কটন বিশ্ববিদ্যালয় আছু গোটৰ “কটন সুৰভি”
ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত আজি “কটন সুৰভি” শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়৷কটনৰ ১২৫ তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে এই বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়৷ প্ৰাক্তন কটনিয়ানৰ লগতে বৰ্তমানৰ কটনিয়ানে একে সোঁৱৰণ কৰিলে কটনৰ অতীত।কটনৰ স্মৃতি বিজৰিত বিভিন্ন ফটোও প্ৰদৰ্শিত হয় অনুষ্ঠানটোত। অনুষ্ঠান পৰিচালনা কৰে কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই।ন- পুৰণি কটনিয়ানৰ অন্তৰংগ আলাপ অনুষ্ঠানত কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰাতুল চন্দ্ৰ ৰাজখোৱা, লেখক তথা সাংবাদিক দিলীপ চন্দন , কটন বিশ্ববিদ্যালয় গণিত বিভাগৰ সহকাৰী অধ্যাপক নৱজিৎ তালুকদাৰ প্ৰমুখ্যে বিভিন্নজনে অনুভৱ ব্যক্ত কৰে।কটনৰ মানিক চন্দ্ৰ বৰুৱা প্ৰশাসনিক ভৱনৰ সন্মুখত ১২৫ গছি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যক্তি তথা কটনিয়ানে।গীত – কবিতা আৰু কথাৰে জীপাল হৈ পৰে কটনৰ বাকৰি। অনুষ্ঠানত ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাস আৰু নলিনীবালা দেৱী ছাত্ৰী নিবাসৰ আবাসীৰ উপৰি কটন বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি নৱজ্যোতি দাস, উপদেষ্টা হিমাংশু কুমাৰ দাস প্ৰমুখ্যে আছু গোটৰ বিষয়ববীয়াৰ উপস্থিত থাকে।কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই উল্লেখ কৰা অনুসৰি কটনৰ ১২৫ তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশ্ববিদ্যালয় আছু গোটে কেবাটাও কাৰ্যসূচী ল’ব এই বিশেষ বৰ্ষত।