কথাবোৰ- দিব্যজ্যোতি কলিতা

pcPixa bay

কথাবোৰ

বাটটোৰ দৰেই
কথাবোৰ দীঘল হৈ যায়।
তিনি আলিৰ মূৰত
বাটটোৰ দৰেই
ভাগ হৈ যায় কথাবোৰ।
কেকুঁৰিটোত
কথাবোৰেও মোৰ সলায়।
বাটটো শেষ হৈ যায়
বজাৰ খনত
অথবা নৈৰ ঘাটত।
বজাৰ অথবা নৈ ঘাটত
কথাবোৰে নতুন ৰূপ পায়…

দিব্যজ্যোতি কলিতা
প্রথম ষান্মাসিক
গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়