কটন বিশ্ববিদ্যালয়ত উদযাপন কৰা হয় সমন্বয়ৰ সংগীত শীৰ্ষক সাংগীতিক অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত ‘সমন্বয়ৰ সংগীত’ শীৰ্ষক এখনি সাংগীতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটো নোবেল আৰ্ট ডকুমেণ্টেচন এণ্ড ডেভলপমেণ্ট ফাউণ্ডেছনৰ উদ্যোগত, নেচনেল ফাউণ্ডেছন ফ’ৰ কমিউনেল হাৰমনি আৰু কটন বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক পণ্ডিত ৰণু মজুমদাৰ আৰু বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছাৰ ৰমেশ চন্দ্ৰ ডেকা, প্ৰতি উপাচাৰ্য অধ্যাপক গণেশ চন্দ্ৰ ৱাৰী আৰু পঞ্জীয়ক ড° অৰিন্দম গাৰ্গ। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ ৰমেশ চন্দ্ৰ ডেকাই অনুষ্ঠানটোৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে। এনেকুৱা সাংগীতিক অনুষ্ঠান এটাত অসমৰ নৱ নিযুক্তি ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যগৰাকীক আদৰণি জনাবলৈ পোৱাৰ বাবে উপাচাৰ্য প্ৰফেছাৰ ডেকাই সুখ প্ৰকাশ কৰে ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কয় যে, সংগীত মানৱ জগতলৈ ঈশ্বৰৰ এক অনুপম বৰদান আৰু ই আমাৰ সংস্কৃতিৰ এক অভিন্ন অংগ। আমাৰ দেশৰ স্বাধীনতা আন্দোলনতো সংগীতে বিশেষ ভূমিকা পালন কৰিছিল। ‘বন্দে মাতৰম’, ‘ৰঙ দে বাসন্তী’ ৰ দৰে গীতে মানুহৰ মাজত ৰাষ্ট্ৰীয়বাদৰ ভাৱ প্ৰদান কৰিছিল। ভাষণ প্ৰসংগত ৰাজ্যপাল গৰাকীয়ে ড° ভূপেন হাজৰিকাদেৱক সোঁৱৰি দেশৰ মহান সংগীতজ্ঞ সকলে সদভাৱ আৰু একতাৰ যি বাৰ্তা দি গৈছে তাৰ কথা উল্লেখ কৰে। পণ্ডিত ৰণু মজুমদাৰৰ বাঁহী বাদনেৰে অনুষ্ঠানটো সুৰময় হৈ পৰে। বাঁহী বাদনত পণ্ডিত মজুমদাৰক তবলাত সংগ প্ৰদান কৰে বিশিষ্ট তবলা বাদক শ্ৰী দূৰ্জয় ভৌমিকে। MUSIC FOR HARMONY অথবা সমন্বয়ৰ সংগীত অনুষ্ঠানটো নোবেল আৰ্ট ডকুমেণ্টেচন এণ্ড ডেভলপমেণ্ট ফাউণ্ডেছনৰ দ্বাৰা গোটেই ৰাষ্ট্ৰ যুৰি আয়োজন কৰা এক বাৰ্ষিক অনুষ্ঠান। সংগীতৰ জড়িয়তে সমাজত শান্তি আৰু সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাটোৱেই এই অনুষ্ঠানটোৰ মূল লক্ষ্য।
