কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

Pc Economic Times

কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা-  কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। মুঠ ১৬ টা পদত ৩৩ গৰাকী প্ৰাৰ্থীৰ ইতিমধ্যে তিনি গৰাকী প্ৰাৰ্থী ক্ৰমে জিৰণি কোঠা সম্পাদক পৱিত্ৰ বড়ো,ফুটবল আৰু হকীৰ সম্পাদক দ্বীপ কামান আৰু লঘূ ক্ৰীড়া বিভাগৰ সম্পাদক পদত ধঞ্জিতা ৰামচিয়াৰি বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। আকৌ বৰ্তমান ১৩ টা পদত মুঠ ৩০ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ’ব। সভাপতি পদত দেবাশিষ বৰ্মন( এ বি ভি পি সমৰ্থিত), দ্বীপশেখৰ কলিতা (অসম ছাত্ৰ পৰিষদ সমৰ্থিত),উপ সভাপতি ভাগ্যশ্ৰী বৰা আৰু তুজা ব্ৰহ্ম। সাধাৰণ সম্পাদক পদত বিশাল বিশ্ব ডেকা (অসম ছাত্ৰ পৰিষদ। ), কিৰ্তিময় কাশ্যপ (আছু ), আৰু পাৰ্ভিজ জামান (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ), সহকাৰী সম্পাদক মেৰীয়ন বৰপাত্ৰ গোহাঁই আৰু ময়ুৰী বৰা। সম্পাদক কটনিয়ান পদৰ বাবে এঞ্জেলিনা দাস, দীপাংকৰ শৰণীয়া আৰু মাহিৰা শইকীয়া। মানিক চন্দ্ৰ বৰুৱা প্ৰশাসনিক ভৱনত ৰিটাৰ্নিং বিষয়া ক্ৰমে ডঃ হীৰেন ডেকা আৰু হিতেন চৌধুৰীৰ উপস্থিতিত ভোট গ্ৰহণ অনুষ্ঠিত হয়। লতিকা দাস নামৰ এগৰাকী অন্ধ ছাত্ৰীক আই কাৰ্ড তথা ভোটাৰ লিষ্টত নাম নথকা বাবে ভোট প্ৰদান কৰিবলৈ দিয়া নাছিল আৰু তেওঁলোকে বেলত বাকচ ছিল মোহৰ মাৰি দিয়াৰ পিছত বহু সময় ধৰি অলপ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু বহু সময়ৰ অন্তত আটাই কেইজন প্ৰাৰ্থীৰ স্বাক্ষৰ লৈ এটি বন্ধ খামত ছাত্ৰী গৰাকীৰ ভোট গ্ৰহণ কৰে। পিছত ৪:৪৫ বজাত সকলো প্ৰাৰ্থী তথা পানবজাৰ আৰক্ষী থানাৰ পৰিদৰ্শক ইন্দুমনি গগৈৰ উপস্থিতিত বেলট বাকচত চিল মোহৰ মাৰি মানিক চন্দ্ৰ বৰুৱা প্ৰশাসনিক ভৱনৰ (৩০৫ নং কোঠা) ষ্ট্ৰং ৰুমত তলা লগায় দিয়ে। বিশ্ববিদ্যালয়ত মুঠ ভোটাৰ আছিল ৫৫২৯ গৰাকী। ইয়াৰে ২৫২৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভোট প্ৰদান কৰে।কাইলৈ দিনৰ ১০:০০ বজাত গণনা কৰি দিনৰ ১:০০ বজাত ফলাফল অৰ্থাৎ জয়ী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ (জালুকবাৰী) স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন অহা ১৩ অক্টোবৰত দিনৰ ১০:০০ বজাৰ পৰা মুঠ ১৮ টা পদত ৪৫ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।