কথা, দেউতাক আৰু লৰাৰৰ – অভিজিৎ বৰা

কথা, দেউতাক আৰু লৰাৰৰ

অভিজিৎ বৰা, কলিয়াবৰ

: দেউতা মহাদেৱ ক’ত থাকে ?

: মহাদেৱ স্মশানত থাকে

: জুবিন দা থকা ঠাই খন আগতে স্মশান আছিল, বৰ্তমান মন্দিৰত পৰিনত হৈছে হাজাৰ হাজাৰ বন্তি জ্বলি থাকে ধূপ ধূনাৰ সুগন্ধ সেই ঠাই বা তেওঁৰ সমাধি স্থান কিয় জানানে ?

:তুমিয়ে কোৱাচোন বাবু

:কিয় জানা তেওঁ মহাদেৱ শিৱক ভাল পাইছিল কিন্তু স্বাৰ্থৰ কাৰনে আৰাধনা কৰা নাই নিস্বাৰ্থ প্ৰেমিক আছিল মহাদেৱৰ ।সেই বাবে মহাদেৱৰ স্থানত তেওঁক বিচাৰি পাইছে বৰ্তমান সময়ত নাহৰৰ ছাঁ ত জুবিন মন্দিৰ

: তোমাৰ কথাত মই সন্মত কিন্তু আৰু এটা কথা কি জানা এই যে মানুহ বোৰ জুবিন দাৰ মন্দিৰলৈ গৈছে সমাধি স্থলিত এখন গামোচা দিছে সেই গামোচা বোৰ জানো অসমীয়া শিপিনীৰ তাত- শালত বোৱা হয় জানো , তেওঁ জীয়াই থকা কালত কৈছিল কলিকতিয়া গামোচা ব্যবহাৰ নকৰিবলৈ আমি কি কৰিছো তেওঁৰ সেই স্থানত কলিকতিয়া গামোচা দি আছো । বৰ্তমান সময়ত সেই স্থানত গামোচা দিয়া টো অৰ্থহীন কাৰণ তেওঁ কৈছিল অকল গোমোচা খনে জাতিটো বচাব নোৱাৰে । তেওঁ সদাই কৈছিল গছ ৰুৱাৰ কথা বৰ্তমান এই ঋতু গছ ৰুপন কৰাৰ সময় নহয় যদিও তেওঁ ৰ সেই মন্দিৰ আশে পাশে শিতল বতাহৰ বাবে গামোচা দিয়াৰ বিপৰীতে প্ৰতিজন মানুহে গছ ৰুপন কৰিলে হাজাৰ নাহৰ ৰুলে এশ জোপাটো জী উঠিব

: তোমাৰ কথা মই বুজিছো দেউতা কিন্তু সেই স্থানত গামোচাৰ এক ন ব্যবসায় হৈছে এখন গামোচা ১৫০ /২০০ কিন্তু অসমৰ প্ৰতেক ঘৰৰ পৰা যদি ২০০কৈ সেই স্থানত নামঘৰ , মজিদ, গিৰ্জা নিৰ্মানৰ বাবে আগবঢ়াই ভবিষ্যৎ বিশ্ব ভিতৰত প্ৰথম স্থান হৈ জিলিকি থাকিব বৰ্তমানৰ জুবিন ক্ষেত্ৰ ।

:তুমি কোৱাটো থিকেই কৈছা ,তেওঁ কাকো জাতিগত ভাবে ভালপোৱা নাছিল সকলোকে অসমীয়া বুলিয়ে ভাল পাইছিল কিন্তু ৰাজনৈতিক দল বোৰে বা চৰকাৰে কেতিয়াও মন্দিৰ ,মজিদ এক লগত নবনাই
কাৰনে ৰাজনিতি কৰাৰৰ মূল অস্ত্ৰ হ’ল ধৰ্মৰ ৰাজনীতি ।