কথাবোৰ সাধুকথা হ’ল – কবিতা শর্মা

Pc Pinterest

কথাবোৰ সাধুকথা হ’ল ……

কবিতা শর্মা,
দিল্লী

আমি তেতিয়া বাস কৰা কাঠৰ চাংবাঙলো টোৰ সন্মুখৰ ডাঙৰ গেটখনৰ কাষত উগুল থুগুল মন এটা লৈ মই ৰৈ আছিলোঁ। মানে ৰৈ থাকিবলৈ বাধ্য হৈছিলোঁ। মায়ে পৰিষ্কাৰ সাধাৰণ কপাহী ফ্ৰক এটা পিন্ধাই দুডাল বেণী গাঁঠি দি তাতেই ৰৈ থাকিব কৈছিল। মোৰ ভৰিত এজোৰ হাৱাই চেন্দেল, হাতত খ মান শ্ৰেণীৰ কেইখনমান কিতাপ আৰু মাটিৰ ফলি । তাতে আকৌ মোক ঘৰতে ক-খ শ্ৰেণী পঢ়োৱা শিক্ষয়িত্ৰী ধনবাইদেউৱে আগদিনাই সকিয়াই থৈ গৈছিল ‘ মণি, তুমি গেটৰ মুখত ৰৈ থাকিবা । মোৰ লগত কাইলৈৰ পৰা স্কুললৈ যাব লাগিব। ” মোৰ ছয় বছৰীয়া শিশু মনত চিন্তাৰ বুৰবুৰণি … কিছু উৎসুকতা, কিছু উৎকন্ঠা আৰু লগতে ইমানদিনে মন গলেই আমাৰ ঘৰৰ বিশাল চৌহদৰ গছৰ তলেতলে ফলমূল বুটলি, উমলি জাযলি ফুৰা মুকলিমূৰীয়া দিনবোৰ হেৰুওৱাৰ বেদনা … অলপ সময়ৰ পাছত পৰিপাটীকৈ মেখেলাচাদৰ পৰিহিতা ধন বাইদেউক খোজকাঢ়ি আহি থকা দেখিলোঁ। হাতত এখন ৰেজিষ্টাৰ বহী । বাইদেউৰ পাছে পাছে এজাক ছোৱালী । অলপ ধিলাকৈ বন্ধা মূৰৰ খোপাটো লৰাই মোৰ ফালে চাই কলে – “অ, মণি ওলালা ? আহা। ” মইও বিনা বাক্যব্যয়ে ছোৱালীৰ জাকটোৰ মাজত সোমাই বাইদেউৰ পাছে পাছে পঢ়াশালিলৈ খোজ ললোঁ ।

অলপ দূৰ খোজ কাঢ়ি যোৱাৰ পাছত আমাৰ গন্তব্যস্থল পালোঁ । বাটটো পাৰ হৈ দীঘলীয়া পাচ কোঠলীয়া পকীঘৰটোত আমি সোমাই গলো ৷ সেইখনেই মোৰ জীৱনৰ প্ৰথম পঢ়াশালি “ডিব্ৰুগড় গ্রাহাম বজাৰ তিনি কোনীয়া নিম্ন বুনিয়াদী বালিকা বিদ্যালয়” । ইমান বছৰ পাৰ হৈ যোৱাৰ পাছতো সেই দিনটোৰ কথা আজিও মোৰ জলজল পটপট কৈ মনত আছে।

প্ৰথম দিনটোৰ অভিজ্ঞতা মোৰ ইমান ভাল নাছিল । ধন বাইদেউৱে মোক প্ৰথম শ্ৰেণীৰ কোঠালৈ লৈ গৈ শেষৰ ফালৰ খালী বেঞ্চ এখন দেখুৱাই তাতে বহিবলৈ কলে । মইও বহি পৰিলোঁ। বেঞ্চখনত মাত্ৰ এখন ফলি আৰু প্ৰথম শ্ৰেণীৰ কেইখন মান কিতাপ থোৱা আছিল । অলপ পাছত ইতিমধ্যে বেঞ্চত থোৱা কিতাপ ফলিৰ গৰাকী জনী আহি ওলাল । আহিয়েই তাই জানো কিয় মোক শত্ৰু জ্ঞান কৰিলে । মোৰ ফালে ঘোপাকৈ চাই সুধিলে ” ইয়াত কিয় বহিছা ? ” তাৰ পাছত মই লগত নিয়া অসমীয়াৰ কিতাপ খন হাতত লৈ বাননবোৰ জোটাই জোটাই মোক মুখ ভেঙুচাব ধৰিলে । মই আছিলোঁ শান্তশিষ্ট লাজকুৰীয়া ধৰণৰ ছোৱালী । মা – দেউতাৰ আলাসৰ লাড়ু । ভয় আৰু লাজত মোৰ দুগালেৰে চকুপানী বৈ আহিল । কিন্তু সেইসময়তে ধন বাইদেউ আহি হাঁহি এটা মাৰি সুধিলে “ কি হ’ল মণি ? আহা তুমি ইয়াতে বহা বুলি কৈ প্ৰথম বেঞ্চত বহা বগা, চুটিকৈ চুলি কটা ছোৱালী এজনীৰ ফালে চাই কলে “ নীনা, মণিক তোমালোকৰ লগতে বহাই লোৱা।” সেই খন বেঞ্চত ইতিমধ্যে কেইবাজনীও ছোৱালী বহি আছিল। মইও সিহঁতৰ লগতে থেপাথেপিকৈ বহি দীঘলকৈ এটা উশাহ ললো। অলপ পাছত গাড়ীৰে দেউতা আৰু মাক বিদ্যালয়লৈ অহা দেখিলোঁ। তৃতীয় শ্ৰেণীৰ শিক্ষয়িত্ৰী, লগতে বিদ্যালয় খনৰো প্ৰধান শিক্ষয়িত্রী বুঢ়ী বাইদেউৰ লগত তেওঁলোকে বহি কথা পাতিলে। বিদ্যালয় খনৰ ৰেজিষ্টাৰ বহীত মোৰ নাম ভৰ্তি কৰা হ’ল। প্ৰথম বাৰৰ বাবে মোৰ “কবিতা ” নামটো ৰেজিষ্টাৰ বহীত লিখা হ’ল যদিও সকলোৰে কাৰণে মা দেউতাই মৰমতে মতা মণি নামেৰে সদায় পৰিচিত হৈ থাকিলো । মোৰ জীৱনৰ সোণসেৰীয়া দিনবোৰৰ আৰম্ভণি তেনেকৈয়ে হ’ল।

আমাৰ পঢ়াশালি খনত কোনো ইউনিফর্ম নাছিল। সকলোৱে সাধাৰণ কপাহী চোলা আৰু হাৱাই চেন্দেল পিন্ধি আহিছিল। কিছুমানে তো খালী ভৰিৰেও আহিছিল । মইও কাঁহৰ থালিত ধোঁৱাই থকা গৰম ভাত কেইটামান নাকে মুখে গুজি হাৱাই চেন্দেল চোচৰাই হাততে কিতাপ ফলি লৈ পঢ়াশালিলৈ লৰ দিওঁ। ভাত খাই থাকোতে মাৰ সকিয়নি :– পানী খোৱা চুটীত চিধা ঘৰলৈ আহিবি, লোকৰ ঘৰে ঘৰে ঘূৰি নফুৰিবি ইত্যাদি, ইত্যাদি। বাটলৈ ওলালেই লগ পাওঁ সমনীয়াৰ জাক। হাঁহি – ধেমালি কৰি আনন্দ মনেৰে পঢ়াশালি পাওঁগৈ ৷ প্ৰাতঃ সভাত থিয় হৈ প্ৰাৰ্থনাত যোগ দিওঁ। সকলোৱে নিজৰ নিজৰ শ্ৰেণী কোঠালৈ গৈ পঢ়া শুনা আৰম্ভ কৰোঁ। আমাৰ বিদ্যালয়ৰ গাতে লাগি থকা এটা আধা বন্ধা ওপৰত চাল নথকা কোঠাত লৈ গৈ প্ৰায়ে আমাক দলত আওৰাবলৈ দিয়া হৈছিল —

একে এক গুন এক
একে দুই গুণ দুই

অথবা,

জিকমিক জিকমিক হেৰা সৰু তৰা
আকাশত তুমি বাৰু বহি কিনো কৰা

এতিয়াৰ আৰামপ্ৰিয় শৰীৰে তেতিয়াৰ ৰ’দ গৰমক ভ্রুক্ষেপেই নকৰিছিল।’ মাটিৰ ক’লা বৰণীয়া ফলিত জিলিকি উঠিছিল মাটি পেঞ্চিলেৰে লিখা বগা আখৰবোৰ ! ফলি মচিবলৈ ব্যৱহাৰ কৰিছিলোঁ কদমৰ ফুল। কিছুমানে আকৌ হাতৰ তর্জনী আঙুলিটো জিভাত অকনমানকে লগাই লৈ ফলিৰ আখৰ মচিছিল। প্ৰত্যেক শনিবাৰে আমাক বিদ্যালয়ৰ সন্মুখত মাটিতে ঘূৰণীয়া হৈ বহি ফলিত মৌখিক কৰিব দিছিল। মাজত ঠিয় হৈ বাইদেউৱে আমাক মৌখিক বোৰ দিছিল আৰু উত্তৰবোৰ আমি ফলিত লিখিছিলোঁ। তেতিয়া আমাৰ বিদ্যালয়বোৰত মধ্যাহ্ন ভোজনৰ কোনো ব্যৱস্থা নাছিল।পানী খোৱা ছুটিত মর্টন, ভজাবুট, সৰু সৰু শুকান মিঠা বগৰী আদি চোৱাইছিলো। পিয়াহ লাগিলে দুজনীমান লগ লাগি গৈ দমকলৰ ওচৰ পাইছিলোঁ। এজনীয়ে দমকল মাৰি দিলে ইজনীয়ে তলত হাত পাতি আজলিৰে পানী খাইছিলোঁ। ফটফটীয়া পৰিষ্কাৰ পানীবোৰ হাতৰ তলুৱাত মুকুতা হৈ জিলিকি উঠিছিল। বীজানুলৈ ভয় কৰা কথা জনাই নাছিলো। ভোক বা পিয়াহ সেইটোহে মুখ্য আছিল। বিদ্যালয়লৈ টিফিন আৰু পানীৰ বটল কেতিয়াও নিয়া নাছিলোঁ । টিফিন পিৰিয়দত সমনীয়াৰ লগত লুকাভাকু, চুটকুট কেতিয়াবা আকৌ কেইজনীমানক লগত লৈ ঘৰ পাইছিলোগৈ । কিন্তু ঘৰত নোসোমাই ঘৰৰ বাহিৰতে গোটেই কেইজনীয়ে পিটপিটাই গছৰ তলৰ পকা আম, মধুৰীআম, জামু এইবোৰ বুটলি খাইছিলোঁ । মাহঁতে গমেই নাপাইছিল । এদিনৰ কথা মোৰ এতিয়াও মনত পৰে। পানী খোৱা ছুটীত ঘৰলৈ গৈ উভতি অহাত অলপ পলম হৈছিল । টিফিনৰ পাছৰ পিৰিয়ড ইতিমধ্যে আৰম্ভ হৈ গৈছিল । বাইদেউৱে গোটেইকেইজনীকে বিদ্যালয়ৰ বাৰান্দাত কাণত ধৰি আঠুকঢ়াই থৈছিল। পঢ়া নোৱাৰিলে বাঁহৰ স্কেলৰ কোব পৰিছিল হাতত চেকনিৰ আগত বিদ্যা সেই কথা আমি মর্মে মর্মে উপলব্ধি কৰিছিলোঁ। সেই সময়ত আমাৰ মাজত প্ৰতিযোগিতাতকৈ সহযোগিতাহে বেছি আছিল । কেৱল পাঠ্য পুথিৰেই নহয় শিক্ষা গুৰু সকলে আমাক জীৱনৰ পাঠ পঢ়াইছিল। কিতাপৰ জ্ঞানৰ লগতে তেওঁলোকে আমাক নীতি শিক্ষাৰ পাঠো পঢ়াইছিল। কেৱল শিক্ষাগুৰু হিচাপে নহয়, অভিভাৱকত্বৰ ছায়াৰেও আমাক তেওঁলোকে আৱৰি ৰাখিছিল। সামান্য কথাতে লাগি মাজে মাজে আমি লগৰীয়াৰ লগত “আৰি-আৰি আৰি, কালকে যাব বাৰী, হনুমানৰ নেজ ডাল টনাটনি কৰি” (যিকথাৰ অৰ্থ মই আজিলৈকে বুজি নাপালোঁ) সেইবুলি কৈ মাতবোল বন্ধ কৰিছিলোঁ । বাইদেউ বিলাকে আকৌ মাতি নি মাতবোল কৰাই দিছিল । সকলো কথা পাহৰি আমিও হাত মিলাই আকৌ সনাপিটিকা হৈ পৰিছিলোঁ। শিক্ষাগুৰু সকলে আমাক মানুহ হিচাপে গঢ় দিবলৈ চেষ্টাৰ কোনো ক্ৰতি কৰা নাছিল। তেতিয়া বিদ্যালয়ত বাইদেউৱে আমি কিবা দোষ কৰিলে আমাক শাস্তি দিলেও অভিভাবকে অভিযোগ লৈ অহাৰ দৃষ্টান্ত নাছিল। ওলোটাই ঘৰত গম পালে আমাৰ পিঠিতহে ঔকিল পৰিছিল। কথাবোৰ ধৰি ৰাখিব শিকা নাছিলোঁ বাবেই জীৱন যেন তেনেই সহজ হৈ পৰিছিল। মন গলেই আমি ইজনীয়ে সিজনীৰ লগত সখী বান্ধিছিলোঁ। উপহাৰ হিচাপে দিছিলোঁ মাটি পেন্সিল, চুলিত মৰা ক্লিপ বা ফিটা । সময়বোৰ আগ বাঢ়িছিল আনন্দেৰে। এতিয়াও মনত পৰে কেতিয়াবা বৰষুণৰ দিনত পানীত তিতিবুৰি জাক পাতি কিৰিলিয়াই আনন্দত কব নোৱাৰা হৈ ঘৰ পাই মাৰ চৰ গালিৰ বৰষুণত তিতাৰ কথা !

এনেকৈ চাওতে চাওতে তৃতীয় শ্রেণী পালোঁ । তৃতীয় শ্ৰেণীত আমাৰ মন্ত্ৰী সভা গঠন হৈছিল। সেই দিনটোৰ কথা আজিও মোৰ স্পষ্টকৈ মনত পৰে । প্ৰধান মন্ত্ৰী, উপ প্রধান মন্ত্রী, স্বাস্থ্য মন্ত্রী, চাফাই মন্ত্ৰী, বৰ্গ মন্ত্ৰী, সকলোবোৰ মনোনীত হোৱাৰ পাছত কোনোবা এজনীয়ে মোৰ নামটো কৃষ্টি মন্ত্ৰী হিচাবে প্রস্তাব দিছিল । সকলোৱে সেই প্ৰস্তাৱ সমৰ্থন কৰিছিল আৰু মই হৈ পৰিছিলোঁ কৃষ্টি মন্ত্রী ! কিযে এক বুজাব নোৱাৰা অনুভূতিৰে কণমানি বুকুখন সুখেৰে ওফন্দিছিল! কিন্তু দুখৰ কথা যে কৃষ্টি মন্ত্ৰীৰ কোনো দায়িত্বই মই পালন কৰিব নাপালোঁ । তৃতীয় শ্রেণীত যাত্র ছয়মাহ পাৰ কৰি মোৰ সেই মৰমৰ বিদ্যালয় খন এৰিব লগীয়া হ’ল। দেউতা গুৱাহাটীলৈ বদলি হ’ল আৰু আমিও গুৱাহাটীলৈ গুচি আহিলোঁ ।

এৰি থৈ অহা সেই দিনবোৰ বৰ ভাল আছিল । নীনা, মিনতী,বৰদা,অপৰাজিতা,চৈয়দা, মাধন, চালেহা, ৰেজিয়াকে ধৰি প্ৰতিজনী ছোৱালী, ধনবাইদেউ, বুঢ়ী বাইদেউ ৰাস্তাৰ সিটোপাৰে থকা আমাক মর্টন,শুকান মিঠা বগৰী,বুট ভজা বেচা দোকানীজন, চানাৱালা, মলাই বৰফ বেচা বুঢ়া মানুহ জন এই সকলোবোৰ আমাৰ আপোন আছিল। বিদ্যালয়ৰ কাষৰ গছ কেইজোপাও বৰ আপোন হৈ পৰিছিল । জীৱনটোৰ প্ৰতি কোনো অভিযোগ নাছিল ৷ বয়সটোৱেই আছিল তেনেকুৱা । পোৱা নোপোৱাৰ হিচাপবোৰ কমোৱা তুলা হৈ নিমিষতে উৰি গৈছিল। হাঁহিবলৈ কোনো কাৰণ নালাগিছিল। সামান্য কথাতে খিলখিল হাঁহিৰ নিজৰা বৈছিল। চকুপানীবোৰ নিজে নিজে শুকাইছিল । এতিয়া হাঁহিবলৈকো প্রস্তুতি লাগে । তেতিয়া অলপ কথাতে সুখী হৈছিলো, এতিয়া যেন সুখী হবলৈকো অজুহাত লাগে। এতিয়াৰ স্মাৰ্ট ফোন, ডিজিটেল ক্লাছৰূযে দিয়া সুখবোৰ তেতিয়াৰ ভগা বেৰৰ শ্ৰেণীকোঠাৰ মজিয়াত ঠেকা খাই প্ৰাপ্তিৰ হাঁহি হৈ উজলি উঠিছিল।

হয়তো আমাৰ সেই পুৰণি দিনৰ কথা আজিৰ প্ৰজন্মৰ সাধুকথাৰ দৰেই লাগিব। কিন্তু মোৰ জীৱনৰ আটাইতকৈ ভাল লগা সময় আছিল মধুৰ শৈশৱৰ সেই সোণোৱালী দিনবোৰ …. এতিয়াও পুৰণি সেই বিদ্যালয় খন, লগ সমনীয়া বোৰ, বাইদেউ সকলৰ কথা মনত পৰিলে বুকুৰ গভীৰলৈকে যেন হুহুৱাই উঠে। কব নোৱাৰাকৈয়ে চকুৰ পতা সেমেকি উঠে। পাখি মেলি উৰি যাব নোৱাৰা দুখ এটা উজাই আহে …. জানো, সেই ছোৱালীবোৰ, সেই বাইদেউ সকল, সেই ভাল লগা দিনবোৰ, মোৰ মধুৰ শৈশৱ আৰু কেতিয়াও উভতি নাহে। আজিও স্মৃতিৰ মণিকোঠাত সযতনে সাচি ৰাখিছোঁ মোৰ সোণালী শৈশৱৰ সেই সুমধুৰ দিনবোৰ

দিনবোৰ একেই আছে
ৰাতিবোৰো চিনাকী
সময়ৰ সোঁতে সোঁতে
মুঠি মুঠি বালি হৈ
হাতেৰে পিচলি গ’ল শৈশৱৰ নিৰ্দোষ ধেমালি

উভতি নবয় সময় নদী
নুফুলে সৰাপাহি।