কথাগল্প
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
: তুমি মোক কিয় ভাল পোৱা?
: নাজানো, কিন্তু এটা গভীৰ টান অনুভৱ কৰোঁ, যেন অন্তৰত কোনোবা অদৃশ্য সূতাই বান্ধি ৰাখিছে।
: কাৰণ অবিহনে ভালপোৱা সম্ভৱনে?
: ভালপোৱা যুক্তিৰ দাস নহয়, বিশ্লেষণৰ অৰ্হতাত বন্দীও নহয়—কিন্তু আমি কেতিয়াবা সত্যকো সন্দেহ কৰোঁ, মিছাকেই বিশ্বাস কৰোঁ, কিন্তু স্নেহৰ সাগৰ শাশ্বতভাৱে বৈ থাকে।
: তেন্তে মানুহে ভালপোৱা এৰি যায় কিয়?
: ভালপোৱা এৰি নাযায়, সময়ৰ সংগতে তাৰ ৰূপ সলায় মাত্ৰ—যি এদিন তীব্ৰ অগ্নি আছিল, সিয়ে এদিন ধূলিত পৰিণত হয়, কিন্তু সেই ধূলিৰ তলতো অনন্ত জুই নুমাই নাযায়। অল্প দূৰত্বত কেতিয়াবা গভীৰতা বৃদ্ধি পায়।