ক’ত অন্তধ্যান হয় অসম ৰাজ্যিক চিৰিয়াখানাৰ একাংশ মৃত জীৱ-জন্তুৰ সবিশেষ তথ্য

ক’ত অন্তধ্যান হয় অসম ৰাজ্যিক চিৰিয়াখানাৰ একাংশ মৃত জীৱ-জন্তুৰ সবিশেষ তথ্য

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ গৌৰব, তথা অসমৰ একমাত্ৰ ৰাজ্যিক চিৰিয়াখানা খনত শেহতীয়াকৈ ব্যাপক অৰাজকতাই দেখা দিয়া পৰিলক্ষিত হৈছে। চৰকাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ বাবে বছৰি কোটি কোটি টকাৰ অনুদান আগবঢ়াই আহিছে যদিও আজি লৈকে অসমৰ একমাত্ৰ চিৰিয়াখানা খন সংস্কাৰমুখী নহল। এতিয়া যেন বিতৰ্কৰ অন্য এক নাম হৈ পৰিছে অসম চৰকাৰৰ বন বিভাগৰ অধীনত থকা অসম ৰাজ্যিক চিৰিয়াখানা। শেহতীয়াকৈ আম আদমি পার্টি (আপ)ৰ ৰাজ্যিক মুখপাত্র শ্রী সুশান্ত কুমাৰ নাথে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত কৰা এখন আবেদনৰ ওপৰত ভিত্তি কৰি চিৰিয়াখানা কর্তৃপক্ষই দিয়া উত্তৰ দেখি চকু কপালত উঠিছে। উল্লেখযোগ্য যে, RTI উত্তৰত লাভ কৰা তথ্যৰ ওপৰত সন্দেহ প্ৰকাশ কৰি আজি আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আপৰ মুখপাত্র গৰাকীয়ে এখনি গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। আজিৰ এই সংবাদ মেলত আপৰ মুখপাত্ৰ গৰকীয়ে সাংবাদিকৰ আগত কয় যে, “অসম ৰাজ্যিক চিৰিয়াখানাত এতিয়া এক বিশেষ অদৃশ্য শক্তিয়ে বিৰাজ কৰিছে যি অদৃশ্য শক্তিৰ ছত্ৰছায়াত চিৰিয়াখানাত মৃত্যু হোৱা একাংশ জীৱ জন্তুৰ নাম তথা মৃত্যুৰ সবিশেষ মৃত জীৱ জন্তুৰ পঞ্জীয়ন তালিকাৰ পৰা নোহোৱা হৈ যায়, আৰু চৰকাৰী নথি-পত্ৰ নোহোৱা হয়। লগতে আজিৰ এই সংবাদ মেলত আপৰ মুখপাত্ৰ গৰাকীয়ে যোৱা ইংৰাজী ২০২২ চনৰ এটা ঘটনাৰ ফটো আৰু বাতৰিৰ প্ৰদৰ্শন কৰি কয় যে, ২০২২ চনৰ ২ নৱেম্বৰৰ নিশা গণেশগুৰি, নয়নপুৰ অঞ্চলৰ পৰা নয়নপুৰ অঞ্চলৰ ৰাইজৰ সহযোগত মূল পথত ঘূৰি থকা অৱস্থাত আঘাতপ্রাপ্ত এটা পহু উদ্ধাৰ কৰি, গীতানগৰ আৰক্ষী আৰু সংবাদমাধ্যমৰ সহযোগত চিৰিয়াখানা কর্তিপক্ষক গতাই দিছিল। ইয়াৰ পৰবৰ্তী সময়ত পহুটোৰ চিকিৎসা হৈছিল যদিও অতি দূর্ভাগ্যজনক ভাবে যোৱা ইংৰাজী ০৮ নবেম্বৰ ২০২২ তাৰিখে উক্ত পত্নটোৰ মৃত্যু হোৱা বুলি শ্ৰী নাথক চিৰিয়াখানাই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জানিবলৈ দিয়ে। কিন্তু অতি আচৰিত বিষয়টো হৈছে যে, চিৰিয়াখানাৰ মতে ৮ নবেম্বৰ ২০২২ তাৰিখে মৃত্যু হোৱা এই পহ্লটোৰ মৃত্যু হোৱাৰ কোনো ধৰণৰ তথ্য অসম ৰাজ্যিক চিৰিয়াখানাই মৃত জীৱ- জন্তুৰ নাম, তথা সবিশেষ লিপিবদ্ধ কৰি ৰখা পঞ্জীয়ন তালিকাত উল্লেখ নাই। বৰঞ্চ অসম ৰাজ্যিক চিৰিয়াখানাই আপৰ ৰাজ্যিক মুখপাত্র শ্রী সুশান্ত কুমাৰ নাথক প্ৰদান কৰা ২০০১ চনৰ পৰা ২০২৩ চনৰ লৈকে চিৰিয়াখানাত মৃত্যু হোৱা সকলো জীৱ-জন্তুৰ পঞ্জীয়ন তালিকাটো মৃত উক্ত পন্থটোৰ কোনো কথাই উল্লেখ নাই। চিৰিয়াখানাই মৃত জীৱ-জন্তুৰ নাম লিপিবদ্ধ কৰি ৰখা মূল লিষ্টত ৮ নবেম্বৰ ২০২২ তাৰিখে কোনো জন্তুৰে মৃত্যু হোৱাৰ কথাই উল্লেখ নাই। ইয়াৰ ওপৰিও আপ অসমৰ মুখপাত্ৰ শ্ৰী সুশান্ত কুমাৰ নাথে তথ্য জনাৰ অধিকাৰ আইনৰ ২০০৫ ৰ অধীনত ২০০১ চনৰ পৰা ২০২৩ চনলৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা অন্য ৰাজ্য তথা দেশলৈ আমদানি-ৰপ্তানি কৰা জীৱ-জন্তুৰ খতিয়ান বিচাৰি কৰা আবেদনৰ উত্তৰত চিৰিয়াখানাই অতি আচৰ্য্যজনক ভাবে ২০০১ চনৰ পৰা ২০১১ চনলৈ মুঠ দহ বছৰৰ অসম ৰাজ্যিক চিৰিয়াখানাত আমদানি-ৰপ্তানি হোৱা জীৱ-জন্তুৰ কোনো চৰকাৰী তথ্য বর্তমান নাই বুলি অভিহিত কৰি কেৱল ২০১২ চনৰ পৰা ২০২২ চনলৈ অন্য ৰাজ্যৰে সৈতে আমদানি-ৰপ্তানি কৰা জীৱ জন্তুৰহে তালিকা প্ৰদান কৰে। ইয়াৰ ওপৰিও আপৰ মুখপাত্ৰ গৰাকীয়ে চিৰিয়াখানাত বৰ্তমান থকা সকলো জীৱ-জন্তুক দৈনিক খাদ্য যোগান ধৰাৰ বাবে কিমান টকাৰ খৰচ হয় বুলি সুধা এক প্ৰশ্নৰ উত্তৰত চিৰিয়াখানা কর্তিপক্ষই অতি চল-চতুৰিৰে উক্ত প্রশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকাটো অতি দূর্ভাগ্যজনক বুলি আজিৰ সংবাদ মেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপ অসমে। অতি পৰিতাপৰ কথাটো হল যে, অসম ৰাজ্যিক চিৰিয়াখানাৰ হাতত নাই ২০০৭ চনৰ পৰা ২০১১ চনলৈ লাভ কৰা চৰকাৰী পুঁজিৰ অফিচ ৰেকৰ্ড। আজিৰ এই সংবাদমেলত আপে অসম চৰকাৰৰ বন বিভাগ আৰু চিৰিয়াখানাক প্ৰশ্ন কৰি কয় যে, কিয় আৰু কি কাৰণত চিৰিয়াখানাৰ দৰে এটা বৃহৎ অনুষ্ঠানৰ পৰা এনেকৈ চৰকাৰী নথি-পত্ৰ নোহোৱা হৈছে? দুৰ্নীতি আৰু অনিয়ম, দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰাৰ কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্রী জনৰ চৰকাৰৰ দিনতেই চিৰিয়াখানাত চলি থকা এনেবোৰ অনিয়মৰ বিৰুদ্ধে চৰকাৰ কেতিয়া কঠোৰ হব? আৰু চৰকাৰী কাৰ্যালয়ত চৰকাৰী নথি সুৰক্ষিত কৰি ৰাখিব নোৱাৰা কৰ্মচাৰীৰ ওপৰত চৰকাৰ তথা বন বিভাগৰ ইমান নৰম স্থিতি কিয় বুলি প্ৰশ্ন কৰে আপ অসমে। বৰ্তমান চৰকাৰ আৰু একাংশ বিভাগৰ চৰকাৰী কাৰ্যালয় ঢাল তৰোৱাল বিহীন নিধিৰাম চৰকাৰলৈ পৰিণত হৈছে। য’ত চৰকাৰ আছে ঠিকেই, বিভাগ আছে ঠিকেই, কিন্তু কাম একো হোৱা নাই বুলি কঠোৰ ভাষাৰে চৰকাৰক নিন্দা কৰে আপ অসমে।লগতে আপে এই কথাও দাবী জনায় যে, ২ নবেম্বৰ ২০২২ তাৰিখে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিৰিয়াখানাক গতাই দিয়া পহ্লটো ৮ নবেম্বৰ ২০২২ তাৰিখে চিৰিয়াখানাই মৃত্যু হৈছে বুলি কৈছে যদিও, সমগ্র ঘটনাটো সন্দেহৰ আৱৰ্তত। অসমৰ বন মন্ত্ৰী গৰাকীক নিজৰ বিভাগত ঘটি থকা এনেবোৰ ব্যাপক অনিয়মৰ বিৰুদ্ধে তদন্ত চলাই ব্যবস্থা গ্ৰহণ কৰিবলৈ কুম্ভকৰ্ণ নিদ্ৰাত থকা মাননীয় মন্ত্রী “পৰিমল শুক্লবৈদ্য” ডাঙৰীয়াক নিদ্ৰা ভংগ কৰিবলৈ আজিৰ এই সংবাদ মেলত অনুৰোধ জনায় আপৰ মুখপাত্র শ্রী সুশান্ত কুমাৰ নাথে। উল্লেখযোগ্য যে, আজিৰ এই সংবাদ মেলত উপস্থিত থাকে আপ অসম যুৱশক্তিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক শ্রী নীলমণি শ‍ইকীয়া, আৰু যুৱশক্তিৰ যুটীয়া সম্পাদক শ্ৰী লক্ষাজিৎ গগৈ।