কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হ’ব চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম

Pc the economic times

কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হ’ব চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কটন বিশ্ববিদ্যালয়ে চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ আধাৰত প্ৰস্তুত কৰা এই পাঠ্যক্ৰমৰ লগতে সংশ্লিষ্ট ক্ৰেডিট পদ্ধতিও সন্নিবিষ্ট কৰা হৈছে। কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হবলগীয়া এই চাৰি-বছৰীয়া পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট (CUET)-ৰ ভিত্তিত প্ৰস্তুত কৰা মেধাৰ তালিকা অনুসৰি হ’ব বুলি অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগে যোৱা ২৭ জানুৱাৰিত জাৰি কৰা এক জাননী অনুসৰি ঘোষণা কৰা হৈছে। তদুপৰি উল্লেখ কৰা হৈছে যে এই প্ৰৱেশ পৰীক্ষা নেচনেল টেষ্টিং এজেন্সিয়ে পৰিচালনা কৰিব। উক্ত প্ৰৱেশ পৰীক্ষাৰ বাবে বিষয় বাছনি সন্দৰ্ভত প্ৰয়োজনীয় তথ্য কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইটত (www.cottonuniversity.ac.in) প্ৰকাশিত ২৩-২-২০২৩ তাৰিখৰ জাননীৰ সংলগ্ন অতিৰিক্ত সংযোজন – I, II আৰু III যোগে উপলব্ধ কৰা হৈছে। ইতিমধ্যে এই প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া cuet.samarth.ac.in ৱেবচাইট যোগে আৰম্ভ হৈছে। পঞ্জীয়নৰ অন্তিম সময় ১২ মাৰ্চৰ নিশা ৯ বজালৈ।
অধিক তথ্য আৰু নিৰ্দেশনাৰ বাবে পৰীক্ষাৰ্থীসকলক কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট পৰিদৰ্শন কৰি থাকিবলৈ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কে অনুৰোধ জনাইছে।