কটন বিশ্ববিদ্যালয়ৰ নতুন স্নাতক পাঠ্যক্ৰমৰ বিৰুদ্ধে বিৰোধিতা

Pc the economic times

কটন বিশ্ববিদ্যালয়ৰ নতুন স্নাতক পাঠ্যক্ৰমৰ বিৰুদ্ধে বিৰোধিতা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ২০২৩-২৪ শিক্ষা বৰ্ষৰ পৰাই স্নাতক পাঠ্যক্ৰমত ভৰ্তি হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত Common University Entrance Test(CUET) প্ৰবৰ্তনৰ যি সিদ্ধান্ত ঘোষণা কৰিছে তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ অসম শাখাৰ সভাপতি অধ্যাপক ত্ৰিদীব গগৈ আৰু সম্পাদক অধ্যাপক প্ৰদীপ মহাপাত্ৰ’ই আজি এক বিবৃতি যোগে কয় যে, যিসময়ত বহুতো আগশাৰীৰ শিক্ষাবিদ, বুদ্ধিজীবি, ছাত্ৰ সংগঠন তথা অল ইণ্ডিয়া ছেভ এডুকেচন কমিটি সহ বিভিন্ন শিক্ষা সচেতন সংগঠন আৰু ব্যক্তিয়ে জাতীয় শিক্ষা নীতি তথা ‘কোয়েট’ সহ ইয়াৰ বিভিন্ন ধাৰাৰ বিৰোধীতা কৰি আহিছে, প্ৰেচিডেন্সি বিশ্ববিদ্যালয়, যাদবপুৰ বিশ্ববিদ্যালয়, ওছমানিয়া বিশ্ববিদ্যালয়, পাঞ্জাব বিশ্ববিদ্যালয়, কেৰালা বিশ্ববিদ্যালয় আদি দেশৰ বহু স্বনামধন্য বিশ্ববিদ্যালয়ে এতিয়ালৈকে স্নাতক স্তৰত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিৰ ক্ষেত্ৰত ‘কোয়েট’ প্ৰবৰ্তন কৰা নাই, তেনে ক্ষেত্ৰত কটন বিশ্ববিদ্যালয়ে ইমান খৰখেদাকৈ কিয় ‘কোয়েট’ প্ৰবৰ্তন কৰিবলৈ ওলাইছে সেয়া আমাৰ বোধগম্য হোৱা নাই। তাৰোপৰি আমি আচৰিত হৈছো যে, যি ক্ষেত্ৰত ৰাজ্যখনত হায়াৰ চেকেণ্ডাৰী পৰীক্ষা এতিয়াও চলি আছে আৰু ই ২৫ মাৰ্চলৈ চলিব, তেনে ক্ষেত্ৰত কটন বিশ্ববিদ্যালয়ে ‘কোয়েট’ৰ প্ৰপত্ৰ পূৰণৰ বাবে ১২ মাৰ্চ’২৩ ক শেষ সময় সীমা নিৰ্ধাৰণ কৰিছে। ইয়াৰ ফলত ৰাজ্যখনৰ বহু মেধাবী ছাত্ৰ-ছাত্ৰী স্নাতক পাঠ্যক্ৰমত ভৰ্তিৰ পৰা বঞ্চিত হব। যি ক্ষেত্ৰত স্নাতক পাঠ্যক্ৰমত ভৰ্তিৰ প্ৰশ্নত ‘কোয়েট’ৰ বিষয়টো এতিয়াও এক বিতৰ্কিত বিষয় হৈ আছে, দেশৰ বহু বিশ্ববিদ্যালয়ে এতিয়াও ইয়াক প্ৰবৰ্তনৰ পৰা বিৰত আছে, তেনে ক্ষেত্ৰত কটন বিশ্ববিদ্যালয়ে এনেধৰণৰ এটা গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্ৰহনৰ আগত ৰাজ্যৰ ছাত্ৰ-শিক্ষক-শিক্ষাবিদ আদি শিক্ষাৰ লগত সংশ্লিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰা উচিত আছিল, যিটো তেওঁলোকে নকৰাকৈয়ে স্বেচ্ছাচাৰী পদক্ষেপ ল’বলৈ আগবাঢ়িছে।আমি ছেভ এডুকেচন কমিটি পক্ষৰ পৰা এনে ছাত্ৰ বিৰোধী সিদ্ধান্ত অবিলম্বে বাতিল কৰাৰ বাবে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দাবী জনাওঁ।