কথা দি কথা ৰাখিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

কথা দি কথা ৰাখিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীগৰাকী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে লখিমপুৰৰ বান দুৰ্গত আমতলা এলেকাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি তাৎক্ষণিকভাৱে বান সংকটৰ পৰা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে এটা চেনেল কাটিঙৰ সিদ্ধান্ত লয়। সেই অনুসৰি তেওঁ স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰি সিদ্ধান্তটোত উপনীত হয়। লগে লগে তেওঁ জলসম্পদ বিভাগক এটা চেক বান্ধ কাটি ১৩খনকৈ গাঁও বুৰাই ৰখা পানীখিনি উলিয়াই দিয়াৰ নির্দেশ দিয়ে। কথা মতেই কাম। মুখ্যমন্ত্রীয়ে এই নির্দেশ দি ঘূৰি যোৱাৰ কেইঘণ্টামান পাছতে বিভাগে চেনেল কাটিঙৰ ব্যৱস্থা কৰে। বিভাগে ৰাতিৰ ভিতৰতে চেক বান্ধ এটা কাটি বাহিৰ কৰিলে ৰঙানদীৰ আবদ্ধ পানী। আমতলাৰ নেপালী গাঁও এলেকাত চেনেল কাটিং কৰি বাহিৰ কৰিলে ১৩খনকৈ গাঁৱক আবদ্ধ কৰি ৰখা পানী। উল্লেখ্য যে আমতলাৰ পকাদল, ভেৰেকী, নগৰগাঁও, কৰতিপাৰ, সাপেখাতী, মাজৰচাপৰি, দোৱাৰপাৰ আদি ১৩খন গাঁও বুৰ গৈ আছিল ৰঙানদীৰ বানত। এই ১৩খন গাঁৱক বানৰ পৰা মুক্ত কৰাৰ বাবে মুখ্যমন্ত্রীয়ে দিয়া নির্দেশ নিশাই কার্যকৰী কৰে জলসম্পদ বিভাগে। চেক বান্ধ কাটি এখন পথাৰলৈ উক্ত ১৩খন গাঁও প্লাৱিত কৰি ৰখা পানীখিনি এৰি দিয়া হয়। পথাৰখনেৰে গৈ এই পানীখিনি এটা জানত পৰিব আৰু গাঁওকেইখন তাৎক্ষণিকভাৱে বানমুক্ত হ’ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এই পদক্ষেপ কাৰ্যকৰী কৰা হয়। উল্লেখ্য যে  সোমবাৰে মন্ত্ৰী ৰণোজ পেণ্ড, কেশৱ মহন্ত, পীযূষ হাজৰিকাসহ বিধায়ক মানৱ ডেকা, অমিয় ভূঞা, নৱ দলেসহ মুখ্যমন্ত্ৰী ড° শর্মাই এই অঞ্চলত বান পৰিস্থিতিৰ বুজ লয়। বান পৰিস্থিতি পৰিদৰ্শন কৰি মুখ্যমন্ত্রী ড°  শর্মাই ইতিমধ্যে অঞ্চলটোত বানে ছিঙি পেলোৱা মথাউৰি নিৰ্মাণৰ তৎকালীন আৰু দীর্ঘম্যাদী আঁচনিৰ কথা ব্যক্ত কৰাৰ লগতে তাৎক্ষণিকভাৱে বানত আবদ্ধ ১৩খন গাঁৱৰ সকাহৰ বাবে ৰাইজৰ সৈতে আলোচনা কৰি চেক বান্ধটো কাটি দিয়াৰ সিদ্ধান্ত লৈ কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দি যায়। ইয়াৰ উপৰি বানাক্ৰান্তৰ সকলোধৰণৰ সাহায্যৰো আশ্বাস দি যায় মুখ্যমন্ত্ৰীগৰাকীয়ে। সেইমতে বন্যার্তই সাহায্য পোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ৩১ মে’ত ৰঙানদীৰ বানে ছিঙিছিল আমতলাৰ মথাউৰিটো। মথাউৰিটো ছিগাৰ ফলত ১৩খন গাঁৱৰ ৰাইজে দুর্ভোগ ভুগি আছিল। ৰঙানদীৰ বাঢ়নী পানী সোমাই প্রত্যেকটো পৰিয়ালৰ ঘৰত এবুকু, এককাল পানী হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই দুৰ্ভগীয়া ৰাইজৰ মৰ্মবেদনাৰ বুজ ল’বলৈ আহি কালি তেওঁ কথা দিয়া মতে কাম কৰি গাঁওকেইখনৰ পৰা পানী নিষ্কাশনৰ ব্যৱস্থা কৰে। নিশাৰ ভিতৰতে মথাউৰিৰ চেনেল কাটিং কৰি গাঁওকেইখনৰ ৰাইজৰ উপকাৰ সাধন কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্রী পীযূষ হাজৰিকাক অঞ্চলটোৰ ৰাইজে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে স্থানীয় বিধায়ক মানৱ ডেকাৰো সদিচ্ছাৰ শলাগ লৈ বিধায়কগৰাকীকো ধন্যবাদ জ্ঞাপন কৰে ৰাইজে।