কটন বিশ্ববিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী

কটন বিশ্ববিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী
কটনৰ ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৮ ছেপ্টেম্বৰত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ অপহৰণ কৰি মাৰপিট কৰা এটি ঘটনা সংগঠিত হোৱা বুলি বাতৰি ওলাইছিল। আচলতে এছ এন বি চি ছাত্ৰাবাসৰ এজন ছাত্ৰ দ্বীপ শেষৰ কলিতা এইবাৰ বিশ্ববিদ্যালয় একতা সভাৰ উপ সভাপতি পদত প্ৰতিদ্বন্দিতা কৰাৰ কথা। আনহাতে একেটা পদতে অভিযোগ কাৰী এ বি বি পীৰ সমৰ্থিত দেবাশীষ বৰ্মনেও প্ৰতিদ্বন্দিতা কৰিব বিচাৰি উক্ত ছাত্ৰ গৰাকীক উপ সভাপতি পদত প্ৰতিদ্বন্দিতা নকৰিবৰ বাবে ধমকি দি আহিছিল। যোৱা ৮ ছেপ্টেম্বৰত ছাত্ৰাবাসৰ ওচৰত দ্বীপ শেষৰ কলিতা সহ কেইজন মান ছাত্ৰ ক্ৰমে এছ এন বি চি ছাত্ৰাবাসৰ আকাশ দ্বীপ কলিতা, সাৰাঙ্গপানি বড়ো, অষ্টিন নাৰ্জাৰি,তাপস গোস্বামী, কেশৱ মণ্ডল, আকৌ ছাত্ৰাবাসৰ বাহিৰৰ পাৰ্ভিছ আলী, কোস্তভ মনি শইকীয়া, কৈলাশ দলে আৰু কৌশিক বৰ্মনে দেবাশীষ বৰ্মনক আগভেটি ধৰি ছাত্ৰাবাসলৈ নি কিছু ঠেলা গতিয়া, মাৰধৰ কৰে বুলি জানিব পৰা যায়। দেবাশীষ বৰ্মন যদিও কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তেওঁ বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰাবাসৰ ছাত্ৰ নহয়। এই ঘটনা ঘটি যোৱাৰ পিছতে উক্ত ছাত্ৰ গৰাকীয়ে পানবজাৰ থানাত উক্ত ছাত্ৰ সকলৰ বিৰুদ্ধে ৯ ছেপ্টেম্বৰত 286/25, u/s- 115 (II)/127(II)/351(II)/3V(BNS) নম্বৰত এটি গোচৰ ৰুজু কৰাৰ বাবে এজাহাৰ দাখিল কৰে।উল্লেখ থাকে যে গোচৰ ৰুজু হোৱাৰ পিছত যোৱা নিশা প্ৰায় ১০:০০ বজা মানত পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু এ চি পিয়ে এটি আৰক্ষীৰ দল লগত লৈ ছাত্ৰাবাসত প্ৰৱেশ কৰি ছাত্ৰ বোৰক দুৰ্ব্যবহাৰ কৰা বুলি অভিযোগ কৰি আজি আকৌ এছ এন বি চি ছাত্ৰাবাসৰ ছাত্ৰ ত্ৰিনয়ন বৰুৱা(অসম ছাত্ৰ পৰিষদৰ সভাপতি), লোহিত প্ৰতীম।দাস, বৰ্ণব বৰুৱা,বিশাল বিশ্ব ডেকা, নয়ন জ্যোতি লুঙিন, ৰাখাল কৃষ্ণ দাসকে আদি কৰি প্ৰায় ৫০ গৰাকী মান ছাত্ৰ ছাত্ৰীয়ে অসম পুলিচ হুচিয়াৰ অসম পুলিচ হায় হায়, এ বি ভি পি হুছিয়াৰ, এ বি ভি পিৰ দাদাগিৰি কটনত নছলিব আদি শ্লোগান দি বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত এপাক ঘূৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি প্ৰশাসনিক ভৱনত ৰেজিষ্টাৰৰ কোঠাত প্ৰৱেশ কৰে যদিও তেওঁ নথকা হেতু ভি চি ডঃ ৰমেশ চন্দ্ৰ ডেকাক সাক্ষাৎ কৰে। আলোচনাৰ অন্তত: যি কেইজন ছাত্ৰৰ বিপৰীতে গোচৰ ৰুজু হৈছে তেওঁলোকক পুলিচ নতিচত থাকিব বুলি জনায় আৰু দুয়োটা দলক মিলায় দিয়াৰ চেষ্টা কৰিব বুলি তেওঁলোকক আশ্বাস দিয়ে। আনহাতে, আগন্তুক দিনত ভি চি চাৰ বা অথৰিটিৰ অনুমতি নোহোৱাকৈ পুলিচে কটন বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱিশ কৰিব নোৱাৰিব বুলি তেওঁলোকক আশ্বাস দিয়ে।