কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ সম্পন্ন

কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ সম্পন্ন

টুকটুকী,আদিলুৰ ৰহমান,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এখনি সমাৰোহ দেওঁবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° খাইৰুল ইছলামে আৰু বন্তি প্ৰজ্বলন কৰে কটহগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী শ্বিৰিনা বেগমে । ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে কটহগুৰি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাইহান উদ্দীন চৌধুৰী, আমলখি গাওঁ পঞ্চায়তৰ সভাপতি শ্বেখ নুৰ উল্লাহ আৰু টুকটুকী গাওঁ পঞ্চায়তৰ সভাপতি আমিনুল ইছলাম । দুপৰীয়া ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নৰ অন্তত মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক অনুদান বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত শিলপুখুৰী গাওঁ পঞ্চায়তৰ সভাপতি আজিজুল হক উপস্থিত থাকি অনুদান বিতৰন কৰে । ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ধিং পৌৰ সভাৰ পৌৰপতি প্ৰিয়ংকা নায়কে শুভ উদ্বোধন কৰা অনুষ্ঠানটো পৰিচালনা কৰে কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সম্পাদক মতিবুৰ ৰহমান,আনিচুজ জামানে আৰু আদিলুৰ ৰহমান৷ বিয়লি কটহগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° খাইৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট সাংবাদিক ভাস্কৰ জ্যোতি বৰা মূখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ মুকলি সভাৰ অন্তত অনুষ্ঠিত হোৱা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা দিনযোৰা কাৰ্যসূচীৰ সামৰণি পেলোৱা হয় ৷ সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে সহকাৰী অধ্যাপিকা নিকুপ্ৰভা দেবীয়ে৷