কথাগল্প ন-সূৰুজৰ হাঁহি – প্ৰাণ প্ৰতিমা বড়া

Pc Shutterstock

কথাগল্প

ন-সূৰুজৰ হাঁহি

প্ৰাণ প্ৰতিমা বড়া
অধিবক্তা তথা লেখিকা
গুৱাহাটী

“ অ মা —-অ মা শুনাচোন ৷”

“ কিয় মাতি আছ’ ক’চোন ! মোৰ কাম আছে নহয় ৷”

“ মা ——— মা ——— আজি মোৰ পৰীক্ষা ভাল হৈছে জানা ৷”

“ আগৰেপৰা পঢ়াশুনা নকৰা ছোৱালী , পৰীক্ষা কেনেকৈ ভাল হব বাৰু ?”

“ আৰে মা মই কৈছোঁ নহয় ,মোৰ পৰীক্ষা ভাল হৈছে ৷”

“ হব হব ৷ এতিয়া সময় নষ্ট কৰিব নালাগে ৷ মুখ-হাত ধুই ল’ ৷ মই ভাত আনোগৈ ৷”

“ তুমি মোৰ প্ৰশ্নকাকতখনো নোচোৱানে মা ?”

“ পিছত চাম দে ৷এতিয়া ভাত খাব লাগে ৷ ৰাতিপুৱা একো নোখোৱাকৈ গৈছ’ পৰীক্ষা দিবলৈ ৷ এতিয়া তোৰ ভোক লগা নাই জানোঁ ?”

“ মা মা এবাৰ প্ৰশ্নকাকতখন চোৱানা?”

“ মোৰ চাবলৈ মন নাই ৷”

“ কিয় মা ?”

“ কিয় মানে ? তই আগৰেপৰা পঢ়িবলৈ ক’লেও নপঢ় ৷ কিবা এটা কথা ক’লে নুশুন ৷ সেইকাৰণেই কৈছোঁ তোৰ প্ৰশ্নকাকত চাবলৈ মোৰ একেবাৰে মন যোৱা নাই ৷ আহ ভাত খাই ল’ ৷”

“ মা মই তোমাক বহুত বেয়া পাইছোঁ ৷”

“ মইহে তোক বেয়া পাইছোঁ ৷ কালি ইমানকৈ ক’লোঁ অসমীয়া কাকতত ৰচনা লিখিবলৈ আহিব ৷ তোক তিনিখন বাচি দিছিলোঁ। তাকো পঢ়ি যোৱা নাই তই ৷ সেইকাৰণে বেয়া পাইছোঁ তোক ৷”

“ আৰে মা আচল কথাটো সেইটোৱেই ক’ব বিচাৰিছোঁ ৷ ”

“ আৰে মাজনী , ইউনিফৰ্মৰ কাপোৰযোৰ বিচনাত কিয় থৈছ’? আৰু জোতাযোৰ জেগাত থোৱা নাই যে ? উফঃ ৰাম ——— একেকেইটা কথাকে সদায় কিয় ক’ব লাগে বাৰু ক’চোন !”

“ এতিয়া বস্তুবোৰ ভালকৈ থৈছোঁ চোৱা । এতিয়া শুনাচোন মা ৷ মোৰ অসমীয়া বিষয়ৰ ৰচনা কি আহিল জানা?”

“ হব আৰু একো ক’ব নালাগে ৷ আগৰেপৰা নপঢ় নহয় ৷ ৰচনাখনো নিলিখাকৈ এৰি আহিলি ছাগৈ !”

“ কিয় এৰি আহিম মা ? তোমাৰ জীজনী বুৰ্বক বুলি ভাবিছা নেকি ?”

“তই বুৰ্বক নহয় কাৰণে মোৰ চিন্তা বেছিকৈ হয় ৷ বুৰ্বক সন্তানক শিকাব পাৰি ৷ বুধিয়কক শিকাবলৈ বৰ জটিল বুজিছনে? বাৰু বাৰু ক’চোন তই ৰচনা কি লিখিলি ?”

“ মা ৰচনা আহিছিল প্ৰিয় গ্ৰন্থ আৰু গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণ আৰু সাহিত্যিকৰ বিষয়ে দুআষাৰ ৷মই কি লিখিলোঁ জানা মা , মই তোমাৰ  গ্ৰন্থ “আবেলিপৰৰ নীড়” ৰ বিষয়ে লিখিলোঁ ৷ আৰু সাহিত্যিকৰ বিষয়ে মানে তোমাৰ বিষয়ে  কি লিখিলোঁ জানা মা ———  তেখেতক মই বহুত কাষৰেপৰা লগ পাইছোঁ ৷ তেখেত বৰ সহজ-সৰল মানুহ ৷ তেখেতে মানুহক বৰ মৰম-চেনেহ-আদৰ কৰে ৷ তোমাৰ বিষয়ে মানে মোৰ প্ৰিয় সাহিত্যিক তোমাৰ বিষয়ে সম্পূৰ্ণ এক পৃষ্ঠা লিখি আহিছোঁ মা ৷’ মা ঠিকেই লিখিছোঁ নে? ”

“ মাজনী তই মোৰ বিষয়ে লিখি আহিছ?”

“ উম মা , তুমিও ধুনীয়া-ধুনীয়া কিতাপ লিখিছা ৷ গতিকে মোৰ প্ৰিয় সাহিত্যিক তুমিয়েই মা ৷”

“ তাৰমানে তই সঁচাকৈয়ে বুজন মনৰ হৈছ’ ৷ পৰীক্ষাত দুটামান নম্বৰ কম পালেও একো ডাঙৰ কথা নহয় মাজনী ৷ সন্তানে যেতিয়া মাক-দেউতাকৰ আৱেগক বুজি পোৱা হব সেইটোহে আচল কথা মাজনী ৷ মোৰ ত্যাগ মোৰ কষ্টৰ ফল তই বুজিব পাৰিছ’ ৷ মই বহুত সুখী মাজনী ৷ আহ মাজনী এবাৰ মোৰ বুকুৰ মাজলৈ ৷ তই মোৰ আৱেগক আজি সন্মান দিলি মই সৌভাগ্যৱান মাজনী ৷ মই ভাগ্যৱান মাজনী ৷ সদায়েই এনেদৰে বুজন মনৰ হৈ থাকিবি দেই আইজনী ৷”