কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

Pc The Sentinel Assam

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হ’ল । সভাপতি পদত আছু সমৰ্থিত প্ৰাৰ্থী ত্ৰিদিৱ ভাগৱতীয়ে জয় লাভ কৰে। উপ-সভাপতি পদত হিমপৰ্ণা দাসৰ জয় লাভ। সাধাৰণ সম্পাদক পদতো আছু সমৰ্থিত প্ৰাৰ্থী ঋতুৰাজ শইকীয়াই জয় লাভ কৰে। লগতে সহকাৰী সাধাৰণ সম্পাদক পদত জয় লাভ কৰে নয়না বৰাই।সম্পাদক, কটনিয়ান পদত অংকুৰ জ্যোতি শৰ্মাই জয় লাভ কৰে। তৰ্ক সম্পাদক পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত বিনয় কলিতাই জয় লাভ কৰে। সাংস্কৃতিক সম্পাদক পদতো অসম ছাত্ৰ পৰিষদ সমৰ্থিত ৰিমলিম ভূঞাৰ জয় লাভ। ছাত্ৰ জিৰণি কোঠা পদত একমাত্ৰ নিৰ্দলীয় প্ৰাৰ্থী হৃদয়া নন্দ কলিতাই জয় লাভ কৰে। ছাত্ৰী জিৰণি কোঠা পদত জয়ী হয় বিপাশা দাস। ক্ৰিকেট সম্পাদকৰ পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত দ্বীপজ্যোতি বৈশ্যই জয় লাভ কৰে। সংগীত সম্পাদক পদত বহ্নিমান গোহাঁইৰ জয় লাভ। টেনিছ, চুইমিং আৰু জিমনেজিয়ামৰ সম্পাদক পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত দেৱজ্ঞান বৰুৱাৰ জয় লাভ। লঘূ ক্ৰীড়া শাখাৰ সম্পাদক পদত আছু সমৰ্থিত লিছা মেধিয়ে জয় লাভ কৰে। সমাজ সেৱা সম্পাদক পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত বিতোপন দলেৰ জয় লাভ। এথলেটিকছৰ সম্পাদক পদত আন্না টিমুংপীয়ে জয়লাভ কৰে।