কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ত শিক্ষক দিৱস পালন

কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ত শিক্ষক দিৱস পালন

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা-সমাজ ৰাজ্যখনৰ লগতে আজি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শিক্ষক দিৱসটি পালন কৰা পৰিলক্ষিত হয়। সেই অনুসৰি আজি কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে পুৱা ভাগত কেক কাটি শিক্ষাগুৰু সকলক লগত লৈ এই উৎসৱ পালন কৰে। মহাবিদ্যালয় খনৰ অধ্যক্ষ ৱাজীদুল হকে সভাপতিত্ত্ব কৰা সভাখনত বিশিষ্ট অতিথ হিচাপে উপস্থিত থাকি বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমণি গোস্বামীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয় যে—জীৱন মানেই সংগ্ৰাম।এই সংগ্ৰামত জয়ী হবলৈ হলে ছাত্র-ছাত্ৰী সকলে কঠোৰ অধ্যয়ন কৰিব লাগিব। তেওঁ লগতে আৰু কয় যে–শিক্ষক সকলে আমাক জ্ঞানৰ জোতি বিলাই দি আমাক এগৰাকী দায়িত্বশীল মানুহ হোৱাৰ সপোন দেখুৱাইছে। লগতে শিক্ষক সকলে ছাত্র ছাত্ৰী সকলক পিতৃ মাতৃয়ে লোৱা দায়িত্ব সমান বুলিও উল্লেখ কৰে। সভাখনত মহাবিদ্যালয় খনৰ শিক্ষক ডক্টৰ আশ্ৰফ ৱাহিদ, ইকবাল হুদা চৌধুৰী, বীৰেন মহন্তই ভাষণ প্ৰদান কৰে। মহাবিদ্যালয় খনৰ প্ৰৱক্তা ডক্টৰ আশ্ৰফ ৱাহিদে আঁত ধৰা সভাখনত প্ৰাক্তন ছাত্ৰ তথা টুকটুকী প্ৰেছ ক্লাৱৰ কাৰ্যলয় সম্পদক আবুল হুছেইনে সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে। সভাখনত মহাবিদ্যালয় খনৰ ছাত্র-ছাত্ৰী ফালৰ পৰা এটি কোৰাজ পাঠেৰে আৰম্ভ হোৱা সভা খনত মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগুৰু সকলক গামোচা,কলম,জাপি দি আৰ্শীবাদ লোৱা পৰিলক্ষিত হয়। ছাত্র-ছাত্ৰীৰ ফালৰ পৰা নৃত্য,গীত পৰিৱেশন কৰি সকলোকে মন উৎফুল্লিত কৰে। সভাখনত শিক্ষাগুৰু, অতিথি, সাংবাদিকৰ লগতে মহাবিদ্যালয় খনৰ প্ৰায় চাৰিশ ছাত্র-ছাত্ৰী উপস্থিত আছিল।