কটন বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা– ইণ্ডিয়া মাৰ্চ ফৰ ছায়েন্সৰ উদ্যোগত গুৱাহাটীত কটন বিশ্ববিদ্যালয়ৰ সন্মুখত দিনৰ ১ বজাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। ছাত্ৰ ছাত্ৰী তথা বিজ্ঞান প্ৰেমী ৰাইজে” অন্ধবিশ্বাস, কুসংস্কাৰ বিয়পাই দিয়া নচলিব, পাঠ্যক্ৰমত অবৈজ্ঞানিক বিষয়বস্তু অন্তৰ্ভুক্ত কৰা বন্ধ কৰক , বিজ্ঞানমনস্কতা গঢ়ি তোলক , জিডিপিৰ ৩% বিজ্ঞানৰ গবেষণা শিতানত ব্যয় কৰক, পৰিৱেশ ৰক্ষাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক ” আদি শ্লোগানেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰ। তাত উপস্থিত থাকি বিজ্ঞান আন্দোলনৰ বিশিষ্ট কৰ্মী পিন্টু দেৱনাথে উপৰোক্ত দাবীসমূহক সমৰ্থন কৰি কয় যে সত্য সন্ধান কৰা আৰু জ্ঞানাৰ্জনৰ বাবে বিজ্ঞানৰ ব্যাপক প্ৰচাৰ প্ৰসাৰ হোৱা দৰকাৰ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ মাজত বিজ্ঞান মনস্কতা গঢ়ি তোলা দৰকাৰ। অথচ দেশৰ চৰকাৰে কেৱলমাত্ৰ বিজ্ঞানমনস্কতা গঢ়ি তোলাৰ সলনি কেৱলমাত্ৰ বিজ্ঞানৰ কাৰিকৰী দিশৰ ওপৰত গুৰুত্ব দিছে। সেয়েহে শিক্ষা শিতানত ব্যয় সীমিত ৰখাৰ লগতে বিজ্ঞানৰ গবেষণা শিতানত মাথো ০.৮ % ব্যয়ৰ ব্যৱস্থা কৰিছে। জাতীয় শিক্ষা নীতি -২০২০ ৰ অনুসৰি তথাকথিত ভাৰতীয় জ্ঞান ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ নামত ডাৰউইনৰ বিৰ্বতন তত্ব, মেণ্ডেলিকৰ পিৰিয়ডিক টেবিলক পাঠ্যক্ৰমৰ পৰা বাদ দিয়াৰ লগতে ইতিহাসক বিকৃত কৰা হৈ আছে। সেয়েহে আজি সমগ্ৰ দেশৰ বিজ্ঞানীসকল পৰীক্ষাগাৰৰ পৰা আৰু ছাত্ৰ ছাত্ৰীসকল স্কুল কলেজৰ পৰা ৰাজপথত ওলাই আহিব লগা হৈছে। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি এ আই ডি এছ অ’ৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বল দেৱে কয় যে আজি সমগ্ৰ হাবি জংঘল মুষ্টিমেয় ব্যৱসায়ীৰ লুণ্ঠনৰ বাবে মুকলি কৰি দিয়াৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত জলবায়ুৰ উষ্ণতা বৃদ্ধি সহ বিভিন্ন প্ৰাকৃতিক বিপৰ্যয়ৰ সৃষ্টি হৈ আছে। তেওঁ প্ৰাৰ্কৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে চৰকাৰক উপযুক্ত ব্যৱস্থা ল’বলৈ বাধ্য কৰাৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব বুলি অভিমত ব্যক্ত কৰে। তেওঁ কলকাতা আৰ জি কৰ মেডিকেল কলেজৰ মহিলা ডাক্তৰ গৰাকীক নৃশংস ধৰ্ষণ আৰু হত্যাৰ লোমহৰ্ষক ঘটনাৰ তীব্ৰ নিন্দা জনায় আৰু সমগ্ৰ দেশৰ মেডিকেল কলেজৰ ছাত্ৰ ছাত্ৰী, শিক্ষকসকলে প্ৰতিবাদত সোচ্চাৰ হৈ ৰাজপথত ওলাই আহি দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনোৱাৰ বাবে অভিনন্দন জনায়। উক্ত কাৰ্যসূচীত মহিলা ডাক্তৰৰ স্মৃতিত শোক প্ৰকাশ কৰি এক মিনিট নীৰৱতা পালন কৰা হয়। আনফালে গোৱালপাৰা চাপ্টাৰ আৰু শিলচৰ চাপ্টাৰৰ পক্ষৰ পৰা মাৰ্চ ফৰ চাইন্স ৰ কাৰ্যসূচী পালন কৰা হয়। শিলচৰ চাপ্টাৰৰ পক্ষৰ পৰা মাৰ্চ ফৰ চাইন্সৰ ৰেলিৰ নেতৃত্ব দিয়ে হিল্লোল ভট্টাচাৰ্য আৰু গোৱালপাৰাত নেতৃত্ব দিয়ে মহিবুল ইচলাম৷