কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয়ৰ কালি হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মানিক চন্দ্ৰ বৰুৱা প্ৰশাসনিক ভৱনত ফলাফল ঘোষণা কৰে৷ বিশ্ববিদ্যালয়ৰ মুঠ ১৬ টা পদৰ ৩৩ গৰাকী প্ৰাৰ্থীৰ ইতিমধ্যে তিনি গৰাকী প্ৰাৰ্থী ক্ৰমে জিৰণি কোঠা সম্পাদক পৱিত্ৰ বড়ো,ফুটবল আৰু হকীৰ সম্পাদক দ্বীপ কামান আৰু লঘূ ক্ৰীড়া বিভাগৰ সম্পাদক পদত ধঞ্জিতা ৰামচিয়াৰি (সদৌ অসম ছাত্ৰ সন্থা)বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। আকৌ গণনাৰ অন্তত ১৩ গৰাকী জয়ী প্ৰাৰ্থী ক্ৰমে সভাপতি পদত দ্বীপশেখৰ কলিতা (অসম ছাত্ৰ পৰিষদ সমৰ্থিত),উপ সভাপতি তুজা ব্ৰহ্ম(ছাত্ৰ মুক্তি/বি এল এছ), সাধাৰণ সম্পাদক পদত কীৰ্তিময় কাশ্যপ (সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত), সহকাৰী সম্পাদক ময়ুৰী বৰুৱা,(সদৌ অসম ছাত্ৰ সন্থা), সম্পাদক কটনিয়ান পদৰ বাবে এঞ্জেলিনা দাস (ছাত্ৰ পৰিষদ), গাৰ্ল কমন ৰুম সম্পাদক সাধনা শ্ৰেষ্ঠ ( সদৌ অসম ছাত্ৰ সন্থা), তৰ্ক সম্পাদক দ্বিপম সাহা (সদৌ অসম ছাত্ৰ সন্থা), সমাজ সেৱা বিভাগ সম্পাদক ( সদৌ অসম ছাত্ৰ সন্থা), সংগীত বিভাগ সম্পাদক জ্ঞানদ্বীপ তামূলী(ছাত্ৰ পৰিষদ), সাংস্কৃতিক সম্পাদক ভায়োলিন বড়ো (ছাত্ৰ মুক্তি/বি এল এছ), এথলেটিক্স শাখা সম্পাদক নিবিৰ মহত্ত বৰুৱা(সদৌ অসম ছাত্ৰ সন্থা), ক্ৰিকেট শাখা সম্পাদক বিশাল বৈশ্য (ছাত্ৰ পৰিষদ), টেনিছ শাখা সম্পাদক মৃণ্ময় বড়ো ( ছাত্ৰ পৰিষদ) আৰু কৰ্ট মেম্বাৰ স্বপ্নব ভৰালী ( সদৌ অসম ছাত্ৰ সন্থা)। বিশ্ববিদ্যালয়ৰ মুঠ ভোটাৰ আছিল ৫৫২৯ গৰাকী। ইয়াৰে ২৫২৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভোট প্ৰদান কৰে। কোনো অৰাজকতা নোহোৱাকৈ সুকলমে গণনা আৰু জয়ী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷