কটন বিশ্ববিদ্যালয়ত হোষ্টেলৰ সুৰক্ষাকৰ্মীক বেয়াকৈ প্ৰহাৰ দুজন ছাত্ৰৰ

কটন বিশ্ববিদ্যালয়ত হোষ্টেলৰ সুৰক্ষাকৰ্মীক বেয়াকৈ প্ৰহাৰ দুজন ছাত্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ কটন বিশ্ববিদ্যালয়ত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। এইবাৰ হোষ্টেলৰ সুৰক্ষাকৰ্মীক বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে দুজন ছাত্ৰৰ বিৰুদ্ধে। সুৰাপান কৰিবলৈ নিদিয়াৰ বাবেই সুৰক্ষাকৰ্মী পূৰ্বজ্যোতি কলিতাক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ উত্থাপন হৈছে সীতানাথ ব্ৰহ্মচৌধুৰী হোষ্টেলৰ খঞ্জন গোহাঁই আৰু আন এজন যুৱকৰ বিৰুদ্ধে।খবৰ অনুসৰি, বুধবাৰে নিশা নিৰাপত্তাৰ দায়িত্বত আছিল সুৰক্ষাকৰ্মী পূৰ্বজ্যোতি কলিতা। সুৰক্ষাকৰ্মীজনৰ সন্মুখতেই সুৰাপান কৰিবলৈ লৈছিল অভিযুক্ত খঞ্জন গোঁহাই নামৰ ছাত্ৰজনে। সুৰক্ষাকৰ্মীজনে সেই কাৰ্যক বাধা দিবলৈ যাওঁতেই বেয়াকৈ প্ৰহাৰ কৰে খঞ্জন গোহাঁইয়ে।  ইতিমধ্যে পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সুৰক্ষাকৰ্মীজনে।উল্লেখযোগ্য যে সঞ্জন গোহাঁইৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত আছে পূৰ্বৰ একাধিক গোচৰ।