কচুৱাত আমচুৰ সম্বৰ্ধনা আৰু শিক্ষামূলক সজাগতা সভা অনুষ্ঠান
খাইৰুল ইছলাম,কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা- আজি কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত দিনৰ ১১ বজাত আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত, কচুৱা,লংজাপ আৰু চানখোলা আঞ্চলিক সমিতিৰ সহযোগত ২০২১-২২ বৰ্ষৰ অসম উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বৃহত্তৰ কচুৱা এলেকাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে সম্বৰ্ধনা আৰু শিক্ষামূলক সজাগতা সভা অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ সভাত প্ৰায় ২৫০ জন ছাত্ৰ- ছাত্ৰীক অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ উক্ত সভাত অতিথি হিচাপে আমছুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম ,কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত জয়ন্ত গোস্বামী ডাঙৰীয়া, কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমান, আমছুৰ সহঃ সাধাৰণ সম্পাদকদ্বয় আব্দুল ৰহিম,ওৱাহিদুৰ ৰহমান , কামপুৰ আঞ্চলিক কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰনব শইকীয়া , আমছুৰ নগাঁও জিলা সমিতিৰ প্ৰাক্তন উপদেষ্টা তথা CRCC মতিউৰ ৰহমান ,প্ৰাক্তন উপদেষ্টা ছফিকুল ইছলাম ,কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত মুন্না পাচনি , আমছুৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে বিভিন্ন শিক্ষা অনুষ্ঠানৰ অধ্যক্ষ সকল। অনুষ্ঠানত আমছু সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে বৰ্তমান সাংখালঘু সমাজত বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ৰোধ কৰাৰ ওপৰত আলোচনা কৰে ৷আমছুৰ “ ঘৰে ঘৰে শিক্ষা,তেতিয়াহে ৰক্ষা” অভিযানটি আগুৱাই লৈ যাবলৈ সকলো পৰ্যায়ৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে৷