কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰ প্ৰস্তুতি

কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰ প্ৰস্তুতি

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া বৃহত্তৰ টুকটুকী অঞ্চলৰ একমাত্র উচ্চ শিক্ষাৰ অনুষ্ঠান।কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ সমাৰোহৰ বাবে কটহগুৰি মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ এখন প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়। কটহগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ খাইৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সন্মিলনৰ সম্পাদক মতিবুৰ ৰহমান ,উপ-সভাপতি আনিচুৰ ৰহমান প্ৰাক্তন ছাত্ৰ শ্বহিদুল ইছলামকে আদি কৰি কেবাজনো প্ৰাক্তন ছাত্ৰই সমাৰোহৰ প্ৰস্তুতি সম্পর্কে ভাষণ প্ৰদান কৰে। অহা ৮,৯ আৰু ১০ জুলাইত তিনিদিনীয়া কাৰ্য্যসূচীৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহটো অনুষ্ঠিত হব বুলি সভাই সিদ্ধান্ত লয়। সভাখনত মহাবিদ্যালয় খনৰ প্ৰৱক্তা ফিৰুজ খান ,মোজাম্মিল হুছেইন খণ্ডকাৰ ,ফাইজুদ্দিন আহমেদ,ইকবাল বাহাৰ চৌধুৰী উপস্থিত থাকি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক কৰ্মশালাত উপস্থিত থাকি অনুষ্ঠানটো সফল কৰিবলৈ আহ্বান জনায়।তিদিনীয়া সমাৰোহত গ্ৰন্থ মেলা,স্বাস্থ্য মেলা,সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন জাতি জন-জাতীৰ নৃত্য প্ৰদৰ্শন কৰা হব বুলি সম্পাদক মতিবুৰ ৰহমানে সাংবাদিকক জানিবলৈ দিয়ে।