নাছিলি! কিন্তু আজি তোৰ চকুত এই ভয় দেখি মোৰ মনে কৈছে আমিবোৰে আৰু এই ধুনীয়া পৃথিৱীৰ সোণৰ চুবুৰীটোৰ ক্ষন্তেকৰ হে আলহী।
মুন ৰাজবংশী