কটন কলেজৰ অৱসৰী অধ্যাপক ডিব্ৰুগড়ৰ চাজিদা বেগমৰ মৃত্যু

কটন কলেজৰ অৱসৰী অধ্যাপক ডিব্ৰুগড়ৰ চাজিদা বেগমৰ মৃত্যু: শোকৰ ছাঁ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ কনভয় ৰোড নিবাসী, আলহাজিন চাজিদা বেগমৰ যোৱা নিশা বাৰ্ধক্য জনিত কাৰণত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৪৬ চনত শ্বিলঙত জন্ম গ্ৰহণ কৰা চাজিদা বেগমে শ্বিলঙৰ ছেইণ্ট মেৰিজ বিদ্যালয়ৰ পৰা স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত কটন মহাবিদ্যালয়ত চাকৰি সূত্ৰে যোগদান কৰি সেইখন মহাবিদ্যালয়ৰ পৰা ২০০৩ চনত ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে। ২০০৬ চনত তেখেতে হজব্ৰত সমাপন কৰে।এগৰাকী অতি নম্ৰ, ভদ্ৰ আৰু ধৰ্মপ্ৰাণা মহিলা হিচাপে জনাজাত চাজিদা বেগমৰ স্বামী আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ আবুল খায়েৰ খাদিমুল ইছলাম। তেখেতে ইহসংসাৰত জোঁৱাই বিশিষ্ট চিকিৎসক ডা০ ইণ্টিকাবুৰ ৰহমান আৰু পুত্ৰ ইউছুফ আহমেদ বৰ্তমান পদ্ধতিবিদ্যাৰ প্ৰধান আৰু সঞ্চালক তথা, প্ৰাথমিক গৱেষণা বিভাগৰ বহুজাতিক গৱেষণাৰ পৰামৰ্শ প্ৰতিষ্ঠানৰ কৰ্মৰত, একমাত্ৰ কন্যা ডা০ আফিফা ইচলাম বৰ্তমানে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্ম্মৰত শিশুৰোগ বিশেষজ্ঞ আৰু একমাত্ৰ নাতি নৱাব মুকৰিল জাহিদক লগতে আত্মীয়সহ অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি যায়। তেখেতৰ মৃত্যুত অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডা০ নিৰ্মল চাহেৱালা, ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজ, ডিব্ৰুগড় ন-মছজিদ কমিটিৰ সভাপতি আৰু সম্পাদক আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।আজি অনেক গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ জানাজা স্থানীয় নালিয়াপুল কবৰ স্থানত সম্পন্ন কৰা হয়।