কণ্টকৰাম
এছ ইছলাম,
শিক্ষক, বৰপেটা
শিক্ষক, বৰপেটা
আছিল এহাল কেঁটেলা পহু
এটাই পোৱালী সিহঁতৰ,
নাম আছিল কণ্টকৰাম
হাবিত সিহঁতৰ ঘৰ।
মাক-দেউতাকে সদায় খুৱাই
আজিহে খোৱা নাই,
অসুখ হ’ল মাক-দেউতাকৰ
তাক খুৱাব কেনেকৈ?
ভাবি ভাবি সি পালেগৈ গছৰতল
দেখিলে পকা পকা নাচপতি
সৰি পৰিছে তাত
ভাবিলেঃ “সি এটা খাব
দেউতাকৰ বাবে মুখত এটা ল’ব
কিন্তু মাকে কি খাব?”
হঠাৎ এটা বুদ্ধি খেলালে মনত
গোটালে নাচপতিবোৰ গছৰ তলত
“এক দুই তিনি”- বুলি ওলোটা খৰ মাৰি
নাচপতিবোৰৰ ওপৰত
চিত্ হৈ পৰিল।
চাৰিটামান নাচপতি
কাঁইটত লাগি ধৰিলে
ঘৰ পালেহি কেঁকো-জেঁকোকৈ
আটায়ে খালে নাচপতি ভগাই।
মৰমৰ বাচাহঁত,
চোৱা, কণ্টকৰামৰ কাঁইটবোৰ
বৰ কোমল
কিন্তু ! বুদ্ধিবোৰ হ’লে বৰ চোকা
কণ্টকৰামৰ দৰে হ’বলৈ চেষ্টা কৰিবা।
