কনচেং(দ্বিতীয় খণ্ড)-   মুন ৰাজবংশী

Pc Wallpaper Access
দ্বিতীয় খণ্ড
কনচেং   
প্ৰতিদিনৰ দৰে আজিও নতুন পাচলি আৰু দেহৰ বাবে উপকাৰী কিছুমান সেউজীয়া লতাজাতীয় পাচলি তুলি লৈ গৈ বজাৰ পালে। কনচেঙক দেখি দোকানীজনে মাত লগালে__
__ ঐ কনচেং! এইফালে আহঃ…
__ গৈছোঁ ৰ’ বুলি কৈ উপস্থিত হ’ল মালিকজনৰ সম্মুখত। উম কওঁক মালিক…?
__ কি কি আনিলি আজি তই…?
__ এইয়া চাওঁক, মাটিৰ তলৰ আলু, পনৌনোৱা শাক, কলদিল, পাদুৰী লতা, মানিমুনি, শুকতি, এইয়া ঔ টেঙা মাছৰ লগত খাই বৰ ভাল পাব মালিক।
__ হওঁতে হয়, পিছে পলম কৰিব নালাগে যা এই পইচা কেইটা ল’ আৰু সোণকালে ঘৰত যা। গৈ থাকোতে মাজত ক’তো ৰৈ ৰৈ নাযাবি…!
__ মালিক আজি পইচা কমকৈ দিলে কিয়…? মোৰ পাচলিত মই ভবা মতে আৰু পাব লাগে…?
__ পাবি! পাবি ! ময়ো জানো, কিন্তু এতিয়া মোৰ লগত নাই বাবে দিব পৰা নাই ও কনচেং… মই জানো! তই কষ্ট কৰি ঘৰখনৰ লগতে চুবুৰীটোৰ দুই এজন লোকক সহায় কৰা সেয়াও জানো। কালিলৈ গোটেইকেইটা পইচা একলগত নিবি এতিয়া যা পলম নকৰিবি…? মনত সন্দেহ  আৰু ভয় লৈ কনচেঙক বৰকৈ অনুৰোধ কৰি আছে মালিকে…?
__ মালিক যাওঁ। এটা কথা কওঁক চোন…!
__ কি কথা…?
__আমাৰ বজাৰত কেনেকুৱা ভয় লগা মানুহ সোমাইছে নো মোৰ চাবলৈ বৰ মন গৈছে…!
__ হুম_ এতিয়া আৰু তই বিপদ মাতি আনিব নালাগে ও আই তই যাগৈ যা…? সিহঁতবোৰ আহিলে নাজানো আজি কি উৎপাত কৰি থৈ যায়…?
               মালিকজনৰ কথাত ভয় লাগিছিল যদিও সিহঁতবোৰক এবাৰ চাই যোৱাৰ ইচ্ছাও কনচেঙৰ মনত আছে! কিন্তু এইয়া ঠিক হ’ব জানো…! নাই ! নাই! তাই এনেকুৱা ভুল নকৰে, তাই ডাঙৰৰ কথা মান ৰখা ছোৱালী, গতিকে মালিক জনৰ মনত কষ্ট দিব বিচৰা নাই। কিন্তু মনেও মানা নাই…? আজিলৈ থাকক অহা কালিলে কিবা এটা নিশ্চয় কৰিব তাই…?
             চিন্তিত মনেৰে সেমেকা চকুযুৰীৰে আমন জিমনকৈ ঘৰ পালে কনচেং। কনচেঙক ঘৰৰ পদূলিত আমন জিমনকৈ থকা দেখি লাংথুলুই মাত দিলে।
__ কি ও কনচেং, কি হৈছে আজি তোৰ…? কিয় মনটো মাৰি আছ..?
__ নকবি ও ককাই, বজাৰ খনৰ কথা ভাবিলে ভয় লগা হৈছে মনত…?
__ তই ঠিকেই কৈছ, মই আজি কিছু দিনৰপৰা বজাৰ খনত যোৱা বন্ধ কৰিছোঁ। শুনিবলৈ পাইছোঁ ক’ৰবাৰ পৰা এটা দল বান্ধি ভয় লগা মানুহ সোমাইছে হেনো আমাৰ ইয়াত…? আমাৰ এই সৰু যদিও ধুনীয়া বজাৰ খনত কি নিবলৈ আহিছে সিহঁতে..? কি পাব ইয়াত…? সহজ সৰল মনেৰে গঢ়ি তোলা এই সোণৰ দৰে জিলিকি থকা চুবুৰীটোৰ এই বজাৰ খনহে চকুত পৰিল সিহঁতৰ…?
লাংথুলুই কথাখিনি কৈ কৈ বহি পৰিল কনচেং হতৰ পদূলিত…!  কনচেঙে বুজিবলৈ বাকি নাই, সিহঁতৰ  চুবুৰীটোৰ লগতে বজাৰখনতো যে ক’ৰবাৰ পৰা কলা মেঘ এটুকুৰা উৰি আহি ঢাকি ধৰিছে…?  পামেগাম আৰু  লাংথুলু হঁতৰ  দৰে মানুহবোৰে কিমান কষ্টৰ ফলত তুলি তালি ডাঙৰ দীঘল কৰি বুকুৰ তেজ ঢালি আজি এই ৰূপত দেখিবলৈ পাইছে সোণৰ দৰে উজ্জ্বল, নিষ্পাপ হৃদয়ৰ মৰম লগা মানুহৰ লগতে জীৱ-জন্তু, পশু-পক্ষী, চৰাই- চিৰিকটি, আদিৰে সজাই তুলিছে  চুবুৰীটোক। তাক এনেকৈ কলা মানুহৰ হাতত কেনেকৈ শেষ হ’বলৈ দিব পাৰে…? কেতিয়াও নোৱাৰে, আপুনিও নোৱাৰে…? ময়ো নোৱাৰোঁ সেয়া সম্ভৱ নহয়।
                      দুখতে ভাগি পৰা লাংথুলু ককাইক ক’লে… ___ ঐ ককাই আমি  আৰু  এনেকৈ বহি থাকিলে নহ’ব, আমাৰ মৰমৰ চুবুৰীটোক ৰক্ষা কৰিবলৈ হ’লে আমি নিজেই কিবা এটা কৰিব লাগিব। আজি গধূলি মন্দিৰত চুবুৰীটোৰ সকলোকে শিশুৰ পৰা বুঢ়ালৈকে আহিবলৈ ক’লে হ’ল; তাত আজি ইয়াৰ বিষয়ে আলোচনা কৰা হ’ব। তই এতিয়া যা। চুবুৰীটোৰ সকলোকে মাতি আহগৈ! ময়ো গৈ আছোঁ তালৈ। কনচেং ভিতৰত সোমাল। কনচেঙৰ কথাবোৰ শুনিলে আচৰিত লাগে…! তাই এগৰাকী ছোৱালী হৈ বুকুত ইমান সাহস তাৰ ওপৰিও চুবুৰীটোৰ সকলোকে সাহসী কৰি তোলাৰো তাইৰ বুকুত সাহ আছে। কি অদ্ভুত তাই? তাইৰ জ্ঞান আৰু বুদ্ধিৰ  আগত কাৰো লগতে তুলনা কৰিব নোৱাৰি …? তাই মানুহ নহয়, তাই কোনোবা দেৱ দেৱীৰ সন্তান। যি আমাৰ দৰে সাধাৰণ মানুহৰ  ৰক্ষা কৰিবলৈ আমাৰ মাজত পথাইছে…!
                    মন্দিৰত এবাৰ শঙ্খৰ ধ্বনি বাজি উঠাত গম পালে যে এইয়া হৈছে মন্দিৰৰ চোতালত সকলোকে একলগ কৰা সংকেত…! দ্বিতীয় টো বাজি লে গম পোৱা যাব যে তাত চুবুৰীটোৰ সকলোৱে আহি উপস্থিত হৈছে।  শেষৰটো বাজি উঠাৰ আগতে সকলোৱে কনচেঙক বিচাৰি পোৱা নাই…! এই মিটিং খন আচলতে কনচেঙৰ কথামতেহে পতা হৈছিল। গতিকে যিজনাই যিটো উদ্দেশ্যেত আজিৰ এই মিটিং খন দিছিল সেইজনাই ইয়াত নাথাকিলে কেনেকৈ জানিব লোকসকলে আজি হঠাৎ মন্দিৰৰ চোতালত কিয় মাতিছে…?
মিটিং স্থলীত কনচেঙক দেখা নাপাই পামেগামে এজন লোকক পথাই কনচেঙক মাতি আনিবলৈ ক’লে; এনেতে লাংথুলুই পামেগামক ক’লে,
__ ঐ পামে, কনচেং জানো অলপ সময়ৰ আগতে ইয়াতে বহি থকা নাছিল, এতিয়া ক’ত যাব পাৰে তাই…? সকলো আয়োজন তাইৰ কথামতে হে কৰা হৈছিল…? এতিয়া যদি তাই নাই কি হ’ব…? কি উদ্দেশ্যেত আমি সকলোকে ইয়ালৈ মাতি আনিছোঁ…?
                            মন্দিৰৰ ভিতৰৰ পৰা চাংমাই  দৌৰি ওলাই আহি পামেগাম আৰু লাংথুলুক  কাণে কাণে ক’লে, কনচেং ভিতৰতে আছে। পূজা শেষ হ’বৰ হৈছে  বন দেৱীক সেৱা কৰি এতিয়াই আহি আছে চিন্তা কৰি থাকিবলৈ মানা কৰিছে তাই…? সেয়ে মই আপোনালোকক ক’বলৈ আহিলোঁ…! মিটিং খন আৰম্ভ কৰি দিবলৈ কৈছে তাই। মই মন্দিৰৰ ভিতৰতে আছোঁ, কিবা প্ৰয়োজন হ’লে মাতি দিব। চাংমাই গ’ল, এনেতে পামেগামে এটা নিৰ্দিষ্ট স্থানত গৈ থিয় হৈ মিটিং আৰম্ভ কৰিবলৈ ওলাওতে কনচেং সকলোৰে মাজত থিয় হ’ল।  কনচেঙক দেখি সকলোৰে বুকুত প্ৰাণ ঘুৰি অহাৰ দৰে হ’ল…! লগে লগেই পামেগামে নিজৰ আসনত বহি কনচেঙক নিজৰ মত ৰাখিবলৈ ক’লে আৰু কি উদ্দেশ্যে ইয়াত মাতিলে তাকে জনাবলৈ ক’লে…?
মই আজি সকলোকে ইয়ালৈ মাতি আনিছোঁ হয় কিন্তু কিয় মাতিছো অলপ হ’লেও নিশ্চয় বুজি পাইছে। আমি এনেকৈ নজনাৰ ভাঁও ধৰি বহি থাকিলে নহ’ব। আমি আমাৰ তেজৰ মুল্য কিমান সিহঁতক দেখুৱাই দিব লাগিব। সিহঁতে বুজি পাওঁক, আমাৰ দৰে সৰু সৰু প্ৰাণীবোৰে কিমান কষ্ট আৰু ত্যাগ  এৰি দি এই চুবুৰীটোক তুলি তালি ডাঙৰ দীঘল কৰি সোণৰ দৰে গঢ়ি তুলিছোঁ। কিন্তু আজি আমাৰ এই সোণৰ দৰে জিলিকি থকা চুবুৰীটো ধব্বংস কৰিবলৈ   ভয়ংকৰ কলা কলা দৈত্য সোমাইছে। কেইবা দিনৰ পৰা আমাৰ বজাৰত দিনত অন্ধকাৰ নামি পৰে। এই সকলোবোৰ হ’বলৈ পাইছে একমাত্র সিহঁত বোৰৰ বাবেই।
                   এতিয়া কথা হ’ল আমাৰ যদি সোণৰ চুবুৰীটোক জীয়াই ৰাখিব খোজে তেনেহ’লে আমি সিহঁতৰ লগত যুদ্ধ কৰিব লাগিব। আনে আমাক অলপো সহায় নকৰে সেয়া সত্য কথা। নিজৰ জীৱনটোক যদিহে অলপ ভালপাবলৈ শিকিছোঁ তেন্তে আমি দেশখনৰ লগতে নিজৰ চুবুৰীটোকো ভালপাব লাগিব।  আমাৰ হাতত সময় একেবাৰে নাই…? গতিকে এতিয়াৰ পৰাই আমি কামত লাগিব লাগিব। কোনে কি কৰিব সেয়া সকলো পামেগাম আৰু লাংথুলুই জনাই দিব।
মিটিং খন ভংগ কৰাৰ পাছত সকলোৱে ঘৰমুৱা হ’ল। কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন খেলিমেলিৰ সৃষ্টি কৰি আছে… ; সিহঁত আকৌ কেনেকুৱা কলা দৈত্য মানুহ, যি আমাৰ এই সোণৰ চুবুৰীটোক ধব্বংস কৰিবলৈ ওলাইছে…? কি পাব আমাৰ ইয়াত সিহঁতে, আমাৰতো এইয়া কোনো  ৰজাৰ ৰাজভৱন নহয়, য’ত ধন, সোণ, হীৰা, মণি-মুকুতা আদি সকলো পাব। অ’ আমাৰ ইয়াত তেওঁলোকে পাব কেৱল  সোণৰ দৰে উজ্জ্বল নিৰ্মল, পবিত্র  একো একোখন  নিষ্পাপ  হৃদয় । তাৰ বাহিৰে আৰু কিনো আছে ইয়াত…?
                        ইফালে কনচেঙে চাংমাই  চুবুৰীটোৰ আটাইকেইজনী গাভৰুক  লগত লৈ সিহঁতে পহাৰৰ একেবাৰে শেষৰ ঢাপটোত থিয় হৈ চাইছে, শক্ৰুক কেনেকৈ কোনফালৰ পৰা বাধা দি ৰাখিব পাৰি…? তাৰ লগে লগে চাই গৈছে পাহাৰৰ মাজেৰে অহা যোৱা কৰা লুংলুঙীয়া বাটবোৰ। কনচেঙে কৈ উঠিল।
__ সিহঁতে এই সৰু সৰু বাট কেইটাৰে সোমাব নোৱাৰে আমাৰ চুবুৰীত। কিয়নো, এইফালেৰে সোমালে সিহঁতক আমি নিমিষতে আগুৰি ধৰি বধ কৰি পেলাম। নৈখনৰ ওপৰত থকা বাঁহৰ দলংখনেৰে পাৰ হ’ব নোৱাৰে, কিয়নো দলংখনৰ এটা মুৰে আমাৰ মানুহ থাকিব। সিহঁতে পাৰ হৈ আহিব খুজিলে আমাৰ মানুহে ৰচী কাটি দিব। গতিকে সিহঁতৰ হাতত মাথোঁ এটাই সম্পূর্ণ মুকলি বাট, সেইটো হ’ল, আমাৰ চুবুৰীটোত সোমোৱা মুখ্য বাটটো। এতিয়া কথা হ’ল, মুখ্য বাটত আমাৰ চুবুৰীটোৰ ভিতৰত সকলোতকৈ অস্ত্র চলাব পৰা লোকসকলক ৰাখিব লাগিব।
__ লংথুলুক ৰাখিব পাৰিম তাৰ পাছত কামেঙক , তাৰ পাছত তেৰাঙক আৰু কোন আছে আমাৰ চুবুৰীটোত তেনে মানুহ কনচেং…?
__ সেই কেইজনক এটাও ৰাখিব নোৱাৰিম তাত।
__ কিয়…? সিহঁতেটো ভাল অস্ত্র চলাব পাৰে। তোৰ মনত নাই জানো…! এবাৰ আমাৰ উৎসৱত কাজিয়া লাগোতে সিহঁত আটাইকেইজনে কেনেকৈ অস্ত্র চলাইছিল…?
__ আছে! আছে! সেই সকলোবোৰ মনত ভালকৈ আছে মোৰ। সেইবাবেইতো সিহঁতক ৰাখিব নোৱাৰিম। আমি সিহঁতক সেই দৈত্য সকলৰ চকুৰ পৰা লুকাই ৰাখিব লাগিব। পিছত প্ৰয়োজন হ’ব পাৰে। ইশ্বৰে যাতে তেনেকুৱা একো নকৰক…! এতিয়া ব’ল আমাৰ মন্দিৰলৈ। তাত আমাৰ আই মাতৃ সকলে কি কৰিছে চাওঁ ব’ল। চাংমাই তই আই মাতৃসকলৰ লগত থাকিবি।
পাহাৰী, তই সৰু সৰু শিশু সকলক লগত লৈ নামনিৰ দাঁতিত নতুনকৈ সজোৱা চাংঘৰটোত থাকিবি। প্ৰয়োজন হ’লে আমাৰ লগত সিহঁতেও যুঁজ দিব লাগিব। ৰংদৈ আৰু ৰহেদৈ তহঁত কেইজনীয়ে মুখ্য বাটত থকা ডেকাসকলক অস্ত্র বিলাক হাতত তুলি দিয়াকৈ থাকিবি। বাকি মই কৰিম।
কনচেঙে সিহঁতক নিজৰ নিজৰ কামত লাগিবলৈ কৈ টলি টলি পামেগাম আৰু লাংথুলুৰ কাষত থিয় হ’ল…?
সকলো তৈয়াৰ হ’ল নে ককাই…?
__ হ’ল কনচেং। তই যেনেকৈ কৈছ সকলোৱে তেনেকৈ কামত লাগি গৈছে।
__ ঠিক আছে মই এতিয়া যাওঁ। মন্দিৰত আৰু কাম আছে। বাৰু কনচেং।
পামেগামে বুজিবলৈ বৰ অসুবিধা হয় কনচেঙক। তাই নিজৰ বুদ্ধিমত্তাৰে কামবোৰ যিমান সুকীয়াকৈ কৰি নিছে আমিবোৰে ঢুকিয়ে নাপাওঁ। অন্ততঃ পাহাৰৰ সেই লুংলুঙীয়া বাটবোৰৰ কথা পাহৰিয়ে আছিলো। কিন্তু তাই প্ৰথমে সেই সকলোবোৰৰ কথাহে ভাবি সকলোবোৰ বাট বন্ধ কৰি থৈ শক্ৰুক পৰাস্ত কৰিবৰ কাৰণে এটাই বাট মুকলি কৰি থৈছে। সেয়া হ’ল মুখ্য বাট। তাইৰ এই বুদ্ধি আৰু সাহসিকতাক সহস্র প্ৰনাম জনালোঁ দূৰৰ পৰাই।
               ইফালে মন্দিৰত কনচেঙে চুবুৰীটোৰ কেইজনমান বয়সীয়াল ককাক লগত লৈ তৈয়াৰ কৰি আছে দূৰৰ পৰাই শক্ৰুক বধ কৰিব পৰা শক্তিশালী অস্ত্র। বাঁহৰ নাল লগাই তাৰ আগত লোহাৰ জোং থকা অস্ত্র। বনৰীয়া জন্তুৰ দাঁতৰ নাল লগোৱা তীখা অস্ত্র। ধনুৰ কাড় আৰু বহুতো এনে অস্ত্র সস্ত্ৰ  তৈয়াৰ কৰি উলিয়ালে ,য’ত নেকি সহজেই শক্ৰুক বধ কৰিব পাৰে।
                  কনচেঙে মন্দিৰত থাকিয়েই মনতে ভাবিলে, বহুত সময় পাৰ হৈ গ’ল, কিন্তু এতিয়ালৈ শক্ৰুৰ কোনো খবৰ নাই। এনেতে তাইলৈ পামেগামৰ খবৰ আহিল…?
আমি আৰু ভয় খাব নালাগে, শক্ৰুৱে আমাৰ বুদ্ধি আৰু শক্তি দেখি সিহঁতে চাগৈ ভয়তে উভতি গ’ল…! নহ’লে এতিয়ালৈ শক্ৰুৱে আমাৰ ওপৰত জপিয়াই পৰিল হয়। পামেগামৰ খবৰত কনচেং অলপো সন্তুষ্ট নহ’ল, কিয়নো_ তাই বুজিব পাৰিছে। পৃথিৱীত প্ৰচণ্ড ধুমুহা অহাৰ আগতে যেনেকৈ কিছু সময় মৌন হৈ পৰে সকলো দিশ, ঠিক তাৰ পাছ মূহূর্তৰ পাছতেই সকলো বিধ্বংসী কৰি থৈ যায়, এতিয়াও ঠিক তেনে এটা পৰিস্থিতিৰ কথা কনচেঙে বুজিব পাৰিছে। সেয়ে তাই লগে লগেই তাৰ লগতে পামেগামৰ ওচৰলৈ খবৰ পঠিয়াই দিলে, কোনোপধ্যেই সেই ঠাই এটা চেকেণ্ড সময়ৰ বাবে হ’লেও এৰি থৈ নাহিব? এইয়া হৈছে প্ৰচণ্ড বিধ্বংসী ধুমুহাৰ আগজাননী।
                                 নাই !নাই! মই যদি সিহঁতৰ কাষলৈ এতিয়াই এবাৰ গৈ নাহো কথাটো ভয়ংকৰ হ’ব! সিহঁতে যদি শক্ৰুক দুৰ্বল বুলি ভাবি মুখ্য বাট এৰি থৈ আহে তেতিয়া হ’লে আমাৰ বৰ বিপদ হবগৈ। মই ইয়াত পাছলৈও আহিব পাৰিম। তাৰ আগত মই লাংথুলু হঁতৰ কাষৰ পৰা এবাৰ আহোগৈ…?
তাই ৰৈ নাথাকি পামেগামহঁতৰ ওচৰ পালে। লাংথুলু হঁতক মাতি আনি শক্ৰুৰ শক্তিৰ কথা উল্লেখ কৰি আছিলহে.. এনেতে এটা দল আহি সিহঁতৰ ওপৰত জপিয়াই পৰিল। পলকতে সকলো চিটিকি পৰিল দশোদিশে। শক্ৰুৱে জাই জাই  গুলি বৰ্ষণ কৰিব ধৰিলে। লাংথুলু পামেগামহঁতেও দূৰৰ পৰাই ধনুৰ কাড় মাৰি সিহঁতৰ বহুত মানুহক মাটিত বগৰাই দিলে। কনচেঙে চাই নাথাকি তেৰাঙৰ হাতত থকা দীঘল দীঘল জোঙা অস্ত্র কেইপাত মান কাঢ়ি লৈ আনি শক্ৰুৰ বুকু ভেদিলে। কনচেঙৰ লক্ষ্য আৰু সাহস দেখি তেৰাঙৰ চকু কপালত উঠিল।
মুন ৰাজবংশী
নলবাৰী