কথাবোৰ প্ৰকৃততে তেনে নহয়
~~~~~~~
ফখৰুদ্দিন আহমেদ
কথাবোৰ প্ৰকৃততে তেনে নহয়
এখনি চাহ বাগিছাৰ সেউজীয়াৰ দৰেই আছিল আমাৰ কথাবোৰ
এটি বোৱঁতী সুঁতিৰ দৰেই স্বচ্ছতাৰে ভৰি আছিল আমাৰ মনৰ সুন্দৰতাবোৰ
আকাশৰ হালধীয়া সুৰুযটোৰ দৰেই আছিল আমাৰ প্ৰেমবোৰ
যিবোৰক লৈ ঢপলিয়াই ফুৰিছিল মানবতাৰ প্ৰাৰ্থনা গৃহলৈ
মন্দিৰবোৰ
মছজিদবোৰ
গীৰ্জাবোৰ
গুৰুদ্ৱাৰ আৰু পৃথিৱীৰ মানুহবোৰ
কথাবোৰ প্ৰকৃততে তেনে নাছিল
এদিন প্ৰেমবিহীন পোচাকত আবতৰীয়া ছাঁ পোহৰত
হেৰাই গৈছিল
চাহ বাগিছা খনৰ সেউজীয়াবোৰ
সুঁতিৰ পানীৰ স্বচ্ছতা আৰু
গ্ৰহনৰ কুলগ্নই আৱৰি ধৰিছিল সুৰুযৰ হালধীয়াবোৰ
তেতিয়াৰ পৰাই আমি মানুহবোৰ দিকভ্ৰষ্ট হ’লো
গাভৰুৰ ওঠত লোৱা ৰঙীন লিপষ্টিকটোৰ দৰেই
কথাবোৰ প্ৰকৃততে তেনে নাছিল
মানুহ লগ লাগিলেই হৈছিল
জীৱনৰ মহোৎসৱ
প্ৰান পাই উঠিছিল
লুইতৰ গান
সম্প্ৰতি
কথাবোৰৰ জোনাকত মানুহবোৰ অপেক্ষাৰত।
