কণ কণ শিশু
পুৱাৰ কিৰণত জিক-মিকাই ফুলনিত
ফুলি থকা নানা বৰণৰ যেন ফুলবোৰ।
সিহঁতৰ কলকলনিত মুখৰিত হয় বিদ্যা মন্দিৰ,
পক্ষীৰ মাতত যেনেদৰে সাৰ পাই জগতখনি।
ফুল যেন নিষ্পাপ মুখবোৰে
পাহৰাই সকলো দুখ।
খঙবোৰ দূৰতে বিদূৰ হয়
মাতত অকণিহঁতৰ।
নেহাঁহো বুলিও হাঁহিব লাগে
খুহুতীয়া কথাত সিহঁতৰ।
বুটলি আনি দিয়েহি হেঁপাহেৰে
আমলখি, শিলিখা য’ত যি পায়।
সুখ-দুখৰো সমভাগী হঁও সিহঁতৰ,
সৰু সৰু গোচৰৰ নিষ্পত্তি কৰিব লাগে,
নিৰপেক্ষ বিচাৰকৰ আসনত থাকি।
দৌৰি আহি আগুৰি ধৰে যেতিয়া,
আবৰি ৰাখো মাতৃস্নেহেৰে।
শুভকামত আশীৰ্বাদ বিচাৰি
ভক্তিৰে চৰণত ধৰেহি সকলোৱে,
আনন্দত চকুলো নিগৰে তেতিয়া।
ভৱিষ্যতৰ ধৰণী ধৰোতা
একো একো জোপা বৃক্ষ সিহঁত।
সাৰ পানী দি কৰিছোঁ নিখুঁত
ৰাখিবলৈ দেশ আৰু জাতিৰ মান।
ময়ূৰাক্ষী গগৈ
যোৰহাট
