কচুতলী উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ৰ

কচুতলী উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সোণাপুৰৰ কচুতলী উচ্ছেদত স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। ৰাজ্য চৰকাৰলৈ জাননীও প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি সোণাপুৰৰ কচুতলীত উচ্ছেদ অভিযান চলোৱাৰ বাবেই অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী প্ৰেৰণ কৰা হৈছে।৩ সপ্তাহত অসম অসম চৰকাৰে স্পষ্ট কৰিব লাগিব স্থিতি। ন্যায়ালয়ে অসম চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব, কামৰূপ মহানগৰৰ আয়ুক্ত, আৰক্ষী আয়ুক্ত, সোণাপুৰ চক্ৰ বিষয়া আৰু সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।তাৰোপৰি শীঘ্ৰেই এই অভিযান বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।   কচুতলীৰ লোকসকলক এতিয়াই সেই স্থানৰ পৰা উচ্ছেদ কৰিব নোৱাৰিব বুলিও ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰি। অসম চৰকাৰে অহা ৩ সপ্তাহৰ ভিতৰত আদালত অৱমাননাৰ জাননীৰ উত্তৰ দিব লাগিব। উল্লেখ্য যে উচ্ছেদক কেন্দ্ৰ কৰি ১২ ছেপ্টেম্বৰত ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চল। সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। তাৰ পাছত প্ৰশাসনে উচ্ছেদ সাময়িকভাৱে স্থগিত ৰাখি ১৩ ছেপ্টেম্বৰত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ ট্ৰাইবেল বেল্ট আৰু ব্লক এলেকাত অবৈধভাৱে বসবাস কৰি থকা লোকক তিনিদিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জাননী জাৰি কৰিছিল। ১২ ছেপ্টেম্বৰ প্ৰশাসনে কচুতলীত চলাইছিল উচ্ছেদ অভিযান। সেই সময়তে আৰক্ষী আৰু অবৈধ দখলকাৰীৰ মাজত হৈছিল সংঘাত। আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল একাংশ বেদখলকাৰীয়ে। হাতে হাতে দা-যাঁঠি লৈ ওলাই আহিছিল বেদখলকাৰী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল। আৰক্ষীৰ গুলীত দুজন বেদখলকাৰীৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত এই উচ্ছেদিত লোকসকল ন্যায়ালয়ৰো কাষ চাপিছে। উচ্চতম ন্যায়ালয়ত উঠা অবৈধ বুলডোজাৰৰ অভিযানৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি যোৱা ১৭ ছেপ্টেম্বৰতেই ন্যায়ালয়ে নিৰ্দেশ দিছিল যে দেশৰ কোনো ৰাজ্য, কেন্দ্ৰীয় শাসিচ অঞ্চলত বুলডোজাৰ চলাব নোৱাৰিব প্ৰশাসন তথা চৰকাৰে। অৱশ্যে ন্যায়ালয়ে নিৰ্দেশনাটোত এই কথাও কৈছিল যে, ৰে’ল লাইন, পথ আপু অন্যান্য চৰকাৰী ভূমিত বোৱা অবৈধ বেদখল উচ্ছেদ কৰিব পাৰিব চৰকাৰে। ইয়াৰ বাবে কোনো অনুমতিৰো প্ৰয়োজন নহ’ব। অসম চৰকাৰে ন্যায়ালয়ক সোণাপুৰৰ কচুতলী অঞ্চলত হোৱা অবৈধ বেদখল আৰু নিৰ্মাণৰ কথাও উল্লেখ কৰিছিল। ন্যায়ালয়ৰ সেই নিৰ্দেশনাৰ পাছতো অসম চৰকাৰে পুনৰ কচুতলীত আৰম্ভ কৰিছিল উচ্ছেদ অভিযান। ফলত ৪৭ উচ্ছেদিত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। তেওঁলোকে ন্যায়ালয়ত অভিযোগ কৰি কয় যে, ন্যায়ালয়ে বুলডোজাৰ অভিযান বন্ধ ৰাখিবলৈ দিয়া নিৰ্দেশৰ পাছতো অসম চৰকাৰে কিদৰে উচ্ছেদ চলাইছে? এনে অভিযোগ উত্থাপনৰ পাছতে ন্যায়ালয়ে অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী জাৰি কৰিছে।ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়তো কচুতলীৰ একাংশ উচ্ছেদিত ৰাইজে তেওঁলোকৰ উচ্ছেদৰ বিৰুদ্ধে গোচৰ তৰিছে।