কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসৰ সভাপতি পদৰ পৰা পদত্যাগ
ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিয়ে লৈছে নতুন ৰূপ। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে মঙলবাৰে সভাপতি পদৰ পৰা পদত্যাগ কৰে। কটন বিশ্ববিদ্যালয় প্ৰশাসনৰ ওচৰত হিমাংশুৱে দাখিল কৰে পদত্যাগ পত্ৰ। ইয়াৰ লগে লগে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাখন ভংগ হৈ পৰে। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জাভেদ আখটাৰে নীতিবহিৰ্ভূতভাৱে যোগদান কৰিছিল বিজেপিত। ৮ মাৰ্চত বিজেপিৰ যোৰহাট জিলা কাৰ্যালয়ত বিজেপিত যোগদান কৰিছিল জাভেদে।ছাত্ৰ একতা সভাৰ কাৰ্যকাল চলি থকাৰ মাজতে ৰাজনৈতিক দলৰ শৰণাপন্ন হোৱা বিষয়টোক সহজভাৱে ল’ব পৰা নাই কটনৰ ছাত্ৰ সমাজে। জাভেদে ৰাজনৈতিক দলত যোগদান কৰাৰ পাছতে বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ অন্যান্য বিষয়ববীয়াসকলে জাভেদৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰাৰ দাবী জনাইছিল । কটনৰ সংবিধান অনুসৰি কোনো ৰাজনৈতিক দলৰ সদস্য ছাত্ৰ একতা সভাৰ বিষয়ববীয়া নোৱাৰে । কোনো পদত জয়ী হোৱাৰ পাছতো ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰে । যদিহে কোনোবাই জয়ী হোৱাৰ পিছত কোনো ৰাজনৈতিক দলত যোগদান কৰে, তেন্তে তেওঁ সেই পদ হেৰুৱাব লাগিব ।
