কটহগুৰিত ভয়াৱহ অগ্নিকাণ্ড

কটহগুৰিত ভয়াৱহ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  কটহগুৰিত বুধবাৰে পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত জাহ গ’ল ২০টা বাসগৃহ। প্ৰথমে এটা বাসগৃহত জুইৰ সুত্ৰপাত হয় ।  লগে লগে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও সময় মতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ বাবে জুই বাঢ়ি প্ৰায় ২০জন লোকৰ ঘৰ জুইয়ে আৱৰি ধৰে। কিছুসময়ৰ পিছত ধিং আৰু বটদ্ৰৱা, মৰিগাঁও আৰু মৈৰাবাৰীৰৰ পৰা চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ দুঘণ্টা সময় জুৰি কৰা চেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয়। ইপিনে চৰকাৰী গাওঁবুঢ়াৰ লগতে স্থানীয় ৰাইজে আহোম গাওঁ আৰক্ষী পহৰা চকীত খবৰ দিয়াৰ পিছতো আৰক্ষী ঘটনা স্থলীত উপস্থিত নোহোৱাত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে। এই অগ্নিকাণ্ডত আক্কাছ আলী(৪৫)নামৰ এজন লোক গুৰুতৰভাৱে আহত হোৱাত তেওঁক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁও মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। অগ্নিকাণ্ডত ৰমজান আলী, আজিবা খাতুন, শ্বমলা খাতুন, আক্কাছ আলী, নজৰুল ইছলাম, মুস্তাফা আহমেদ, শ্বৰিফুল ইছলামকে আদি কৰি ২০জন লোকৰ বাসগৃহ জুইত সম্পূৰ্ণ ৰূপে জাহ যায়। এই অগ্নিকাণ্ডত নগদ ২লাখ ২০হাজাৰ টকা, গৰু, ছাগলী, হাহ, কুকুৰা, আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।